ETV Bharat / state

আধাৰ কাৰ্ডৰ নামত ধন লৈ ৰঙাঘৰৰ আলহী

author img

By

Published : Jul 1, 2021, 1:40 PM IST

two detained for allegedly taking bribe in the name of providing aadhar card
আধাৰ কাৰ্ড বনোৱাৰ নামত ধন লৈ ৰঙাঘৰৰ আলহী

হোজাই জিলাৰ উদালি থানাৰ অন্তৰ্গত নতুন বজাৰ লংকাজান আধাৰ কেন্দ্ৰ (Aadhaar Center) ত আধাৰ কাৰ্ড (Aadhaar Card) বনোৱাৰ নামত 1000 টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে ৷ উদালি আৰক্ষী (Udali Police)য়ে অভিযান চলাই আব্দুল খালেক আৰু গুলজাৰ হুচেইন নামৰ দুজনক ইতিমধ্যে আটক কৰিছে ৷

নগাঁও, 1 জুলাই : ৰাজ্যত অব্যাহত আছে আধাৰ কাৰ্ড (Aadhaar Card)ৰ নামত লুন্ঠন । এইবাৰ হোজাই (Hojai) জিলাৰ উদালিত আধাৰ কাৰ্ড (Aadhaar Card) বনোৱাৰ নামত ধন লোৱাৰ অভিযোগ উত্থাপন হৈছে । এই সন্দৰ্ভত ইতিমধ্যে বদিউদ জামান নামৰ এজন লোকে হোজাইৰ উদালি থানা (Udali Police Station)ত চাৰিজন লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে । বদিউদ জামানৰ এজাহাৰ ভিত্তিত উদালি থানা (Udali Police Station)ৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া (OC)ই ঘটনাৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে ৷

হোজাই জিলাৰ উদালি থানাৰ অন্তৰ্গত নতুন বজাৰ লংকাজান আধাৰ কেন্দ্ৰ (Aadhaar Center) ত আধাৰ কাৰ্ড (Aadhaar Card) বনোৱাৰ নামত 1000 টকা বিচৰাৰ অভিযোগ উত্থাপন কৰিছে বদিউদ জামান নামৰ লোকজনে । এই সন্দৰ্ভত মঙলবাৰে বদিউদ জামানে উদালি থানা (Udali Police Station)ত এখন এজাহাৰ দাখিল কৰে ৷ বদিউদ জামানৰ এজাহাৰৰ ভিত্তিত লংকাজান আধাৰ চেণ্টাৰ (Aadhaar Center) ৰ পৰিচালনা কৰা আব্দুল খালেক, গুলজাৰ হুছেইন, আব্দুল ৰূপ, আব্দুল ৰহমানে তেওঁৰ পৰা আধাৰ কাৰ্ড (Aadhaar Card) বনোৱাৰ নামত এই ধন দাবী কৰিছিল ।

আধাৰ কাৰ্ডৰ নামত ধন লৈ ৰঙাঘৰৰ আলহী

আনহাতে উদালি থানা (Udali Police Station)ৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া (OC)গৰাকীয়ে বদিউদ জামানৰ এজাহাৰৰ ভিত্তিত লংকাজান আধাৰ চেণ্টাৰ (Aadhaar Center)ৰ পৰিচালনা কৰা লোককেইজনৰ ওপৰত তদন্ত আৰম্ভ কৰাৰ কথা জানিবলৈ দিয়ে ৷ আৰক্ষীয়ে অভিযুক্ত কেইজনক সোনকালে আটক কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা কথা ব্যক্ত কৰে ৷ এই অনুসৰি মঙলবাৰে নিশা উদালি আৰক্ষী (Udali Police)য়ে অভিযান চলাই আব্দুল খালেক আৰু গুলজাৰ হুচেইনক আটক কৰি জেৰা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : কি কি সিদ্ধান্ত গ্ৰহণ কৰিলে ৰাজ্যিক কেবিনেটে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.