হোজাই ৰে’ল ষ্টেচনত উদ্ধাৰ কিশোৰী : এজনক আটক

author img

By

Published : Sep 27, 2021, 9:04 AM IST

Minor Girl rescue at Hojai railway station

ৰাজ্যত সক্ৰিয় মানৱ সৰবৰাহকাৰী চক্ৰ ৷ বহিৰাজ্যলৈ বিক্ৰীৰ বাবে অনা এগৰাকী কিশোৰীক হোজাইৰ ৰে’ল ষ্টেচনত উদ্ধাৰ ৷ ৰে’ল আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ কিশোৰীগৰাকী ৷

হোজাই, 27 ছেপ্টেম্বৰ : হোজাই ৰে’ল ষ্টেচনৰ পৰা উদ্ধাৰ এগৰাকী ১৪ বছৰীয়া কিশোৰী ৷ দেওবাৰে ৰে’ল আৰক্ষীয়ে অপহৰণকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰে কিশোৰীগৰাকীক । বহিৰাজ্যলৈ বিক্ৰী কৰাৰ উদ্দেশ্যৰে অপহৰণ কৰাৰ সন্দেহ প্ৰকাশ ৰে’ল আৰক্ষীৰ ।

Minor Girl rescue at Hojai railway station
হোজাই ৰে’ল ষ্টেচন

কিশোৰীগৰাকীৰ ঘৰ হোজাই জিলাৰ ডবকাত ৷ জলপাইগুৰিৰ সুবাস দাস (৩৩) নামৰ যুৱকজনে কিশোৰীগৰাকীক জলপাইগুৰিলৈ নিয়াৰ উদ্দেশ্যে হোজাই ৰে’ল ষ্টেচনত ৰে’লৰ বাবে অপেক্ষা কৰাৰ সময়তে ৰে’ল আৰক্ষীৰ সন্দেহ ওপজে ৷ মূহুৰ্ততে আৰক্ষীয়ে আটক কৰে যুৱকজনক ৷ যুৱকজনক আৰক্ষীয়ে কৰা জেৰাৰ পিছত পোহৰলৈ আহে সমগ্ৰ ঘটনা ৷

হোজাই ৰে’ল ষ্টেচনত উদ্ধাৰ কিশোৰী

ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৰে’ল আৰক্ষীয়ে । সম্প্ৰতি যুৱকজনক জেৰা অব্যাহত ৰখা হৈছে ৷ আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব কিশোৰীগৰাকীৰ অপহৰণৰ আঁৰৰ প্ৰকৃত ৰহস্য ।

লগতে পঢ়ক : কোনে হত্যা কৰিছিল চকীহোলাৰ দুই নাবালিকাক ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.