ETV Bharat / state

পঞ্জীয়নৰ নামত শিক্ষাৰ্থীৰ পৰা ধন সংগ্ৰহৰ অভিযোগ

author img

By

Published : Apr 7, 2021, 10:46 PM IST

পঞ্জীয়নৰ নামত স্নাতক পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীৰ পৰা ধন সংগ্ৰহ কৰাক লৈ হোজাইৰ উদালী মহাবিদ্যালয়ত উত্তেজনা । প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ পৰা মহাবিদ্যালয় কৰ্তৃপক্ষই ৬৮০ টকা আদায় লোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

পঞ্জীয়নৰ নামত স্নাতক পাঠ্যক্ৰমৰ শিক্ষাৰ্থীৰ পৰা ধন সংগ্ৰহৰ অভিযোগ
পঞ্জীয়নৰ নামত স্নাতক পাঠ্যক্ৰমৰ শিক্ষাৰ্থীৰ পৰা ধন সংগ্ৰহৰ অভিযোগ

হোজাই,৭ এপ্ৰিল: নামভৰ্তি অথবা পঞ্জীয়নৰ বাবদ যিকোনো চৰকাৰী বিদ্যালয় আৰু মহাবিদ্যালয়ে ছাত্ৰ-ছাত্ৰীৰ পৰা ধন আদায় ল'ব নোৱাৰিব বুলি ৰাজ্য চৰকাৰে নিৰ্দেশ দিয়াৰ পিছতো একাংশ মহাবিদ্যালয়ে চৰকাৰৰ নিৰ্দেশক ভেঙুচালি কৰি আহিছে ।

হোজাইতো উদালী মহাবিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে ছাত্ৰ-ছাত্ৰীসকল । তেওঁলোকে অভিযোগ উত্থাপন কৰা মতে, মহাবিদ্যালয় কৰ্তৃপক্ষই পঞ্জীয়নৰ নামত স্নাতক পাঠ্যক্ৰমৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ পৰা ৬৮০ টকাকৈ সংগ্ৰহ কৰিছে । ৰাজ্য চৰকাৰৰ নিৰ্দেশৰ বিপৰীতে এনেদৰে ধন আদায় লোৱাক লৈ মহাবিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ পৰিছে ছাত্ৰ-ছাত্ৰীসকল ।

পঞ্জীয়নৰ নামত শিক্ষাৰ্থীৰ পৰা ধন সংগ্ৰহৰ অভিযোগ

বিগত বৰ্ষত প্ৰাদেশিকীকৰণ হোৱা উক্ত মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে এতিয়া চৰম অনিশ্চয়তাত ভূগিছে । আনহাতে, উক্ত বিষয় সন্দৰ্ভত মহাবিদ্যালয়ৰ অধ্যক্ষ অৰুণ বৰাক প্ৰশ্ন কৰাত তেওঁ মন্তব্য দিয়াৰ পৰা বিৰত থাকে । কেনেকৈ ৰাজ্য চৰকাৰৰ নিৰ্দেশক অৱমাননা কৰি মহাবিদ্যালয়খনে এনে কাণ্ড সংঘটিত কৰিছে সেয়া আশ্চৰ্যৰ বিষয় ।

লগতে পঢ়ক: 28 বছৰৰ পাচত ভোটাধিকাৰ সাব্যস্ত কৰিলে আচমা খতুনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.