ETV Bharat / state

Sexual Assault Case: ONGC ৰ উচ্চ পদস্থ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

author img

By

Published : Feb 5, 2023, 8:44 AM IST

Allegations of sexual assault
ONGCৰ উচ্চ পদস্থ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

কৰ্মপ্ৰতিষ্ঠানত কিমান সুৰক্ষিত এগৰাকী যুৱতী ? এই প্ৰশ্ন সততে উত্থাপন হৈ আহিছে ৷ এইবাৰ যোৰহাটৰ চিনামৰাত ONGC ৰ প্ৰশিক্ষণৰত এগৰাকী অসমৰ যুৱতীক চি জি এম পি মাথুৰ নামৰ এগৰাকী বিষয়াই (ONGC CGM P Mathur) যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷

গুৱাহাটী, ৫ ফেব্ৰুৱাৰী: ভাৰতৰ অন্যতম বৃহৎ তৈল অন্বেষণ প্ৰতিষ্ঠান অ’ এন জি চিৰ উচ্চ পদস্থ বিষয়াই যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে (Sexual Assault Case in Jorhat) ৷ যোৰহাটৰ চিনামৰাত ONGC ৰ প্ৰশিক্ষণৰত এগৰাকী অসমৰ যুৱতীক চি জি এম পি মাথুৰে (CGM P Mathur) যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

জানিৰ পৰামতে, ভুক্তভোগী যুৱতীগৰাকী অ' এন জি চিৰ মেটেৰিয়েল মেনেজমেণ্ট শাখাত প্ৰশিক্ষণৰত আছিল ৷ আজিৰ পৰা তিনিদিনৰ পূৰ্বে যুৱতীগৰাকীয়ে কাৰ্যালয়টোৰ মানৱ সম্পদ শাখাত এই সন্দৰ্ভত লিখিত অভিযোগ দাখিল কৰিছিল (ONGC CGM accused sexual harassments with employee) ৷

কিন্তু ইয়াৰ পিচতো এতিয়ালৈ মানৱ সম্পদ শাখাই অভিযুক্ত চি জি এম মাথুৰৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ ইফালে মানৱ সম্পদ শাখাটো চি জি এম মাথুৰৰ অধীনত হোৱাৰ বাবেই ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী যুৱতীগৰাকীয়ে (ONGC officials accused of Sexual Assault) ৷

এই ঘটনাৰ পিচতে মানসিকভাৱে ভাগি পৰিছে যুৱতীগৰাকী ৷ ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত নৱনিযুক্ত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙকো (DGP GP Singh) ই-মেইলৰ জৰিয়তে অৱগত কৰিছে যুৱতীগৰাকীৰ লগতে তেওঁৰ সৈতে একেলগে প্ৰশিক্ষণৰত কৰ্মচাৰীসকলে ৷ ইয়াৰোপৰি অ' এন জি চিৰ শীৰ্ষ বিষয়ালৈ প্ৰেৰণ কৰা হৈছে এই অভিযোগ ৷ অসমৰ মুখ্যমন্ত্ৰীকো ই-মেইলৰ জৰিয়তে অৱগত কৰা হৈছে সমগ্ৰ বিষয়টো (Allegations of sexual assault) ৷

এই ঘটনাৰ ন্যায় বিচাৰি সদৌ অসম ছাত্ৰ সন্থাকো (All Assam students union) যুৱতীগৰাকীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত অৱগত কৰিছে ৷ অনাগত দিনত বিষয়াজনে যাতে কাৰো লগতে এনে ঘটনা সংঘটিত কৰি নোৱাৰে তাৰবাবে যিকোনো প্ৰকাৰে অভিযুক্ত মাথুৰক শাস্তি বিহিবলৈ দাবী উত্থাপন কৰে যুৱতীগৰাকীয়ে ৷ ইফালে অভিযুক্ত মাথুৰে এই ঘটনা পোহৰলৈ অহাৰ পিচতে বদলি বিচাৰি উপৰোক্ত বিষয়াৰ সৈতে মিলিত হোৱাৰ খবৰো পোৱা গৈছে ৷

উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰতিষ্ঠানৰ লগতে কৰ্মক্ষেত্ৰত যুৱতীসকলে এনে পৰিস্থিতিৰ মুখামুখি হৈ আহিছে ৷ কিছু লোকে ইয়াৰ বিৰুদ্ধে মাত মাতে যদিও কিছু লোকে সন্মান তথা চাকৰিৰ ভয়ত মনে মনে থকা দেখা যায় ৷

লগতে পঢ়ক: Corruption in road construction : ৰঙিয়াত সাংসদ পুঁজি ব্যৱহাৰত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.