ETV Bharat / state

টীয়কত দুৰ্ঘটনাত পতিত অবৈধ গৰু কঢ়িওৱা বাহন

author img

By

Published : Dec 26, 2020, 10:07 AM IST

Updated : Dec 26, 2020, 10:33 AM IST

শুকুৰবাৰে টীয়কৰ কাকজানত এখন অবৈধ গৰু কঢ়িওৱা বাহন দুৰ্ঘটনাগ্ৰস্ত হয় ৷ দুৰ্ঘটনাত গাড়ীচালকসহ তিনিজন লোক আঘাতপ্ৰাপ্ত হয় আৰু থিতাতে চাৰিটাকৈ গৰুৰ মৃত্যু হয় ৷

teok accident
টীয়কত দুৰ্ঘটনা

টীয়ক,26 ডিচেম্বৰ : ৰাজ্যত চলি থকা অবৈধ গৰু সৰবৰাহৰ মাজতে শুকুৰবাৰে যোৰহাটৰ টীয়কৰ কাকজানত এখন অবৈধ গৰু কঢ়িওৱা বাহন দুৰ্ঘটনাত পতিত হয় ৷ দুৰ্ঘটনাটোত চাৰিটাকৈ গৰু মৃত্যুমুখত পৰে ৷

teok accident
টীয়কত দুৰ্ঘটনা

AS-13AC-1724 নম্বৰৰ এখন বলেৰো ভানত দহটাকৈ গৰু নাহৰকটীয়াৰ পৰা ওদালগুৰিলৈ কঢ়িয়াই নিয়া হৈছিল ৷ দুৰ্ঘটনাত গাড়ীচালকসহ তিনিজন লোক আঘাতপ্ৰাপ্ত হয় হোৱাৰ বিপৰীতে থিতাতে চাৰিটাকৈ গৰুৰ মৃত্যু হয় আৰু বাকী গৰুকেইটা আঘাতপ্ৰাপ্ত হয় ।

উল্লেখ্য যে,এটা গৰু কঢ়িয়াই নিব পৰা এখন বলেৰো ভানত কেনেদৰে দহটা গৰু নিয়া হৈছে সেয়া এক সাথৰ হৈ ৰৈছে সচেতন মহলৰ মাজত ৷

লগতে পঢ়ক : চাবুৱাত 'কা' ৰ বিৰুদ্ধে আছুৰ জোঁৰ সমদল

Last Updated : Dec 26, 2020, 10:33 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.