Protest in Nalbari : মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলকাণ্ডক লৈ প্ৰতিবাদত উত্তাল নলবাৰী

author img

By

Published : Mar 14, 2023, 8:28 PM IST

Updated : Mar 14, 2023, 10:53 PM IST

Protest in Nalbari

এইবাৰ প্ৰতিবাদৰ ধ্বনি শুনা গ’ল নলবাৰী জিলাত (Protest in Nalbari) ৷ মঙলবাৰে নলবাৰীত আছু আৰু যুৱ ছাত্ৰ পৰিষদে ছেবাৰ কৰ্তৃপক্ষৰ লগতে শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ (AASU and AJYCP Protest Against SEBA in Nalbari)। নলবাৰীৰ কোনো স্থানত যদি আছুৰ লগতে যুৱ ছাত্ৰ পৰিষদে দাহ কৰিছে শিক্ষামন্ত্ৰীৰ পুত্তলিকা, তেন্তে আন কৰ’বাত আকৌ ফাঁচী কাঠত ওলমাই দিলে শিক্ষামন্ত্ৰীৰ লগতে ছেবাৰ অধ্যক্ষৰ পুত্তলিকা ।

মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলকাণ্ডক লৈ প্ৰতিবাদত উত্তাল নলবাৰী

নলবাৰী, ১৪ মাৰ্চ : দেওবাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ পিচতে সমগ্ৰ ৰাজ্য এতিয়া প্ৰতিবাদ মুখৰ হৈ পৰা পৰিলক্ষিত হৈছ (Protest Against SEBA in Assam) ৷ দল সংগঠন, ছাত্ৰ-ছাত্ৰী, অভিভাৱকৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে ৰাজ্যৰ প্ৰতিটো অঞ্চল । সোমবাৰে বিভিন্ন দল সংগঠনৰ ধাৰাবাহিক প্ৰতিবাদৰ পিচত আজি পুনৰ প্ৰতিবাদ মুখৰ হৈ পৰে নলবাৰী জিলা (AASU and AJYCP Protest Against SEBA in Nalbari) ৷

আজি অৰ্থাৎ মঙলবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে চলিত মেট্ৰিক পৰীক্ষাত সংঘটিত হোৱা বিসংগতি আৰু বেমেজালীৰ বিৰুদ্ধে গৰজি উঠিছে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা (AASU Protest in Nalbari ) ৷ আনকি প্ৰতিবাদী নলবাৰী জিলা ছাত্ৰ সন্থাই শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈন আৰু পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাৰ পুত্তলিকা জিলা সদৰৰ এন টি ৰ’ডৰ ৰাজহুৱা স্থানত ফাঁচী দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (SEBA question paper leak case) ।

ইপিনে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিয়েও কেন্দ্ৰীয় সমিতিৰ আহ্বানত নলবাৰী চহৰত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ (AJYCP Protest in Nalbari) ৷ লগতে নলবাৰীৰ বাটা চ’কত নলবাৰী যুৱ ছাত্ৰ পৰিষদৰ সদস্যই অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনৰ পুত্তলিকা দাহ কৰাৰ লগতে বিভিন্ন শ্ল’গান দি উত্তাল কৰে প্ৰতিবাদস্থলী ৷

মঙলবাৰৰ দিনটোত দুয়োটা সংগঠনৰ প্ৰতিবাদত উত্তাল হৈ পৰে সমগ্ৰ নলবাৰী চহৰ । প্ৰতিবাদকাৰী সকলৰ মুখত শুনা গ’ল শিক্ষামন্ত্ৰী হায় হায়, ৰণোজ পেগু মুৰ্দাবাদ, ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা নচলিব, অসম চৰকাৰ হায় হায় ইত্যাদি প্ৰতিবাদী ধ্বনি ৷

উল্লেখ্য যে, দেওবাৰে মেট্ৰিকৰ সাধাৰণ বিজ্ঞানৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনা সন্দৰ্ভত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে ২২ জনক আটক কৰা হৈছে বুলি জানিব পৰা গৈছে । গুৱাহাটী, উত্তৰ লখিমপুৰ, ধেমাজি, শদিয়া, ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ পৰা আটক কৰিছে অভিযুক্তকেইজনক । অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙে এক টুইটযোগে সদৰী কৰিছে এই তথ্য (22 detained in SEBA paper leak case) ।

লগতে পঢ়ক : AASU protest against SEBA: ফাঁচিকাঠত শিক্ষামন্ত্ৰীৰ প্ৰতিকৃতি ওলমাই প্ৰতিবাদ

Last Updated :Mar 14, 2023, 10:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.