ETV Bharat / state

হোজাইত কংগ্ৰেছৰ প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ সমৰ্থনত অভিৱৰ্তন

author img

By

Published : Jan 6, 2021, 10:53 PM IST

সমাগত ২০২১ বিধানসভা নিৰ্বাচন। আগন্তক নিৰ্বাচনক লৈ তৎপৰ প্ৰতিটো ৰাজনৈতিক দল। সমান্তৰালভাবে প্ৰতিটো সমষ্টিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ মাজতো দেখা গৈছে ব্যাপক তৎপৰতা।

hojai-congress-meeting
হোজাইত কংগ্ৰেছৰ প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ সমৰ্থনত অভিৱৰ্তন

হোজাই, 6 জানুৱাৰী : সমাগত ২০২১ বিধান সভা নিৰ্বাচন। আগন্তক নিৰ্বাচনক লৈ তৎপৰ প্ৰতিটো ৰাজনৈতিক দল। সমান্তৰালভাবে প্ৰতিটো সমষ্টিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ মাজতো দেখা গৈছে ব্যাপক তৎপৰতা। ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে হোজাই বিধানসভা সমষ্টিতো দেখা গৈছে প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ নিৰ্বাচনী কুচকাৱাজ। বিশেষকৈ কংগ্ৰেছৰ প্ৰাৰ্থীত্ব প্ৰত্যাশীয়ে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ।

হোজাইত কংগ্ৰেছৰ প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ সমৰ্থনত অভিৱৰ্তন

আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে হোজাই সমষ্টিৰ কংগ্ৰেছৰ টিকটৰ দৌৰত আছে প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দে, যুৱ ব্যৱসায়ী দেৱব্ৰত সাহাকে ধৰি আন কেইবাজনো ব্যক্তি। ইয়াৰ মাজতে বুধবাৰে হোজাইৰ পূব ধনীৰাম পথাৰ গাঁওৰ সৌৰভী বিবাহ ভৱনত সমষ্টিটোৰ মণ্ডল কংগ্ৰেছ, মহিলা কংগ্ৰেছ, মণ্ডল যুৱ কংগ্ৰেছৰ সভাপতি, সম্পাদক আৰু কৰ্মীবৃন্দই এক অভিবৰ্তন অনুষ্ঠিত কৰি আগন্তক বিধানসভা নিৰ্বাচনৰ বাবে ৰণনীতি প্ৰস্তুত কৰে । লগতে প্ৰাৰ্থীত্ব প্ৰত্যাশী সকলৰ ভিতৰৰ দেৱব্ৰত সাহাক উপস্থিতসকলে সমৰ্থন জনায় আগন্তক নিৰ্বাচনত কংগ্ৰেছৰ টিকট দেবু ওৰফে দেৱব্ৰত সাহাক প্ৰদান কৰাৰো দাবী জনায়।

উক্ত অভিবৰ্তনত হোজাই সমষ্টিৰ বিভিন্ন প্ৰান্তৰ প্ৰায় পাঁচ শতাধিক কংগ্ৰেছ কৰ্মীৰ লগতে প্ৰাক্তন জিলা পৰিষদৰ সভাপতি তথা কংগ্ৰেছ নেতা ধনীৰাম থাউছেন সহ অন্যান্য নেতা উপস্থিত থাকে।

আনহাতে, এই অভিবৰ্তনখন কংগ্ৰেছৰ সভা নহয় আৰু কংগ্ৰেছৰ কৰ্মীসকল যাব নালাগে বুলি জিলা কংগ্ৰেছৰ সম্পাদক বিজয় চক্ৰৱৰ্তীয়ে ফেচবুকযোগে আহ্বান জনোৱাও পৰিলক্ষিত হয় ৷

লগতে পঢ়ক: সুস্থ শৰীৰে পুত্ৰক ঘুৰাই পাই সুখী বিশ্বজিৎ দৈমাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.