ETV Bharat / state

BREAKING NEWS: লংকাত ট্ৰাকৰ চেপাত প্ৰাণ গ’ল এগৰাকী মহিলাৰ, উত্তপ্ত লংকা বজাৰ

author img

By

Published : Sep 7, 2022, 3:43 PM IST

Updated : Sep 7, 2022, 6:39 PM IST

হোজাই জিলাৰ লংকা বজাৰৰ সন্মূখত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident at Lanka) ৷ ট্ৰাকৰ চেপাত মৃত্যু এগৰাকী মহিলাৰ ৷ ইতিমধ্যে আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰাৰ লগতে আটক কৰিছে চালকজনক ৷

Road accident at Lanka in Hojai One killed
লংকাত ট্ৰাকৰ চেপাত প্ৰাণ গ’ল এগৰাকী মহিলাৰ, উত্তপ্ত লংকা বজাৰ

হোজাই, 7 ছেপ্টেম্বৰ: হোজাইৰ লংকা বজাৰৰ সন্মূখত ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident at Lanka) ৷ ট্ৰাকৰ চেপাত মৃত্যু এগৰাকী মহিলাৰ (Woman killed in Road accident) ৷ মহিলাগৰাকীৰ নাম জুনু বৰা বুলি জানিব পৰা গৈছে ৷ মহিলাগৰাকী কাকীৰ মুদৈয়নীৰ নিৱাসী ৷

লংকা বজাৰৰ সন্মূখত পথৰ দুৰাৱস্থাৰ বাবেই এনে মৰ্মান্তিক ঘটনা সংঘটিত হ’বলৈ পালে বুলি ৰাইজে অভিযোগ উত্থাপন কৰে ৷ ইতিমধ্যে দুৰ্ঘটনাৰ পিছতে মহিলাগৰাকীক লংকা প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷ আনহাতে এই পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে জাঙুৰ খাই উঠে স্থানীয় ৰাইজ (Poor condition of road) ৷

লংকাত ট্ৰাকৰ চেপাত প্ৰাণ গ’ল এগৰাকী মহিলাৰ, উত্তপ্ত লংকা বজাৰ

উত্তেজিত ৰাইজে লংকা বজাৰৰ সন্মূখত লংকা-নগাঁও সংযোগী পথচোৱা অৱৰোধ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে ৷ অৱশ্যে পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ ইফালে আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰাৰ লগতে চালকজনক আটক কৰে ৷

লগতে পঢ়ক: লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ দেৱ চৌধুৰীলৈ ন্যায়াধীশ শৰ্মা আয়োগৰ জাননী

Last Updated : Sep 7, 2022, 6:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.