ETV Bharat / state

লামডিঙত বৃহৎ পৰিমাণৰ সোণসহ যুৱক আটক

author img

By

Published : Jun 27, 2021, 9:24 PM IST

শনিবাৰে নিশা লামডিং ৰে’ল ষ্টেচনত 03176 নম্বৰৰ আগৰতলা-শিয়ালদহ কাঞ্চনজংঘা এক্সপ্ৰেছত নিয়মীয়া তালাচী চলাই সোণসহ এজন সৰবৰাহকাৰীক আটক কৰে ৰে’ল আৰক্ষীয়ে ৷ আটকাধীন সৰবৰাহকাৰীটোক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

gold-smuggler-arrested-by-lumding-railway-police
লামডিঙত বৃহৎ পৰিমানৰ সোণ সহ যুৱক আটক

হোজাই, 27 জুন : দেশ তথা ৰাজ্যত অব্যাহত থকা ক'ভিডৰ সংহাৰী ৰূপ নিয়ন্ত্ৰণ কৰাৰ বাবে চৰকাৰে জাৰি কৰা নীতি-নিৰ্দেশনা তথা লক ডাউনৰ সুযোগ লৈ সৰৱ হৈছে একাংশ দুষ্ট লোক ৷ সমান্তৰালকৈ ৰে’ল বিভাগতো অব্যাহত আছে চোৰাং সামগ্ৰীৰ ৰমৰমীয়া বেহা ৷ শনিবাৰে নিশা লামডিং ৰে’ল ষ্টেচনত 50 লাখ টকা মূল্যৰ সোণসহ ৰে’ল আৰক্ষীৰ জালত পৰিল এজন সৰবৰাহকাৰী ৷ বৰ্তমান আটকাধীন যুৱকজনক সোধ-পোচ অব্যাহত ৰাখিছে ৰে’ল আৰক্ষীয়ে ৷

উল্লেখ্য যে, বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত শনিবাৰে নিশা লামডিং ৰে’ল ষ্টেচনত 03176 নম্বৰৰ আগৰতলা-শিয়ালদহ কাঞ্চনজংঘা এক্সপ্ৰেছত নিয়মীয়া তালাচী চলাইছিল ৰে’ল আৰক্ষীৰ কনিষ্টবল প্ৰাণটোশ নন্দীয়ে ৷ উক্ত অভিযানত ৰে’লখনৰ AS-2 নম্বৰৰ ডবাটোৰ পৰা পাঁচখনকৈ সোণৰ বিস্কুটসহ এজন যুৱকক আটক কৰে আৰক্ষীয়ে ৷ সোণসহ আৰক্ষীৰ জালত পৰা যুৱকজন জালালপুৰৰ পৃথ্বী শ্বাহ বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

লামডিঙত বৃহৎ পৰিমানৰ সোণ সহ যুৱক আটক

আৰক্ষীয়ে জনোৱা অনুসৰি, পৃথ্বী শ্বাহ নামৰ যুৱকজনে আগৰতলাৰ পৰা চাপ্ৰালৈ সোণখিনি সৰবৰাহ কৰিছিল ৷ উদ্ধাৰ হোৱা সোণখিনিৰ ওজন প্ৰায় 583.3 গ্ৰাম হোৱাৰ বিপৰীতে বজাৰ মূল্য প্ৰায় 50 লাখ টকা হ'ব বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷ অতি লক্ষণীয়ভাৱে, লক ডাউনৰ মাজতে শেহতীয়াকৈ ড্ৰাগছ, অন্যান্য নিচাজাতীয় সামগ্ৰী তথা জাল নোটসহ আৰক্ষীৰ জালত পৰিছিল বহু অবৈধ সৰবৰাহকাৰী ৷

উল্লেখ্য যে, ক'ডিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চৰকাৰে জাৰি কৰা শেহতীয়া নীতি-নিৰ্দেশনাৰ মাজতে ৰে’ল আৰক্ষীৰ জালত পৰিছিল সোণ, ড্ৰাগছ তথা জাল নোট সৰবৰাহৰ লগত জড়িত থকা বহু সৰবৰাহকাৰী ৷ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাছতে এইসকল সবৰাহকাৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসম আৰক্ষী তথা ৰে’ল আৰক্ষী ৷ ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত ৷

লগতে পঢ়কঃ ভেকচিন নোলোৱা অংগনবাদী-আশা কৰ্মীৰ পাৰিতোষিক বন্ধ: জিষ্ণু বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.