ETV Bharat / state

অসম চৰকাৰৰ 'প্রার্থনা আঁচনি'ৰ অধীনত হোজাই জিলাত চেক বিতৰণ

author img

By

Published : Oct 3, 2021, 6:10 PM IST

Prarthana Scheme
অসম চৰকাৰৰ প্রার্থনা আঁচনিৰ অধীনত হোজাই জিলাত চেক বিতৰণ

হোজাই জিলাত ক'ভিডত প্ৰাণ হেৰুওৱা আঠগৰাকী ব্যক্তিৰ নিকটাত্মীয়ক সাহায্য হিচাপে প্ৰাৰ্থনা আঁচনিৰ অধীনত ১ লাখ কৈ টকাৰ চেক প্ৰদান কৰা হয় । মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এই চেক বিতৰণ কৰি সকলোকে ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

হোজাই,৩ অক্টোবৰ : হোজাই জিলাৰ শংকৰদেৱ নগৰস্থিত আৱৰ্ত ভৱনত অসম চৰকাৰৰ 'প্ৰাৰ্থনা আঁচনি'ৰ (Prarthana Scheme) অধীনত নিৰ্দিষ্ট ধনৰাশিৰ চেক বিতৰণ কৰা হয় । অসম চৰকাৰৰ বন আৰু পৰিৱেশ, আবকাৰী আদি দপ্তৰৰ মন্ত্ৰী তথা হোজাই জিলাৰ অভিভাৱক মন্ত্ৰী পৰিমল শুক্লবৈদ্য (Parimal Suklabaidya) উপস্থিত থাকে এই অনুষ্ঠানত । অনুষ্ঠানটোত হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ, লামডিং বিধানসভা সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ আৰু উপায়ুক্ত অনুপম চৌধুৰীও উপস্থিত থাকে ।

অসম চৰকাৰৰ প্রার্থনা আঁচনিৰ অধীনত হোজাই জিলাত চেক বিতৰণ

হোজাই জিলাত ক'ভিডত (Covid) প্ৰাণ হেৰুওৱা আঠগৰাকী ব্যক্তিৰ নিকটাত্মীয়ক সাহায্য হিচাপে প্ৰাৰ্থনা আঁচনিৰ অধীনত ১ লাখ কৈ টকাৰ চেক প্ৰদান কৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই । উক্ত অনুষ্ঠানত মন্ত্ৰী গৰাকীয়ে ক'ভিডত প্ৰাণ হেৰুওৱা প্ৰতিগৰাকী ব্যক্তিৰ নিকটাত্মীয় আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গক অসমৰ মুখ্যমন্ত্ৰীৰ হৈ গভীৰ শ্ৰদ্ধা আৰু সমবেদনা জ্ঞাপন কৰে । লগতে মন্ত্রী গৰাকীয়ে এই অনুষ্ঠানৰ জৰিয়তে ক'ভিড প্ৰতিষেধক (Covid Vaccine) গ্ৰহণ নকৰা জনসাধাৰণক অতি সোনকালে ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

অনুষ্ঠানত উপায়ুক্ত অনুপম চৌধুৰীয়ে হিতাধিকাৰীসকলক নিজৰ নিজৰ অঞ্চলত বসবাস কৰা লোকসকলৰ মাজত সজাগতা বৃদ্ধি কৰি ওচৰৰ প্ৰতিষেধক কেন্দ্ৰত গৈ প্ৰতিষেধক গ্ৰহণৰ প্ৰতি উৎসাহিত কৰিবলৈ আহ্বান জনায় । অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত গকুল চন্দ্ৰ ব্ৰহ্ম, অতিৰিক্ত আৰক্ষী অধীক্ষ পঞ্জিত দুৱৰা, মহকুমাধিপতি সুদীপ নাথ, হোজাই জিলা পৰিষদৰ অধ্যক্ষ ৰমা বালা দেৱী প্ৰমুখ্যে স্বাস্থ্য বিভাগৰ বিষয়া, কর্মচাৰীসকল উপস্থিত থাকে ।

লগতে পঢ়ক :দিনযোৰা কাৰ্যসূচীৰে বকোত সাংসদ কুইন ওজা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.