ETV Bharat / state

Jorhat AASU Protest: যোৰহাটৰ ৰাজপথত আছুৱে জ্বলালে মুখ্যমন্ত্ৰীৰ পুত্তলিকা

author img

By

Published : Feb 9, 2023, 4:42 PM IST

যোৰহাটত এটা গুৰুত্বপূৰ্ণ পথৰ দুৰৱস্থাত জ্বলা-কলা খাইছে সাধাৰণ ৰাইজে । যোৰহাট নগৰ সংযোগী জগন্নাথ বৰুৱা পথৰ বিধ্বস্ত ৰূপত যাতায়াতত দুৰ্ভোগ বৃহত্তৰ অঞ্চলবাসীৰ । পথ পুনৰ নিৰ্মাণৰ দাবীত আছুৰ প্ৰতিবাদী কাৰ্যসূচী । মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ আছু কৰ্মীৰ (AASU protest in Jorhat demanding road repairing) ।

Jorhat
Jorhat

যোৰহাটৰ ৰাজপথত আছুৱে জ্বলালে মুখ্যমন্ত্ৰীৰ পুত্তলিকা

যোৰহাট, ৯ ফেব্ৰুৱাৰী : যোৰহাটৰ এটা গুৰুত্বপূৰ্ণ পথৰ বিধ্বস্ত ৰূপে জ্বলা-কলা খুৱাইছে সাধাৰণ ৰাইজক (worst condition of road in Jorhat) । বিধ্বস্ত পথৰ পুনৰ নিৰ্মাণৰ দাবীৰে আছুৱে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (AASU protest in Jorhat demanding road repairing) । আছুৱে ৰাজপথত জ্বলালে লোক নিৰ্মাণ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীৰ পুত্তলিকা (AASU burnt CM efigy in Jorhat) । যোৰহাট নগৰ সংযোগী জগন্নাথ বৰুৱা পথৰ বিধ্বস্ত ৰূপে জ্বলা-কলা খুৱাইছে বৃহত্তৰ বালিগাঁও অঞ্চলবাসী ৰাইজক । বিধ্বস্ত পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে সাধাৰণ ৰাইজে নৰক যন্ত্ৰণা ভুগি আহিছে (AASU protest demanding JB road repairing) ।

ইফালে ৰাইজৰ এই দুৰৱস্থাৰ প্ৰতি কোনো গুৰুত্ব নাই লোক নিৰ্মাণ বিভাগৰ লগতে স্থানীয় জনপ্ৰতিনিধিৰ । তাৎপৰ্যপূৰ্ণ যে উজনি অসমৰ প্ৰথমজন স্নাতক জগন্নাথ বৰুৱাৰ নামেৰে নামকৰণ কৰা উক্ত পথটো পুনৰ নিৰ্মাণৰ বাবে স্থানীয় ৰাইজে জিলা প্ৰশাসন, লোক নিৰ্মাণ বিভাগ আৰু স্থানীয় জনপ্ৰতিনিধিক অৱগত কৰি আহিছে যদিও মাথোঁ মিথ্যাচাৰ আৰু প্ৰতিশ্ৰুতিৰ বন্যা দি আহিছে (AASU Jorhat district protest) । যাৰ ফলত জনপ্ৰতিনিধি, যোৰহাট জিলা প্ৰশাসন আৰু লোক নিৰ্মাণ বিভাগৰ মিছা প্ৰতিশ্ৰুতি আৰু বিধ্বস্ত পথ শীঘ্ৰে পুনৰ নিৰ্মাণৰ দাবী তুলি বৃহস্পতিবাৰে যোৰহাট জিলা ছাত্র সন্থাৰ বালিগাঁও আঞ্চলিক শাখাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আছুৰ বালিগাঁও আঞ্চলিকে লোক নিৰ্মাণ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকাও দাহ কৰে বিধ্বস্ত পথটোৰ ওপৰতে । উল্লেখ্য যে যোৰহাটৰ বালিগাঁও জগন্নাথ বৰুৱা পথটো দুজন জনপ্ৰতিনিধিৰ সমষ্টি । কিন্তু দুয়োজন জনপ্ৰতিনিধি অৰ্থাৎ যোৰহাট সদৰ সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী আৰু দেৰগাঁও সমষ্টিৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালীয়ে আজিকোপতি উক্ত পথটো পুনৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰত্ব প্ৰদান নকৰিলে ।

আছুৱে প্ৰতিবাদস্থলীতে প্ৰশাসনৰ মিথ্যাচাৰ উদঙাই কয় যে ২০২২ বৰ্ষৰ অক্টোবৰ মাহতে উক্ত পথটো নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও ২০২২ বৰ্ষ শেষ হৈ ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহ আৰম্ভ হ'ল । কিন্তু তথাপিও ২৮ খন গাঁৱৰ যাতায়াতৰ মূল ভৰসা যোৰহাট বালিগাঁও জগন্নাথ বৰুৱা পথটোত আজিকোপতি এচপৰা মাটিও নপৰিল । আনহাতে, বৰ্তমান বিধ্বস্ত পথটো অবৈধ ব্ৰহ্মপুত্ৰৰ পলস সৰবৰাহকাৰী ট্ৰাক, ডাম্পাৰৰ দৌৰাত্ম্যৰ মূল কৰিডৰ হিচাপে ব্যৱহৃত হৈছে । যদি আগন্তুক সপ্তাহটোৰ ভিতৰত পথটো পুনৰ নিৰ্মাণ নকৰে তেন্তে আছুৱে অধিক জংগী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে ।

উল্লেখ্য যে বিগত বছৰৰ শেষৰ ফালে যোৰহাটত অনুষ্ঠিত হৈছিল অসম চৰকাৰৰ কেবিনেট বৈঠক । কেবিনেট বৈঠক উপলক্ষে সজাই-পৰাই তোলা হৈছিল সমগ্ৰ যোৰহাট মহানগৰ । নিশাৰ ভিতৰতে নখৰ পিঠি যেন হৈ পৰিছিল যোৰহাট নগৰৰ ৰাস্তা-ঘাট । চালে চকুৰোৱাকৈ সজাই তুলিছিল সমগ্ৰ যোৰহাট নগৰ । কিন্তু বাহিৰে ৰংচং ভিতৰে কোৱাভাতুৰিৰ দৰে যোৰহাট তথা ইয়াৰ কাষৰীয়া অঞ্চলবোৰৰ প্ৰকৃত ছবিখন উদঙাই দিছে জগন্নাথ বৰুৱা পথটোৰ দুৰৱস্থাই ।

লগতে পঢ়ক :Jorhat Majuli Bridge: মাজুলী যোৰহাট সংযোগী দলঙৰ খুঁটাত পুনৰ ফাট মেলিছে, ঘটনাস্থলী পৰিদৰ্শন উপায়ুক্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.