ETV Bharat / state

হোজাইত সুশীল কুৰ্মীৰ প্ৰতিকৃতি দাহ

author img

By

Published : Jun 4, 2019, 5:16 PM IST

হোজাইত সুশীল কুৰ্মীৰ প্ৰতিকৃতি দাহ

মঙলবাৰে হোজাইত আদিবাসী ছাত্ৰ সন্থাই দাহ কৰে সুশীল কুৰ্মীৰ প্ৰতিকৃতি ৷ নৱম আৰু দশম শ্ৰেণীৰ অসমীয়া বিষয়ৰ দ্ৰুতপাঠত ভুল তথ্য সন্নিৱিষ্ট কৰাৰ বাবেই এইদৰে সাহিত্য সভাৰ সদস্যগৰাকীৰ প্ৰতিকৃতি দাহ কৰে সংগঠনটোৱে ৷

হোজাই, 4 জুনঃ হোজাইত আদিবাসী ছাত্ৰ সন্থাই প্ৰতিকৃতি দাহ কৰিলে সাহিত্য সভাৰ সদস্য তথা বিশিষ্ট লেখক সুশীল কুৰ্মীৰ প্ৰতিকৃতি ৷ নৱম আৰু দশম শ্ৰেণীৰ অসমীয়া বিষয়ৰ দ্ৰুতপাঠ ভুল তথ্যৰে আদিবাসীসকলক অপমান কৰাৰ অভিযোগ উত্থাপন কৰে ছাত্ৰ সংগঠনটোৱে ৷ ফলস্বৰূপে এইদৰে প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷

হোজাইত সুশীল কুৰ্মীৰ প্ৰতিকৃতি দাহ

অধিক পঢ়কঃ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰক নিৰ্মম প্ৰহাৰ শিক্ষকৰ !

নৱম আৰু দশম শ্ৰেণীৰ কিতাপখনত আদিবাসী লোকসকলক চাহ জনগোষ্ঠীৰ সৈতে তুলনা কৰিছে সুশীল কুৰ্মীয়ে ৷ সাহিত্য সভাৰ এগৰাকী সভ্যৰ লগতে এগৰাকী বিশিষ্ট লেখক হৈ এইদৰে মাৰাত্মক ভুল কৰাৰ প্ৰতিবাদতে তেঁওৰ পুত্তলিকা দাহ কৰে ছাত্ৰ সংগঠনটোৱে ৷

Intro:হোজাইত সুশীল কুৰ্মীৰ পুত্তলিকা দাহ আদিবাসী ছাত্ৰ সন্থাৰ।Body:আদিবাসীসকলক চাহ জনগোষ্ঠীৰ লগত তুলনা।হোজাইত সুশীল কুৰ্মীৰ পুত্তলিকা দাহ আদিবাসী ছাত্ৰ সন্থাৰ।

আদিবাসীসকল চাহ জনগোষ্ঠীৰ লোক নহয় ৷ কিন্তু আদিবাসীসকলক অসম সাহিত্য সভাৰ সদস্য সুশীল কুৰ্মীয়ে চাহ জনগোষ্ঠীৰ লগত তুলনা কৰাত জাঙুৰ খাই উঠিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ৷ হোজাইত আদিবাসী ছাত্ৰ সন্থাই সুশীল কুৰ্মীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ হোজাই জিলা আদিবাসী ছাত্ৰ সন্থাৰ অৰ্ধশতাধিক কৰ্মীয়ে ৰাজপথলৈ ওলাই আহি সুশীল কুৰ্মীৰ পুত্তলিকা দাহ কৰি সুশীল কুৰ্মী মুৰ্দাবাদ, সুশীল কুৰ্মী গো বেক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি আদিবাসীসকলক চাহ জনগোষ্ঠীৰ লগত তুলনা নকৰিবলৈ সঁকিয়াই দিয়ে৷



Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.