ETV Bharat / state

চুমিলা ৰংহাংপীৰ হত্যা: হোজাইত উত্তাল প্ৰতিবাদ

author img

By

Published : Apr 27, 2021, 9:10 AM IST

karbi students union protest at hojai
হোজাইত উত্তাল প্ৰতিবাদ

সোমবাৰে হোজাই জিলাৰ বৰবহাত জিলা কাৰ্বি ছাত্ৰ সন্থা আৰু কেইবা শতাধিক কাৰ্বি জনগোষ্ঠীয় লোকৰ প্ৰতিবাদ ৷ চুমিলা ৰংহাংপীৰ হত্যাকাণ্ডৰ অভিযুক্তক ফাঁচী প্ৰদানৰ দাবী প্ৰতিবাদকাৰীৰ ৷

হোজাই,27 এপ্ৰিল: ৰহাত সংঘটিত চাঞ্চল্যকৰ চুমিলা ৰংহাংপীৰ হত্যাকাণ্ডৰ দোষীক ফাঁচী প্ৰদানৰ দাবীৰে সোমবাৰে হোজাইৰ বৰবহাত উত্তাল প্ৰতিবাদ সাব্যস্ত ৷ জিলা কাৰ্বি ছাত্ৰ সন্থা আৰু কেইবা শতাধিক কাৰ্বি জনগোষ্ঠীৰ লোকে কিশোৰীগৰাকীক বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

চুমিলা ৰংহাংপীৰ হত্যাকাণ্ডক লৈ সমগ্ৰ ৰাজ্যতে প্ৰতিবাদ অব্যাহত থকাৰ লেখীয়াকৈ হোজাইতো অব্যাহত আছে তীব্ৰ প্ৰতিবাদ ৷ উল্লেখ্য যে, 22 এপ্ৰিলত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছিল চুমিলা ৰংহাংপী নামৰ বনকৰা কিশোৰীগৰাকীৰ মৃতদেহ ৷

হোজাইত উত্তাল প্ৰতিবাদ

ৰহাৰ খাইগড়ৰ প্ৰকাশ চন্দ্ৰ বৰঠাকুৰ নামৰ লোকজনৰ ঘৰত বিগত 5 বছৰ ধৰি বনকৰা ছোৱালী হিচাপে আছিল পশ্চিম কাৰ্বি আংলঙৰ ভকচঙৰ 13 বছৰীয়া কিশোৰীগৰাকী । লোকজনৰ বাসগৃহৰ পিছফালে অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ হৈছিল কিশোৰীগৰাকীৰ মৃতদেহ ৷

লগতে পঢ়ক : জাগীৰোডৰ কাগজ কলত চোৰৰ তাণ্ডৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.