ETV Bharat / state

দুৰ্নীতিৰ বিৰুদ্ধে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ

author img

By

Published : Jul 30, 2020, 3:42 PM IST

সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ
সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ

হোজাইত উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা(আটচা)ৰ প্ৰতিবাদ । চাহ জনজাতীয় শিক্ষাৰ্থীৰ বাবে আৱন্টিত ছাত্ৰ বৃত্তি তথা জনগোষ্ঠীয় উন্নয়ন পূঁজিত সংঘটিত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে এই প্ৰতিবাদ ৷

হোজাই, 30 জুলাই : হোজাইত উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা(আটচা)ৰ প্ৰতিবাদ । জিলা সদৰ শংকৰদেৱ নগৰস্থিত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা(আটচা)ই বিভিন্ন দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে ।

সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ

বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সংগঠনটোৱে ৷

কোভিড-19ৰ সময়ছোৱাত চাহ জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ বাবে আৱন্টিত ছাত্ৰ বৃত্তিৰ তথা জনগোষ্ঠীয় উন্নয়নৰ বাবে আৱন্টিত বিভিন্ন আঁচনিত সংঘটিত হোৱা ব্যাপক দুৰ্নীতিৰ বাবেই এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সংগঠনটোৱে ৷

সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ছাত্ৰ সংগঠনটোৱে চাহ জনজাতীয় মন্ত্ৰী সঞ্জয় কিষানৰ পুত্তলিকা দাহ কৰাৰ লগতে আগন্তুক দিনত আটচাৰ দাবীসমূহ পূৰণ নহ'লে হাতত ধনু-কাৰ আৰু যাঠি জোং তুলি লোৱাৰ হুংকাৰ প্ৰদান কৰে আটচাৰ সদস্যসকলে ।

দুৰ্নীতিৰ বিৰুদ্ধে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ
হোজাইত সঞ্জয় কিষানৰ পুত্তলিকা দাহ

লগতে পঢ়কঃ লাওখোৱাত খহনীয়াৰ ভয়ংকৰ ৰূপঃ উছনৰ দিশে বহু পৰিয়াল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.