SEBA HSLC Paper Leak Issue: প্ৰশ্নকাকত ফাদিল আৰু পৰীক্ষা বাতিলৰ বিৰোধিতাৰে যোৰহাটত আছুৰ প্ৰতিবাদ

author img

By

Published : Mar 15, 2023, 2:24 PM IST

Protest in Jorhat

মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল কাণ্ড প্ৰসংগত প্ৰতিবাদমুখৰ হৈ পৰিছে সমগ্ৰ ৰাজ্য ৷ প্ৰশ্নকাকত ফাদিল কাণ্ডক লৈ যোৰহাটত আছুৰ প্ৰতিবাদ (Protest in Jorhat) ৷ ৰাজহুৱা স্থানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈন আৰু পৰীক্ষা নিয়ন্ত্ৰণক নয়নজ্যোতি শৰ্মাৰ প্ৰতিমূৰ্তি ওলোমাই প্ৰতিবাদ সাব্যস্ত কৰে যোৰহাট জিলা ছাত্ৰ সন্থাই।

যোৰহাট, 15 মাৰ্চ: মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল কাণ্ড প্ৰসংগত সমগ্ৰ ৰাজ্য প্ৰতিবাদমুখৰ হৈ পৰা পৰিলক্ষিত হৈছে ৷ ছেবা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু তথা চৰকাৰৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে প্ৰতিবাদ (Protest against SEBA) ৷ বিভিন্ন দল সংগঠন, ছাত্ৰ-ছাত্ৰীৰ ধাৰাবাহিক প্ৰতিবাদত উত্তাল হৈ পৰিছে ৰাজ্যৰ প্ৰতিটো অঞ্চল ৷

প্ৰশ্নকাকত ফাদিল কাণ্ড প্ৰসংগত যোৰহাটত আছুৰ প্ৰতিবাদ (AASU protest in Jorhat) ৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত মঙলবাৰে যোৰহাটত জিলা ছাত্ৰ সন্থাই সাব্যস্ত কৰে প্ৰতিবাদ ৷ ৰাজহুৱা স্থানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈন আৰু পৰীক্ষা নিয়ন্ত্ৰণক নয়নজ্যোতি শৰ্মাৰ প্ৰতিমূৰ্তি ওলমাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে যোৰহাট জিলা ছাত্ৰ সন্থাই ।

ছেবাই ছাত্ৰ-ছাত্ৰী সকলক লৈ হেতালি খেলা বন্ধ কৰাৰ লগতে শিক্ষা জীৱনৰ মূল্যৱান পৰীক্ষাক লৈ ল'ৰা ধেমালি নকৰিবলৈ প্ৰতিবাদস্থলীৰ পৰাই ছেবা কৰ্তৃপক্ষক সকীয়াই দিয়ে প্ৰতিবাদকাৰী সকলে ৷ লগতে নিকা আৰু স্বচ্ছতাৰে পৰীক্ষা অনুষ্ঠিত কৰাৰো দাবী জনায় প্ৰতিবাদকাৰী সকলে (AASU Protest Against SEBA in Jorhat)।

উল্লেখযোগ্য যে, পৰীক্ষাৰ্থী সকলৰ বৰ্ষজোৰা কষ্ট, অধ্যৱসায়ক ভেঙুঁচালি কৰি যোৱা 13 মাৰ্চত অনুষ্ঠিত হ'বলগা মেট্ৰিকৰ বিজ্ঞান বিষয়ৰ পৰীক্ষা বাতিল কৰিছিল ছেবাই । পৰীক্ষা আৰম্ভ হ'বলৈ মাত্ৰ কেইঘন্টামান সময় থকা অৱস্থাত অৰ্থাৎ দেওবাৰে মাজনিশা প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে ছেবাই ঘোষণা কৰিলে বিজ্ঞান বিষয়ৰ পৰীক্ষা বাতিলৰ সিদ্ধান্ত (SEBA question paper leak case) ৷ ইয়াৰ পাছতেই ৰাজ্যজুৰি আৰম্ভ হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ লগতে পুৱাৰে পৰা প্ৰতিবাদত উত্তাল হৈ পৰিছিল সমগ্ৰ ৰাজ্য ৷ বিভিন্ন দল সংগঠন, ছাত্ৰ-ছাত্ৰীৰ ধাৰাবাহিক প্ৰতিবাদত উত্তাল হৈ পৰে সমগ্ৰ ৰাজ্য ৷

প্ৰশ্নকাকত ফাদিল কাণ্ডক লৈ বৰ্তমানো ক্ষোভৰ জুই জ্বলি আছে সমগ্ৰ ৰাজ্যত ৷ ছেবা আৰু শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে অসমৰ ইমুৰৰ পৰা সিমুৰলৈ অব্যাহত আছে প্ৰতিবাদৰ ঢৌ ৷ চলিত বিধানসভাৰ বাজেট অধিৱেশনতো এই প্ৰসংগ লৈ বিধানসভাৰ মজিয়া উত্তাল কৰি তুলিছে বিৰোধীয়ে ৷

লগতে পঢ়ক : Protest in Nalbari : মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলকাণ্ডক লৈ প্ৰতিবাদত উত্তাল নলবাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.