ETV Bharat / state

বাণিজ্য শাখাত পঞ্চম স্থান দখলৰে উজলিল অংকুৰ জ্যোতি ভূঞা

author img

By

Published : Jun 26, 2020, 8:10 PM IST

সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাত অসমৰ ভিতৰতে পঞ্চম স্থান লাভ কৰি টীয়ক দ-গুৱাল গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে অংকুৰ জ্যোতি ভূঞাই । ভৱিষ্যতে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হোৱাৰ সপোন পুহি ৰখা অংকুৰ জ্যোতিয়ে নিতৌ ছয়ৰ পৰা আঠ ঘন্টাকৈ পঢ়িছিল ।

Ankur jyoti bhuya: 5th position in Commerce strem

টীয়ক, ২৬ জুন : বৃহস্পতিবাৰে ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল । সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাত অসমৰ ভিতৰতে পঞ্চম স্থান লাভ কৰি টীয়ক দ-গুৱাল গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে অংকুৰ জ্যোতি ভূঞাই ।

অংকুৰৰ পিতৃ ৰাজেন ভূঞা পেচাত এগৰাকী ক্ষুদ্ৰ ব্ৰয়লাৰ মুৰ্গীৰ পালক । টীয়ক গুৱাল গাঁৱৰ নিজা বাসগৃহৰ চৌহদত সীমিত পৰিসৰত গঢ়ি তোলা এই ফাৰ্মখনেই পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনৰ পথ । মাতৃ বন্তি ভূঞা এগৰাকী সাধাৰণ গৃহিনী । প্ৰধানমন্ত্ৰী চৰকাৰী আৱাস যোজনাৰ গৃহ লাভ কৰি পেটে-ভাটে খাই থকা এই পৰিয়ালটোৰ তিনি সন্তানৰ কনিষ্ঠ অংকুৰ জ্যোতি ভূঞা।

উল্লেখযোগ্য যে, সুদীৰ্ঘ দিনৰ বিৰতিৰ অন্তত উজনি অসমৰ অগ্ৰণী উচ্চ শিক্ষাৰ অনুষ্ঠান যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা পঞ্চম স্থান দখলেৰে অংকুৰ জ্যোতিয়ে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে । অংকুৰ জ্যোতিয়ে অসমীয়াত ৯৩, ইংৰাজী ৮৪, হিচাপ বিদ্যাত ৯৫, ব্যৱসায় অধ্যয়নত ৯৫, বাণিজ্যিক গণিত আৰু পৰিসংখ্যাত ৯৩ আৰু অৰ্থনীতিত ৫২ নম্বৰ সহ মুঠ ৪৬০ নম্বৰ পাবলৈ সক্ষম হৈছে ।

Ankur jyoti bhuya: 5th position in Commerce strem
বাণিজ্য শাখাত পঞ্চম স্থান দখলৰে টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে অঙ্কুৰ জ্যোতি ভূঞাই

ভৱিষ্যতে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হোৱাৰ সপোন পুহি ৰখা অংকুৰ জ্যোতিয়ে নিতৌ ছয়ৰ পৰা আঠ ঘন্টাকৈ পঢ়িছিল ।

উল্লেখযোগ্য যে, হাইস্কুল শিক্ষান্ত পৰীক্ষাত দহটা স্থানৰ ভিতৰত স্থান পাবলৈ কেইটামান নম্বৰৰ বাবে বঞ্চিত হৈছিল ছাত্ৰ গৰাকীয়ে । অংকুৰ জ্যোতিয়ে পঢ়াৰ সমান্তৰালকৈ মহাপুৰুষ জনাৰ অনবদ্য সৃষ্টি খোল বাদ্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰি ইতিমধ্যে এগৰাকী নিপুন শিল্পী হিচাপে অঞ্চলটোত পৰিচিত হৈ পৰিছে । পুত্ৰৰ সফলতাৰ সমষ্ট কীৰ্তিত্ব মাতৃৰ বুলি কৈ পিতৃ ৰাজেন ভূঞাই কয় সীমিত পৰিসৰত গঢ়ি তোলা ব্ৰয়লাৰ ফাৰ্মখনেই উপাৰ্জনৰ একমাত্ৰ পথ । মাতৃ বন্তি ভূঞাই নিজ সন্তানক সমাজত ভাল মানুহ হিচাপে জীয়াই থকাৰ শিক্ষা দিয়ে প্ৰতিদিনে।

ইপিনে, অংকুৰে তেওঁ এই সফলতাত তেওঁক বিগত সময়ত সহায় কৰা প্ৰতিগৰাকী নমস্য ব্যক্তিলৈ কৃতজ্ঞতা জনোৱাৰ লগতে পঢ়াৰ সমান্তৰালকৈ নৱপ্ৰজন্মক নিজ নিজ ৰুচি চৰ্চা কৰাৰ লগতে মহাপুৰুষ দুজনাৰ অমৰ সৃষ্টি ৰাজিক সৰ্বত্ৰে চৰ্চা কৰি অসমৰ চহকী সংস্কৃতি ধৰি ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিবলৈ আহ্বান জনাইছে।

লগতে পঢ়ক : বিদ্যুত সংযোগবিহীন গ্ৰাহকলৈ হাজাৰটকীয়া বিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.