ETV Bharat / state

Ganja seized from train: লামডিঙত ৰে’লৰ পৰা জব্দ বৃহৎ পৰিমাণৰ নিষিদ্ধ গাঞ্জা

author img

By

Published : Dec 19, 2022, 5:10 PM IST

Updated : Dec 19, 2022, 6:10 PM IST

Ganja seized from train in Lamding
লামডিঙত ৰে’লৰ পৰা জব্দ বৃহৎ পৰিমাণৰ নিষিদ্ধ গাঞ্জা

লামডিঙত পুনৰ ৰে’লৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে নিচাজাতীয় দ্ৰব্য (Ganja Seized From Train) ৷ সোমবাৰে আৰ পি এফৰ এটা দলে অভিযান চলাই জব্দ কৰে প্ৰায় ১২১ কেজি গাঞ্জা । জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ১২ লাখ ১০ হাজাৰ টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

হোজাই, 19 ডিচেম্বৰ: নিচাজাতীয় দ্ৰব্যৰ কৰাল গ্ৰাসত পৰিছে নৱপ্ৰজন্ম ৷ নিচাজাতীয় দ্ৰব্য সেৱনৰ ফলত ইতিমধ্যে ধ্বংস হৈছে বহু যুৱক-যুৱতীৰ জীৱন (Drugs and alcohol ruining young generation) ৷ ধ্বংস হৈছে এখন এখন ঘৰ ৷ নিচাজাতীয় দ্ৰব্যৰ সেৱনৰ ফলতে বিনষ্ট হৈছে বহু পৰিয়ালৰ সুখ-শান্তি (Drug addiction affects entire family) ৷ কাৰোবাৰ যদি স্বামী আন কাৰোবাৰ আকৌ পুত্ৰই নিচাজাতীয় দ্ৰব্য সেৱন কৰিছে ৷ যাৰ ফলত ধ্বংস হৈ গৈছে সেই ঘৰখন ৷

উল্লেখ্য যে বৰ্তমান যুৱ সমাজত নিচাযুক্ত দ্ৰব্য সেৱনৰ আসক্তি দ্ৰুতগতিত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । ই সমাজৰ বাবে এক ভয়াবহ সংকট বুলি ক’ব পাৰি । কিয়নো, যুৱশক্তি হৈছে সমাজ তথা দেশ গঢ়াৰ মূল ভেটিস্বৰূপ । এই ভেটি সুদৃঢ় নহ’লে সমাজত শান্তি সম্ভৱ নহয় ।

এই নিচাযুক্ত দ্ৰব্যসমূহ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ পক্ষে কিমান ক্ষতিকাৰক আৰু মধ্য বয়সত ই কিমান ধৰণৰ কঠিন ৰোগৰ সৃষ্টি কৰিব পাৰে, সেৱনকাৰীসকলে প্ৰথমতে এইটো উপলব্ধি কৰিব নোৱাৰে । অথবা কোনো কোনোৰ ক্ষেত্ৰত ই উপলব্ধি হ’লেও ইয়াক সেৱন কৰাৰ পিছত সহজে ত্যাগ কৰিব নোৱাৰে । এনে বহু উদাহৰণ আমি নিতৌ দেখা নোপোৱা নহয় ৷ ইফালে এই বৰবিহৰ পৰা নৱপ্ৰজন্মক উদ্ধাৰৰ বাবে চৰকাৰেও গ্ৰহণ কৰিছে কঠোৰ ব্যৱস্থা ৷

এই ক্ষেত্ৰত অসম আৰক্ষীয়ে পূৰ্বতকৈ অধিক সষ্টম হৈ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে চলাই গৈছে অভিযান ৷ ধাৰাবাহিকভাৱে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান (Anti Drugs mission in Assam) ৷ প্ৰায় প্ৰতিদিনে ৰাজ্যৰ চুকে-কোণে আৰক্ষীয়ে নিচাজাতীয় দ্ৰব্য অথবা সামগ্ৰী জব্দ কৰাৰ লগতে আটক কৰিছে বহু অপৰাধীকো ৷ কিন্তু আৰক্ষী যিমানেই অপৰাধীক আটক কৰিছে, সিমানেই ন ন পদ্ধতিৰে সৰবৰাহকাৰীয়ে কঢ়িয়াইছে এই বৰবিহ ৷

শেহতীয়াকৈ লামডিঙত পুনৰ ৰে’লৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে নিচাজাতীয় দ্ৰব্য (Ganja seized from train) ৷ আজি আৰ পি এফে অভিযান চলাই বৃহৎ পৰিমাণৰ নিষিদ্ধ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দ কৰে প্ৰায় ১২১ কেজি গাঞ্জা । লামডিং ৰেলৱে জংচনত আৰ পি এফ চি আই বি দলে অভিযান চলাই ১৫৯০৯ নামনিমুৱা অৱধ আসাম এক্সপ্ৰেছ ৰে’লখনৰ এ চি দুই কক্ষৰ ডবাৰ পৰা জব্দ কৰে ১২ পেকেট নিষিদ্ধ গাঞ্জা ৷ জানিব পৰা মতে গাঞ্জাখিনি বজাৰ কৰা প্লাষ্টিকৰ বেগৰ ভিতৰত ভৰাই আনিছিল ৷

আৰ পি এফৰ চি আই বি দলটোৱে বিশেষ সূত্ৰৰ পম খেদি নন্দেশ্বৰ দাসৰ নেতৃত্বত অভিযান চলাই গাঞ্জাখিনি জব্দ কৰে (RPF raid against Narcotic) ৷ গাঞ্জাখিনি জব্দ কৰে যদিও ইয়াৰ লগত জড়িত কোনো সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম নহ’ল অভিযানকাৰী দলটো ৷ লামডিঙৰ আৰ পি এফৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে জানিব দিয়া মতে গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ১২ লাখ ১০ হাজাৰ টকা হ’ব ।

লগতে পঢ়ক: War Against Drugs: গোৱালপাৰাত মেঘালয় আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

Last Updated :Dec 19, 2022, 6:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.