কোনে হত্যা কৰিছিল চকীহোলাৰ দুই নাবালিকাক ?

author img

By

Published : Sep 26, 2021, 8:19 PM IST

16 year old boy arrested for rape and dual murder case in sokihola

কাৰ্বি আংলং জিলাৰ চকীহোলাৰ দুই নাবালিকাৰ শিহৰণকাৰী হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ ৷ প্ৰথমে নিখোজ হোৱা কিশোৰী দুগৰাকীৰ মৃতদেহ এটাৰ পিছত এটাকৈ উদ্ধাৰ হৈছিল ৷ জানো আহক কোনে হত্যা কৰিছিল দুই কিশোৰীক ৷

ডিফু, ২৫ ছেপ্তেম্বৰ : অৱশেষত গ্ৰেপ্তাৰ হ'ল ৰাজ্য কঁপাই যোৱা কাৰ্বি আংলং জিলাৰ চকীহোলাৰ শিহৰণকাৰী দুই নাবালিকা হত্যাকাণ্ডৰ মূল অভিযুক্ত এটা নাবালক ৷ কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ কয়লামাটিৰ দৈগ্ৰোং নদীত মাছ মাৰিবলৈ যাওতে যোৱা ২৮ আগষ্টত অতি নিৰ্মমভাৱে হত্যা কৰা হৈছিল দুই কিশোৰীক।

কিশোৰী দুগৰাকীৰ মৃতদেহ দুটা সাত দিনৰ অগা পিছাকৈ উদ্ধাৰ কৰিছিল আৰক্ষীয়ে ৷ দেওবাৰে অতি আশ্চৰ্যজনকভাৱে উক্ত হত্যাকাণ্ডত জড়িত মূল অভিযুক্ত হিচাপে জড়িত এটা ১৬ বছৰীয়া নাবালক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে পাহাৰীয়া জিলাখনত ৷ নাৰকীয় হত্যাকাণ্ডৰ সংঘটিত কৰা ল'ৰাজন একেখন গাঁৱৰে বুলি জানিবলৈ দিছে আৰক্ষীয়ে ।

জানিব পৰা মতে, প্ৰথমে কিশোৰী গৰাকীক ধৰ্ষণ কৰিবলৈ লওতে কিশোৰী গৰাকীয়ে টনা আজোৰা কৰাত নিৰ্মমভাৱে হত্যা কৰি পেলাই দিয়ে । তাৰ পিছতে সকলোবোৰ কাণ্ড দেখি থকা আনগৰাকী কিশোৰীকো হত্যা কৰে কিশোৰজনে । সম্পূৰ্ণ এমাহৰ অন্তত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় নাবালক অভিযুক্তটোক । বৰ্তমান ১৬ বছৰীয়া অভিযুক্ত কিশোৰজনক ডিফুলৈ প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী AIKSৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.