ETV Bharat / state

লংকাত চিলনী চোৰৰ সন্ত্ৰাস: চোৰে হাতৰ পৰাই কাঢ়ি নিয়ে ম'বাইল

author img

By

Published : May 24, 2022, 10:18 PM IST

thief-terror-at-lanka-in-hojai
হোজাই জিলাৰ লংকাত চিলনী চোৰৰ সন্ত্ৰাস

হোজাই জিলাৰ লংকাত অব্যাহত আছে চিলনী চোৰৰ সন্ত্ৰাস(Thief terror at Lanka in Hojai) ৷ সোমবাৰে আৰক্ষীৰ অভিযানত হোজাইৰ লংকাত জব্দ কৰা হ’ল টুৰি ম'বাইল ৷ লোকেশ্বন ট্ৰেক কৰি আৰক্ষীয়ে জব্দ কৰিলে চুৰি হোৱা ম'বাইল ৷

হোজাই, 24 মে': হোজাই জিলাৰ লংকাত অব্যাহত আছে চিলনী চোৰৰ সন্ত্ৰাস(Thief terror at Lanka in Hojai) । দিন দুপৰতে চিলনী চোৰে কাঢ়ি লৈ যায় বিভিন্ন মূল্যবান সামগ্ৰী ৷ বিগত কেইবাদিন ধৰি হোজাই জিলাৰ লংকাত প্ৰায়েই সংঘটিত হৈ আহিছে ম'বাইল চুৰিৰ ঘটনা ৷ যদি কেতিয়াবা কাৰোবাৰ জেপৰ পৰা কাঢ়িছে, কেতিয়াবা আকৌ কথা পাতি থকা অৱস্থাতেই চোৰে কাঢ়ি লৈ যায় ম'বাইল ৷ মুঠতে একপ্ৰকাৰে লংকাত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে চোৰে ৷

হোজাই জিলাৰ লংকাত চিলনী চোৰৰ সন্ত্ৰাস

আনহাতে সোমবাৰে এগৰাকী মহিলাৰ পৰা চোৰে ম'বাইল ফোন কাঢ়ি নিয়াত লংকা আৰক্ষী থানাত দাখিল কৰে এখন এজাহাৰ ৷ উক্ত ভুক্তভোগী মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিতে লংকা আৰক্ষীৰ এটি দলে সোমবাৰে অভিযান চলায় ৷

উক্ত অভিযানত চুৰি হোৱা ম'বাইল ফোনটোৰ ল'কেশ্বন ট্ৰেক কৰি লংকা আৰক্ষী থানাৰ পৰা প্ৰায় ডেৰ কি. মি. নিলগৰ লংকাৰ গ্ৰেন্টত বোকাৰ মাজৰ পৰা উদ্ধাৰ কৰে চুৰি হোৱা ম'বাইলটো ৷ কিন্তু এতিয়াও উক্ত ঘটনাৰ সৈতে জড়িত চিলনী চোৰ কেইটাক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ৷ লংকা থানাৰ আৰক্ষী বিষয়া হেমন্ত বৰাই জানিব দিয়া অনুসৰি এই চিলনী চোৰৰ বিৰুদ্ধে অব্যাহত থাকিব অভিযান ৷

লগতে পঢ়ক : এফালে কৃত্ৰিম বান; আনফালে চোৰৰ টিঘিলঘিলনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.