ETV Bharat / state

লংকাত দিন দুপৰতে চুৰি

author img

By

Published : Feb 24, 2019, 4:31 AM IST

চোৰে লুটিলে দুই লক্ষাধিক মূল্যৰ আ-অলংকাৰ

হোজাইৰ লংকা চহৰত দিন দুপৰতে চুৰি কাণ্ড

হোজাই,২৩ ফেব্ৰুৱাৰীঃ শনিবাৰে হোজাইৰ লংকা চহৰৰ ৩নং ৱাৰ্ডত দিনদুপৰতে সংঘটিত হয় চুৰিকাণ্ড।

হোজাইৰ লংকা চহৰত দিন দুপৰতে চুৰি কাণ্ড
এখন ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কৰ্মৰত দুই পতি-পত্নী বিদ্যালয়ত থকাৰ সময়তেই দুৰ্বৃত্তই লুটি লৈ যায় ২ লক্ষাধিক টকা মূল্যৰ সোণৰ আ-অলংকাৰ।

উল্লেখ্য যে, বিগত পষেকটোত চহৰখনৰ এটি ব্যক্তিগত প্ৰতিষ্ঠানতো ডকাইটিৰ কাণ্ড সংঘটিত হৈছিল। লংকা আৰক্ষী থানাৰ সমীপত সংঘটিত হোৱা উক্ত ঘটনাৰ পাচতেই শনিবাৰে পুনৰ সংঘটিত হ'ল চুৰিকাণ্ড।

Slug: Hojai Lanka thief

Date:23/2/19

Vis : email

Story :হোজাই জিলাৰ লংকা চহৰত আজি পুনৰ সংঘটিত হল এক চুৰি কাণ্ড।দিনদুপৰতে  এই চুৰিকাণ্ড সংঘটিত হয় চহৰখনৰ ৩নং ৱাৰ্ডত।এখন ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কৰ্মৰত দুই পতি-পত্নী বিদ্যালয়ত থকাৰ সময়তেই ঘৰত কোনো নথকাৰ সুযোগত চুৰিকাণ্ড সংঘটিত কৰি চোৰে ২ লক্ষাধিক টকা মূল্যৰ সোনৰ আ-অলংকাৰ লুটি লৈ যায়।উল্লেখ্য যে,বিগত পষেকটোতো চহৰখনৰ এটি ব্যক্তিগত প্ৰতিষ্ঠানত ডকাইটি কাণ্ড সংঘটিত হৈছিল।লংকা আৰক্ষী থানাৰ পৰা নাতিদূৰৈতেই সংঘটিত হোৱা উক্ত ঘটনাৰ পাছতেই পুনৰ আজি চহৰখনত দিনদুপৰতে সংঘটিত হল এই চুৰিকাণ্ড।ইপিনে চহৰখনত দিনক দিনে বাঢ়ি অহা অপৰাধমূলক ঘটনা আৰু চুৰি-ডকাইতিৰ ঘটনাক লৈ উদ্বেগৰ সৃষ্টি হৈছে।


হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.