ETV Bharat / state

কেনে আছে ঝাৰখণ্ডৰ এম্বুশ্বত আহত অসম সন্তান জোৱান শম্ভু মালা ?

author img

By

Published : Jun 16, 2019, 6:59 PM IST

Updated : Jun 16, 2019, 8:18 PM IST

ঝাৰখণ্ডত মাওবাদীৰ আক্ৰমণত আহত আন এগৰাকী অসম সন্তান ৷ মুখমণ্ডলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত জোৱান শম্ভু মালা বৰ্তমানে ৰাঁচীত চিকিৎসাধীন ৷

কেনে আছে ঝাৰখণ্ডৰ এম্বুশ্বত আহত অসম সন্তান জোৱান শম্ভু মালা ?

হোজাই, 16 জুন : মাওবাদীৰ আক্ৰমণত ঝাৰখণ্ডত আহত হোৱা কোব্ৰা কমাণ্ডোৰ বীৰ জোৱান অসম সন্তান শম্ভু মালা বৰ্তমানে চিকিৎসাধীন ৰাঁচীত ৷ মুখমণ্ডল আৰু দেহৰ ভিন্ন অংশত আঘাতপ্ৰাপ্ত শম্ভু মালাই ২০১২ চনত যোগদান কৰিছিল চি আৰ পি এফত । পাচত ২০১৬ চনত কোব্ৰা কমাণ্ডোত যোগদানৰ পৰাই ঝাৰখণ্ডত নিয়োগ হৈ আছে শম্ভু মালা । চলিত বৰ্ষৰ ১৭ জানুৱাৰীত ধেমাজিৰ মিনা মালাৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱা শম্ভু মালাৰ ভাল বন্ধুত্ব আছিল বীৰ শ্বহীদ জোৱান সুনীল কলিতাৰ সৈতে ৷ বৰ্তমান চিকিৎসাধীন হৈ থকা জোৱান গৰাকীক তেওঁৰ পৰিয়ালৰ সদস্যই ইতিমধ্যে ৰাঁচীত সাক্ষাৎ কৰি আহিছে ।

কেনে আছে ঝাৰখণ্ডৰ এম্বুশ্বত আহত অসম সন্তান জোৱান শম্ভু মালা ?

ৰাঁচীৰ পৰা উন্নত চিকিৎসাৰ বাবে আহত জোৱানজনক দিল্লীলৈ অনা হ'ব বুলি ইতিমধ্যে কোব্ৰা কমাণ্ডোৰ শীৰ্ষ বিষয়াই অৱগত কৰিছে উল্লেখ কৰে জোৱানগৰাকীৰ পিতৃ-মাতৃয়ে ৷ পুত্ৰৰ আহতৰ খবৰত পিতৃ-মাতৃ উচুপি উঠিছে যদিও দেশমাতৃৰ সেৱাত নিয়োজিত পুত্ৰক লৈ গৰ্বিত এতিয়া তেওঁলোক ৷ ইপিনে ইন্দ্ৰজিত মালা আৰু ফুলপতি মালাৰ চাৰি সন্তানৰ ভিতৰত দুগৰাকী সন্তানে দেশ ৰক্ষাৰ বাবে নিয়োজিত হৈ আছে । আহত শম্ভু মালাৰ আন এগৰাকী ভাতৃ ইণ্ডো-তিব্বতীয় সীমান্ত আৰক্ষীত নিয়োজিত হৈ আছে ৷

উল্লেখ্য যে, ২৮ মে'ত চলোৱা ভয়ংকৰ এম্বুশ্বত ২০৯ কোব্ৰা কমাণ্ডোৰ হোজাইৰ বীৰ জোৱান শম্ভু মালা সহ কেইবাজনো জোৱান আহত হোৱাৰ লগতে শ্বহীদ হৈছিল বহুকেইগৰাকী ৷

Intro:মাওবাদীৰ আক্ৰমণত ঝাৰখণ্ডত আহত হোৱা কব্ৰা কমাণ্ডোৰ হোজাইৰ বীৰ জোৱান শম্ভু মালা বৰ্তমান কি অৱস্থাত চিকিৎসাধীন হৈ আছে।। এক্সক্লুছিৱ।প্ৰতিবেদনBody:মাওবাদীৰ আক্ৰমণত ঝাৰখণ্ডত আহত হোৱা কব্ৰা কমাণ্ডোৰ হোজাইৰ বীৰ জোৱান শম্ভু মালা বৰ্তমান কি অৱস্থাত চিকিৎসাধীন হৈ আছে।। চাওঁ আহক আমাৰ শম্ভু মালাৰ বাসগৃহৰ পৰা এক এক্সক্লুছিৱ।প্ৰতিবেদন


ঝাৰখণ্ডত মাওবাদীয়ে যোৱা ২৮ মে তাৰিখে চলোৱা ভয়ংকৰ এম্বুশ্বত ২০৯ কব্ৰা কমাণ্ডোৰ হোজাইৰ বীৰ জোৱান শম্ভু মালা সহ কেইবাজনো জোৱান আহত আৰু শ্বহীদ হৈছিল।।ইয়াৰে গুৰুত্বৰভাৱে আহত হোৱা বীৰ জোৱান শম্ভু মালা এতিয়াও ৰাচী স্থিত কব্ৰা কমাণ্ডোৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।।মুখমণ্ডল আৰু দেহৰ বিভিন্ন অংশত আঘাতপ্ৰাপ্ত শম্ভু মালাই ২০১২ চনত চি আৰ পি এফত যোগদান কৰিছিল ।।ইয়াৰ পিছত ২০১৬ চনত কব্ৰা কমাণ্ডোত যোগদান কৰাৰ পৰাই ঝাৰখণ্ডত নিয়োগ হৈ আছে।।চলিত বৰ্ষৰ ১৭ জানুৱাৰীত ধেমাজিৰ মিনা মালাৰ সৈতে আবদ্ধ হৈছিল বিবাহ পাশত।।বৰ্তমান চিকিৎসাধীন হৈ থকা বীৰ জোৱান গৰাকীক তেওঁৰ পিতৃ আৰু পৰিয়ালৰ অন্যান্য সদস্য সকলে ৰাচীত গৈ লগ কৰি আহিছে।।ৰাচীৰ পৰা উন্নত চিকিৎসাৰ বাবে এই কেইদিনত আহত জোৱানজনক দিল্লীলৈ অনা হব বুলি ইতিমধ্যে কব্ৰা কমাণ্ডোৰ শীৰ্ষ বিষয়াই অভিভাৱকক অৱগত কৰিছে।।দেশ ৰক্ষাৰ বাবে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ থকা পুত্ৰক লৈ গৰ্ভিত পিতৃ মাতৃ আৰু পৰিয়ালৰ লোকসকল।।পিতৃৰ স্পষ্ট মত দেশ ৰক্ষাৰ বাবে পুত্ৰক দিছোঁ আমি একো নকওঁ চৰকাৰে যি ভাল ভাবে সেইটো কৰিব।।ইন্দ্ৰজিত মালা আৰু ফুলপতি মালাৰ চাৰি সন্তানৰ ভিতৰত দুগৰাকী সন্তানে দেশ ৰক্ষাৰ বাবে নিয়োজিত হৈ আছে।।আহত শম্ভু মালাৰ আন এগৰাকী ভাতৃ ITBP ত নিয়োগ হৈ আছে।।লক্ষণীয় যে পুত্ৰৰ আহতৰ খবৰ পাই পিতৃ মাতৃ উচুপি উঠিলেওঁ সন্তানক লৈ গৰ্ভিত।।লগতে বীৰ শ্বহীদ জোৱান সুনীল কলিতাৰ লগত শম্ভু মালাৰ ভাল বন্ধুত্ব আছিল বুলি প্ৰকাশ কৰি শ্বহীদ সুনীল কলিতাক স্মৰণ কৰে।।ইপিনে আহত অন্যান্য জোৱান সকলো তাত চিকিৎসাধীন হৈ থকাৰ কথাও ব্যক্ত কৰে।।





Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam

Last Updated : Jun 16, 2019, 8:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.