ETV Bharat / state

লামডিঙত এন এছ ইউ আইৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী

author img

By

Published : Oct 11, 2020, 9:59 PM IST

ৰাজ্যত সংঘটিত হোৱা আৰক্ষী নিযুক্তিৰ কেলেংকাৰী আৰু হাথৰছ কাণ্ডৰ দোষীক শাস্তি প্ৰদানৰ দাবীত দেওবাৰে লামডিঙৰ ৰাজপথত এইদৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে এন এছ ইউ আয়ে ৷

NSUI's Protest in Lamding
লামডিঙত NSUIৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

লামডিং,11অক্টোবৰ : লামডিঙৰ ৰাজপথত দাও দাও কৈ জ্বলিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ পুত্তলিকা ৷ ৰাজ্যত সংঘটিত হোৱা অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ পৰীক্ষাৰ কেলেংকাৰী আৰু হাথৰস কাণ্ডৰ দোষীক শাস্তি প্ৰদানৰ দাবীত দেওবাৰে লামডিঙৰ ৰাজপথত এইদৰে পুত্তলিকা জ্বলাই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে এন এছ ইউ আয়ে

সংগঠনটোৰ নেতৃত্বই SI কেলেংকাৰীত আৰ এছ এছ তথা বিজেপিৰ বহু নেতা জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰাৰ লগতে চিবিআই তদন্তৰো দাবী জনায় ৷ ইয়াৰ লগতে অসমত 2021ত কংগ্ৰেছ পুনৰ জয়ী হ'ব আৰু সমগ্ৰ ভাৰততে পুনৰ কংগ্ৰেছ দল ক্ষমতালৈ আহিব বুলিও মন্তব্য কৰে ৷

লগতে পঢ়কঃপঞ্জাৱৰ 29 টা সংগঠনক কৃষক আইন সন্দৰ্ভত আলোচনাৰ বাবে আমন্ত্ৰণ কেন্দ্ৰীয় চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.