ETV Bharat / state

অনিশ্চয়তাত ৰাজ্যৰ কুঁহিয়াৰ ব্যৱসায়ীৰ ভৱিষ্যত

author img

By

Published : Mar 16, 2019, 1:05 PM IST

অনিশ্চিয়তাত ৰাজ্যৰ কুঁহিয়াৰ ব্যৱসায়ীৰ ভৱিষ্যৎ

গোলাঘাটৰ সুৰা ট্ৰেজেডিৰ পাছতেই নামি আহিছে ৰাজ্যৰ বহু কুঁহিয়াৰ ব্যৱসায়ীৰ জীৱনত অন্ধকাৰ ৷ নিষিদ্ধ কৰা হৈছে লালিগুড় । ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষী প্ৰশাসনৰ লালীগুড়ৰ গুদামৰ বিৰুদ্ধে চলিছে তীব্ৰ অভিযান ৷ চাহিদা হ্ৰাস পাইছে গুড়ৰ ৷

হোজাই, 16 মাৰ্চঃ ৰাজ্যত বহুলভাৱে প্ৰসাৰিত লালিগুড় চৰকাৰে নিষিদ্ধ কৰাৰ পাছতে এতিয়া চৰম অনিশ্চয়তাত ভুগিছে ৰাজ্যৰ কুঁহিয়াৰ ব্যৱসায়ী তথা গুড় ব্যৱসায়ী সকল । এক প্ৰকাৰে উলুৰ লগত বগৰী পোৰাৰ দৰে কুঁহিয়াৰ ব্যৱসায়ী সকলৰ অৱস্থাই যেন একেই হৈছে৷ যাৰ বাবে বছৰ-বছৰ হোজাই জিলাৰ লামডিঙত কুঁহিয়াৰ খেতি কৰি জীৱিকা নিৰ্বাহ কৰা দৰিদ্ৰ কৃষক সকল বাধ্য হৈ পৰিছে প্ৰতিবাদ কৰিবলৈ ৷ পানীৰ অভাৱত ধান খেতি অথবা অন্যান্য খেতি কৰাৰ অনুপযুক্ত এই অঞ্চলৰ কুঁহিয়াৰ খেতিয়কৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা ৷

অনিশ্চিয়তাত ৰাজ্যৰ কুঁহিয়াৰ ব্যৱসায়ীৰ ভৱিষ্যৎ

অসম চৰকাৰৰ কঠোৰ স্থিতিত এতিয়া হেঙাৰ হৈ পৰিছে কৃষক সকলৰ জীৱিকাত ৷ লালীগুড় নিষিদ্ধৰ নিৰ্দেশে এতিয়া ভাবুকি কঢ়িয়াই আনিছে কৃষক সকলৰ ভৱিষ্যতলৈ ৷ সেইবাবে শনিবাৰে পুৱাই প্ৰতিবাদত বহে কৃষক সকল ৷ কৃষক সকলৰ দাবী চৰকাৰে আৰু প্ৰশাসনে লামডিঙত আহি প্ৰমাণ কৰক গুড় খাই মানুহৰ মৃত্যু হয় বুলি৷ চৰকাৰে বজাৰত গুড় নিষিদ্ধ কৰাত ক্ষোভিত হৈ পৰিছে এতিয়া লামডিঙৰ কৃষকসকল ৷ ইয়াৰ লগতে কৃষক সকলৰ আন এক সমস্যা হৈছে পানীৰ অভাৱৰ বাবে লামডিঙৰ কুঁহিয়াৰ সমূহ পেৰাই পগুৱাৰ বাবে গুড় সমূহৰ ৰঙৰ বৰণ হৈ পৰে ক'লা ৷ যাৰ বাবে এতিয়া ব্যৱসায়ী সকলে কৃষকৰ পৰা গুড় কিনিবলৈ অমান্তি হৈছে ৷ লামডিঙৰ ক্ষোভিত কৃষক সকলে চৰকাৰৰ নীতিৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে হুংকাৰ প্ৰদান কৰে চুলাই পান কৰি যদি তিনি শতাধিক লোকৰ মৃত্যু হৈছে তেন্তে আগন্তুক দিনত ৰাজ্যত হাজাৰ হাজাৰ কুঁহিয়াৰ খেতিয়কৰ মৃত্যু হ’ব ৷

Slug : Jaggery Bussiness Closed At Lumding

Date : 16.03.2019

Vis : Email


VO : গোলাঘাটৰ সুৰা ট্ৰেজেদিৰ পাছত ৰাজ্যত নিষিদ্ধ কৰা হৈছিল লালিগুড়। ৰাজ্যৰ ভিন্ন প্ৰান্তত এই সুৰা ট্ৰজেডিৰ পাছতে আৰক্ষী প্ৰশাসনে বিভিন্ন ঠাইত অভিযান চলাই চিল কৰিছিল বহুকেইটা লালীগুড়ৰ গুদাম। ৰাজ্যত বহুল প্ৰসাৰিত এই লালিগুড় চৰকাৰে নিষিদ্ধ কৰাৰ পাছত এতিয়া চৰম  অনিশ্বয়তাত ভূগিছে কুহিঁয়াৰ ব্যৱসায়ী তথা গুৰ ব্যৱসায়ী সকল। এক প্ৰকাৰে উলুৰ লগত বগৰী পোৰা লেখীয়া কথা হৈ পৰিছে। উল্লেখ যে হোজাই জিলা লামডিঙৰ দৰে এখন  দুৰ্গম পাৰ্বত্যঞ্চলত এতিয়া কুহিঁয়াৰ কৃষক সকলে প্ৰতিবাদত নামিবলৈ বাধ্য হৈ পৰিছে৷ লামডিঙখন  পাহাৰীয়া অঞ্চল হোৱাৰ হেতুকে  পানীৰ সমস্যাত বছৰ বছৰ ধৰি জৰ্জৰিত হৈ আহিছে কৃষক সকল ৷ পানীৰ অভাৱত ধান খেতি বা অনান্য খেতি কৰাৰ  সুবিধাকনো নাই বাবেই  লামডিং এই সকল ৰাইজে বছৰ বছৰ ধৰি কুঁহিয়াৰ খেতিৰ উৎপাদনত গুৰৰ ব্যৱসায়ৰে নিজৰ জীৱিকা নিৰ্বাহ কৰি আহিছিল ৷ কিন্তু এতিয়া তেওঁলোকৰ জীৱিকাত হেঙাৰ হৈ পৰিছে অসম চৰকাৰ ৷ কৃষক সকলৰ সাধাৰন জীৱনৰ যাপন পৰা এতিয়া পথৰ ভিক্ষাৰীৰ হবলৈ বাধ্য কৰিছে অসম চৰকাৰে ৷  সেয়হে আজি পুৱাই কুঁহিয়াৰ খেতিৰ কৃষক সকলে  লামডিং চহৰৰ মাজ মজিয়াতে প্ৰতিবাদ কৰিবলৈ বাধ্য হয় ৷ তেওঁলোকৰ দাবী চৰকাৰে আৰু প্ৰশাসনে লামডিঙত আহি পৰীক্ষা কৰক গুৰ সেৱন কৰি মৃত্যু হয় বুলি ৷  অসম চৰকাৰে সকলো গুৰ  বজাৰত  নিষিদ্ধ কৰাত ক্ষোভিত হৈ পৰিছে লামডিং এইসকল কৃষক ৷ লগতে কৃষকসকলে কয় যে যিহেতু লামডিং তথা লামডিঙৰ দাঁতি কাষৰীয়া বহু অঞ্চলত পানীৰ অভাৱ সেয়হে লামডিঙৰ কুঁহিয়াসমূহ পেৰাই  পগুৱালে প্ৰায়ভাগ গুৰেই ক'লা বৰণৰ হৈ পৰে যাৰ ফলত এতিয়া গুৰ ব্যৱসায়ী সকলে কৃষকৰ পৰা গুৰ কিনিবলৈ অমান্তি হৈছে ৷কৃষক সকলে বহু কষ্টৰে কুঁহিয়া খেতিৰে প্ৰতিবছৰৰ দৰে এইবছৰো গুৰসমূহ প্ৰস্তুত কৰিছে  যদিও এতিয়া বজাৰত মূলহীন হৈ ঘৰতেই পেলনীয়া হৈ পৰিছে বস্তাই বস্তাই গুৰসমূহ ৷ পেটে ভাতে জীয়াই থকা কৃষকসকলে আৰ্থিক অৱস্থাত ভূগিব লগীয়া হোৱাত এতিয়া লামডিঙৰ ক্ষোভিত কৃষক সকলে চৰকাৰৰ নীতিৰ বিৰুদ্ধে বিভিন্ন শ্লগান প্ৰদান কৰি প্ৰতিবাদ সাবস্ত্য কৰে ৷ তেওঁলোকে চৰকাৰৰ প্ৰতি ক্ষোভ উজাৰি  চুলাই সেৱন কৰি অসমত যদি ৩০০ লোকৰ মৃত্যু হৈছে তেনেহ'লে আগোন্তুক দিনত ৰাজ্যত পেটৰ টাৰনাত হাজাৰ হাজাৰ  কুঁহিয়াৰ খেতি কৃষকে মৃত্যু বৰন কৰিব বুলি হুংকাৰ জনায় ৷


হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.