ETV Bharat / state

অসম ধান গৱেষণা প্ৰতিষ্ঠানৰ শতবৰ্ষ: আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন

author img

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 6:04 PM IST

অসম ধান গৱেষণা প্ৰতিষ্ঠানৰ শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান । চাৰিদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন । অংশগ্ৰহণ কৰিব বিশ্বৰ পাঁচ শতাধিক কৃষি বিজ্ঞানীয়ে ।

Assam agricultural university
আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন

আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন

যোৰহাট, 20 নৱেম্বৰ : অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত তিতাবৰস্থিত অসম ধান গৱেষণা প্ৰতিষ্ঠানে ইয়াৰ প্ৰতিষ্ঠাৰ গৌৰৱোজ্জল শতবৰ্ষত উপনীত হৈছে । ১৯২৪ চনৰ ২৬ নৱেম্বৰত প্ৰতিষ্ঠা হোৱা বিশ্বৰ ভিতৰতে অন্যতম পুৰণি এই ধান গৱেষণা প্ৰতিষ্ঠানটোৱে ইয়াৰ শতবাৰ্ষিকী উপলক্ষে বছৰজোৰা কাৰ্যসূচী গ্ৰহণ কৰিছে ।

এই কাৰ্যসূচীৰ অংশ হিচাপে ২২-২৪ নৱেম্বৰলৈ "খাদ্য সুৰক্ষা আৰু পৰিৱেশ বহনক্ষমতাৰ বাবে পৰৱৰ্তী প্ৰজন্মৰ প্ৰস্তুতি" শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হৈছে । অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটস্থিত মূল চৌহদত অনুষ্ঠিত হ’বলগীয়া এই সন্মিলনত ৪ দিনত ১৩ টা সত্ৰত ধান খেতিৰ গৱেষণা, অৰ্থনীতি, বাণিজ্যিক সম্ভাৱনীয়তা, শেহতীয়া তথ্য প্ৰযুক্তিৰ প্ৰয়োগ, স্মাৰ্ট কৃষি, পৰিপুষ্টি সুৰক্ষা, জৈৱিক আৰু প্ৰাকৃতিক কৃষি, কীটনাশক তথা কীট পতংগ ব্যৱস্থাপনা, জৈৱসুৰক্ষা তথা শস্য সুৰক্ষা, জলবায়ু পৰিৱৰ্তিত কৃষি ব্যৱস্থা, আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানৰ গৱেষণাৰ ওপৰত আলোকপাত কৰা হ’ব । দেশ বিদেশৰ পাঁচ শতাধিক প্ৰসিদ্ধ কৃষি বিজ্ঞানীয়ে এই সন্মিলনত অংশগ্ৰহণ কৰিব । সন্মিলনৰ লগত সংগতি ৰাখি ধান গৱেষণা সম্পৰ্কীয় এখন বিশেষ প্ৰদৰ্শনীও অনুষ্ঠিত হ'ব ।

২২ নৱেম্বৰত বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া শুভাৰম্ভণি অনুষ্ঠানত অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব । অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুৎ চন্দন ডেকাই আদৰণি ভাষণ প্ৰদান কৰিবলগীয়া এই অনুষ্ঠানত বাংলাদেশ ধান গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক প্ৰধান ড৹ মহম্মদ ছাহজাহান কবিৰ, নৰৱেৰ আন্তঃৰাষ্ট্ৰীয় উন্নয়ন কেন্দ্ৰৰ সঞ্চালক ড৹ উদয় শেখৰ নাগাঠু, অৰ্ধশুষ্ক ক্ৰান্তীয় অঞ্চলৰ বাবে আন্তঃৰাষ্ট্ৰীয় শস্য গৱেষণা প্ৰতিষ্ঠানৰ উপ সঞ্চালক প্ৰধান ড৹ অৰবিন্দ কুমাৰ, ভাৰত চৰকাৰৰ উদ্ভিদৰ জাত সুৰক্ষা আৰু কৃষকৰ অধিকাৰ আইনৰ চেয়াৰমেন ত্ৰিলোচন মহাপাত্ৰ, ফিলিপাইনছৰ আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক প্ৰধান ড৹ অজয় কহলি, নতুন দিল্লীস্থিত নৰৱে’ এম্বেছীৰ জলবায়ু আৰু পৰিৱেশ কাউন্সিলৰ বিটে লাংগছেট উপস্থিত থাকিব ।

উদ্বোধনী অনুষ্ঠানতে তিতাবৰস্থিত ধান গৱেষণা প্ৰতিষ্ঠান চৌহদত নিৰ্মাণ কৰা সংগ্ৰহালয় তথা প্ৰশিক্ষণ কেন্দ্ৰ, বীজ প্ৰক্ৰিয়াকৰণ গোট ভাৰ্চুৱেলি মুকলি কৰা হ'ব । এই অনুষ্ঠানতে সন্মিলন উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থৰ লগতে ধানখেতি বিষয়ক কেবাখনো গ্ৰন্থও উন্মোচন কৰা হ'ব ।

লগতে পঢ়ক : Assam Agricultural University:অসম কৃষি বিশ্ববিদ্যালয়ৰ সৈতে ধানুকা এগ্ৰিটেক লিমিটেডৰ বুজাবুজি চুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.