ETV Bharat / state

কাকীত হিতাধিকাৰীক ৰেচন কাৰ্ড বিলালে মন্ত্ৰী কেশৱ মহন্তই

author img

By ETV Bharat Assamese Team

Published : Jan 18, 2024, 4:59 PM IST

Ration card distribution: হোজাই জিলাৰ লামডিং সমষ্টিত মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত ৰেচন কাৰ্ড বিতৰণ ৷ ৰেচন কাৰ্ড থকা পৰিয়ালে লাভ কৰিব আয়ুষ্মান কাৰ্ড ৷ মন্ত্ৰী মহন্তৰ ঘোষণা ৷

ration card distribution
Health card to beneficiaries
কাকীত হিতাধিকাৰীক ৰেচন কাৰ্ড বিলালে মন্ত্ৰী কেশৱ মহন্তই

হোজাই: ৰাজ্যৰ জনসাধাৰণৰ খাদ্য সুৰক্ষা নিশ্চিতকৰণৰ বাবে খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে গ্ৰহণ কৰা আঁচনিৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন জিলাত ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী চলি আছে । বৃহস্পতিবাৰে অসমৰ স্বাস্থ্য বিভাগৰ মন্ত্রী কেশৱ মহন্তই লামডিং সমষ্টিৰ অন্তৰ্গত ১ নং কাকীৰ খেলপথাৰত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০২৩ ৰ অধীনত ৰেচন কাৰ্ড বিতৰণ কৰে ৷

এই অনুষ্ঠানত প্ৰতীকী স্বৰূপে ১৩ গৰাকী হিতাধিকাৰীক ৰেচন কাৰ্ড বিতৰণ কৰা হয় ৷ লামডিং সমষ্টিত নতুনকৈ ৫ হাজাৰ ২৪০ গৰাকী হিতাধিকাৰীয়ে ৰেচন কাৰ্ড লাভ কৰিব ৷ এই কাৰ্যসূচীত স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত, লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ, হোজাইৰ জিলা আয়ুক্ত লাচিত কুমাৰ দাসৰ লগতে পঞ্চায়ত প্রতিনিধিসকলকে ধৰি যথেষ্ট সংখ্যক লোক উপস্থিত থাকে ।

উক্ত অনুষ্ঠানত স্বাস্থ্য বিভাগৰ মন্ত্রী কেশৱ মহন্তই কয় যে পূৰ্বে ৰেচন কার্ড লাভ কৰাৰ বাবে এটা পৰিয়ালৰ বাৰ্ষিক আয় ২ লাখ হ'ব লাগিছিল ৷ বর্তমান ৰাজ্য চৰকাৰে এটা পৰিয়ালৰ বাৰ্ষিক আয়ৰ সীমা ৪ লাখ টকালৈ বৃদ্ধি কৰিছে ৷ তেওঁ লগতে কয় যে অসমত বর্তমান দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ সংখ্যা হ্রাস পাইছে ৷ ৩৩ হাজাৰ মাহিলি আয় কৰা পৰিয়ালকো ৰেচন কার্ডেৰে সামৰি লোৱা হৈছে । ইয়াৰ ফলত ক্ষুদ্ৰ ব্যৱসায় কৰা পৰিয়ালসমূহেও ৰেচন কার্ড লাভ কৰিবলৈ সক্ষম হৈছে ৷

মন্ত্রীগৰাকীয়ে লগতে কয় যে চতুর্থবর্গত কাম কৰি অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীকো ৰেচন কার্ড প্রদানৰ বাবে কেবিনেটে সিদ্ধান্ত গ্রহণ কৰিছে আৰু কিছুদিনৰ ভিতৰত ২০ লাখ লোকক নতুনকৈ ৰেচন কার্ড প্রদানৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্রহণ কৰিব ৷ ৰেচন কার্ড থকা পৰিয়ালে ৫ কেজিকৈ বিনামূলীয়াকৈ চাউল লাভ কৰাৰ উপৰি প্রধানমন্ত্রী বিনামূলীয়া উজ্জ্বলা যোজনা লাভ কৰিব ৷ ইয়াৰ ফলত বিনামূলীয়া গেছ সংযোগ লাভ কৰিব ৷

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৰেচন কার্ড থকা পৰিয়ালসমূহে সকলোৱে আয়ুষ্মান ভাৰত বা আয়ুষ্মান অসম যোজনাৰ কাৰ্ড লাভ কৰিব ৷ এই কার্ড প্ৰদানৰ বাবে স্বাস্থ্য বিভাগৰ বিষয়াসকল ঘৰে ঘৰে যাব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷ তেওঁ লগতে কয় যে এই ৰেচন কার্ড দেখুৱালে মেডিকেল তথা নির্দিষ্ট নাৰ্ছিং হোমত ৫ লাখ টকালৈকে প্ৰতিবছৰে বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব ।

লগতে পঢ়ক: অসমৰ মানুহে কংগ্ৰেছৰ ন্যায় যাত্ৰা কেৱল সংবাদমাধ্যমতহে দেখিছে- মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.