এদিনতে 80 হাজাৰ টকা জৰিমনা সংগ্ৰহ হোজাই জিলা পৰিবহণ বিভাগৰ

এদিনতে 80 হাজাৰ টকা জৰিমনা সংগ্ৰহ হোজাই জিলা পৰিবহণ বিভাগৰ
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে হোজাই জিলাতো পৰিবহণ বিভাগে আৰক্ষীৰ সহযোগত যান বাহনৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে (Operation against dringk and drive in Hojai) ৷ চৰকাৰে জাৰি কৰা নীতি-নিৰ্দেশনা অৱমাননা কৰা সকলৰ বিৰুদ্ধে কঠোৰ হৈছে হোজাই জিলা পৰিবহণ বিভাগ ৷
হোজাই, 30 ডিচেম্বৰ : যান-বাহন চলোৱাৰ নীতি-নিয়ম পালনৰ ক্ষেত্ৰত চৰকাৰী নীতি-নিৰ্দেশনাক ৰাইজে মানি চলিছেনে নাই সেই বিষয়ে সষ্টম হৈ পৰিছে আৰক্ষীৰ লগতে হোজাই জিলা পৰিবহণ বিভাগ (Operation against dringk and drive in Hojai) ৷ বাইকত যোৱা সকলৰ লগত হেলমেট, নথি-পত্ৰ নাথাকিলে লগতে বাইকত উঠি যোৱা দুয়োজনৰে মূৰত হেলমেট নাথাকিলে জৰিমনা বিহিছে হোজাই জিলা আৰক্ষীয়ে ৷
চাৰি চকীয়া বাহনৰ চালকে ছিট বেল্ট পৰিধান নকৰিলে জৰিমনা ভৰিব লগা হৈছে ৷ বিশেষকৈ 31 ডিচেম্বৰৰ পূৰ্বে মটৰ চাইকেল চালক আৰু আৰোহী উভয়ে হেলমেট পৰিধান নকৰা দুচকীয়া বাহনৰ বিৰুদ্ধে হোজাই জিলা পৰিবহন বিভাগৰ বিষয়া কৰ্মচাৰী সকলে আৰক্ষীৰ সহযোগত ডবকা-নীলবাগানত তীব্ৰ অভিযান আৰম্ভ কৰিছে (Hojai Police operation against dringk and drive) ৷
চালক আৰু আৰোহী উভয়ে হেলমেট অবিহনে আৰোহী উঠাই অনা মটৰচাইকেল আৰোহীক 1,000 টকাৰ পৰা 6,000 টকা পর্যন্ত জৰিমনা বিহা হৈছে ৷ হোজাই এনফৰ্চমেন বিষয়া মুখলেচুৰ ৰহমানে সদৰি কৰামতে, বুধবাৰে নীলবাগানৰ 54 নং ৰাষ্ট্ৰীয় ঘাই পথত অভিযান চলাই 80,000 টকা জৰিমনা উঠাইছে আৰক্ষী আৰু জিলা পৰিবহণ বিভাগে ৷
লগতে পঢ়ক: Drink and drive : ফু-মাৰি প্ৰমাণ দিয়ক মদ খাইছে নেকি আপুনি
