ETV Bharat / state

হোজাইত যান-বাহন চলাচলৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা জাৰি, 144 ধাৰা জাৰি

author img

By ETV Bharat Assamese Team

Published : Jan 7, 2024, 10:43 AM IST

Section 144 issued
হোজাইত যান-বাহন চলাচলৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা জাৰি, 144 ধাৰা জাৰি

Section 144 issued: যান-বাহন চলাচলৰ ক্ষেত্ৰত পূৰ্বতকৈ কঠিন হৈছে হোজাই জিলা প্ৰশাসনৰ লগতে হোজাই জিলা পৰিবহন বিভাগ ৷ বৰ্তমানলৈকে জিলাখনত প্ৰশাসন, আৰক্ষী আৰু পৰিবহন বিভাগে চলোৱা অভিযানত 160 জন চালকৰ অনুজ্ঞাপত্ৰ নিলম্বন কৰাৰ লগতে 6 জন চালকৰ 6 মাহৰ বাবে অনুজ্ঞাপত্ৰ বাতিল কৰে ৷

হোজাইত যান-বাহন চলাচলৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা জাৰি, 144 ধাৰা জাৰি

হোজাই, 7 জানুৱাৰী : যোৱা 3 জানুৱাৰী পুৱতি নিশা গোলাঘাট জিলাৰ দেৰগাঁৱৰ বালিজানত সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাৰ পিচতে যান-বাহন চলাচলৰ ক্ষেত্ৰত পূৰ্বতকৈ কঠিন হৈছে হোজাই জিলা প্ৰশাসনৰ লগতে হোজাই জিলা পৰিবহন বিভাগ ৷ হোজাই জিলা দণ্ডাধীশে ইতিমধ্যে সমগ্ৰ জিলাখনত যান-বাহন চলাচল কৰাৰ ক্ষেত্ৰত কেতবোৰ নীতি-নিয়ম বান্ধি দি জাৰি কৰিছে 144 ধাৰা আইন ৷

এই নিৰ্দেশনা অনুসৰি বিয়লি 5 বজাৰ পৰা পুৱা 8 বজালৈ কোনো ধৰণৰ যান-বাহন ৰাষ্ট্ৰীয় ঘাইপথতেই হওক বা ৰাজ্যিক ঘাইপথতেই হওক 60 কিলোমিটাৰতকৈ অধিক বেগত চলাচল কৰিব নোৱাৰিব ৷ মাল কঢ়িওৱা বাহনত কোনো যাত্ৰীক উঠাব নোৱাৰিব ৷ এনে কৰিলে চালকগৰাকী ধৰা পৰিলে বাহনখন আৰক্ষী কিম্বা পৰিবহন বিভাগে জব্দ কৰিব লগতে গাড়ীৰ পঞ্জীয়ন আৰু চালকৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হ’ব ৷

বৰ্তমানলৈকে জিলাখনত প্ৰশাসন, আৰক্ষী আৰু পৰিবহন বিভাগে চলোৱা অভিযানত 160 জন চালকৰ অনুজ্ঞাপত্ৰ নিলম্বন কৰাৰ লগতে 6 জন চালকৰ 6 মাহৰ বাবে সাময়িকভাৱে অনুজ্ঞাপত্ৰ বাতিল কৰে ৷ ইতিমধ্য়ে পৰিবহন আইন অমান্য কৰাৰ অপৰাধত হোজাই জিলাত বৰ্তমানলৈকে 13 খন বাহনৰ পঞ্জীয়ন নিলম্বন কৰা হৈছে আৰু বহিঃজিলাৰ 36 খন বাহনৰ পঞ্জীয়ন নিলম্বনৰ বাবে পত্ৰ লেখা হৈছে ৷

ইফালে যোৱা 31 ডিচেম্বৰ আৰু 1 জানুৱাৰীৰ দিনা হোজাই জিলাত এটাও দুৰ্ঘটনা হোৱা নাই বুলি হোজাই জিলা পৰিবহন বিষয়া তামচিন আফতাবে মন্তব্য প্ৰকাশ কৰে ৷ ইয়াৰ লগতে প্ৰতিদিনেই সুৰাপায়ী চালক আৰু আইন অমান্য কৰা চালকসকলৰ বিৰুদ্ধে হোজাই জিলা প্ৰসাশন, হোজাই জিলা আৰক্ষীৰ লগতে পৰিবহন বিভাগে জিলাখনৰ বিভিন্ন স্থানত অভিযান চলাই অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: পুৰণি বলাইত কাৰেংঘৰৰ আৰ্হিত ৰাইজে নিৰ্মাণ কৰিলে ভেলাঘৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.