ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মাৰ দিনত কা আন্দোলন হোৱা হ'লে আমাক এনকাউন্টাৰ কৰিলে হেতেন: অখিল গগৈ

author img

By

Published : Apr 25, 2022, 6:45 PM IST

এতিয়াও অন্ত পৰা নাই কা আন্দোলনৰ বিচাৰ (CAA protest in Assam)। সোমবাৰে এই সংক্ৰান্তত যোৰহাটত উপস্থিত বিধায়ক অখিল গগৈ । ৩২ টা গোচৰত অভিযুক্ত অখিল গগৈ শুনানিৰ বাবে সোমবাৰে উপস্থিত হয় আদালতত(Akhil Gogoi present in Jorhat court for hearing) । আদালতৰ পৰা ওলায়েই অখিল গগৈৰ বিস্ফোৰণ ।

akhil gogoi at court for hearing
হিমন্ত বিশ্ব শৰ্মাৰ দিনত কা আন্দোলন হোৱা হ'লে আমাক এনকাউন্টাৰ কৰিলে হেতেন: অখিল গগৈ

যোৰহাট, ২৫ এপ্ৰিল: সোমবাৰে কা আন্দোলনৰ এক গোচৰৰ শুনানিৰ বাবে যোৰহাটত উপস্থিত হয় বিধায়ক অখিল গগৈ (Akhil Gogoi present in Jorhat cour for hearing) । অখিল গগৈৰ বিৰুদ্ধে ৰুজু হৈ থকা ৩২ টা গোচৰৰ ভিতৰত যোৰহাট আৰক্ষীয়ে ৰুজু কৰা গোচৰটো আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে অখিল গগৈয়ে । আনহাতে আদালতৰ কক্ষৰ পৰা ওলাই আহি বিস্ফোৰক মন্তব্য বিধায়ক অখিল গগৈৰ ।

বিধায়কগৰাকীয়ে কয় যে, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত গ্ৰেপ্তাৰ হোৱা হ'লে এনকাউন্টাৰ কৰা হ'ল হেতেন অখিল গগৈক । লগতে উল্লেখ কৰে যে বিজেপি চৰকাৰ দিনত কৰ্ট-কাছাৰীৰ প্ৰয়োজন নাই । বৰ্তমান চৰকাৰৰ দিনত মূল্য বৃদ্ধিৰ বিৰুদ্ধে মাত মাতিলেও জেললৈ পঠায় । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি গগৈয়ে কয়, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী, গৃহ মন্ত্ৰী, ডিজিপি সকলো ।

হিমন্ত বিশ্ব শৰ্মাৰ দিনত কা আন্দোলন হোৱা হ'লে আমাক এনকাউন্টাৰ কৰিলে হেতেন: অখিল গগৈ

আনহাতে বিধায়ক অখিল গগৈয়ে পুনৰ কা বিৰোধী আন্দোলন গঢ়ি তুলিবলৈ ৰাইজক আহ্বান জনাই ।

উল্লেখযোগ্য যে, ২০১৯ বৰ্ষৰ ডিচেম্বৰ মাহত সমগ্ৰ ৰাজ্যত বলিছিল কা আন্দোলনৰ তপত বতাহ(CAA protest in Assam) । এই আইনৰ বিৰোধিতাৰে ৰাজ্যৰ সকলো লোক ঐক্যবদ্ধভাৱে ওলাই আহিছিল ৰাজপথলৈ । ১০০ ৰো অধিক জাতীয় সংগঠনে ৰাইজৰ লগত মিলি নামিছিল কা-বিৰোধী আন্দোলনত । সমাজৰ সকলো শ্ৰেণীৰ লোক জঁপিয়াই পৰিছিল এই আন্দোলনত ।

কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও এই আন্দোলনৰ গুৰি ধৰি ক্ৰমান্বয়ে তীব্ৰতৰ কৰি তুলিছিল প্ৰতিবাদ (KMSS protest against CAA)। কিন্তু চৰকাৰৰ শেন চকুৰ আগত আছিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা তথা বৰ্তমানৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈ । যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি এগৰাকী অধিবক্তাৰ ঘৰত জিৰণি লৈ থকা অৱস্থাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল গগৈক ।

কা-বিৰোধী আন্দোলনৰ বাবেই অখিল গগৈৰ বিৰুদ্ধে ৰুজু হৈছিল প্ৰায় ৩২ টা গোচৰ । ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনতো গোচৰ ৰুজু হৈছিল অখিল গগৈৰ বিৰুদ্ধে ৷

লগতে পঢ়ক: নাৰীবাদী লেখিকা ড৹ অনিমা গগৈক বীৰাংগনা মূলাগাভৰু বঁটা প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.