ETV Bharat / state

BERNIE BRIDGE CASE : বাৰ্ণি ব্ৰীজ গোচৰৰ মুখ্য অভিযুক্ত জুবেইৰ আহমেদক গ্ৰেপ্তাৰ

author img

By

Published : Jul 19, 2023, 10:46 PM IST

MAIN ACCUSED OF BERNIE BRIDGE CASE ZUBAIR AHMED ARRESTED
বাৰ্ণি ব্ৰীজ গোচৰৰ মুখ্য অভিযুক্ত জুবেইৰ আহমেদক গ্ৰেপ্তাৰ

14 দিনৰ অন্তত বাৰ্ণি ব্ৰীজ গোচৰৰ মুখ্য অভিযুক্ত জুবেইৰ আহমেদক গ্ৰেপ্তাৰ ৷ যোৱা 5 জুলাইৰ পৰা পলাতক আছিল জুবেইৰ ৷

বাৰ্ণি ব্ৰীজ গোচৰৰ মুখ্য অভিযুক্ত জুবেইৰ আহমেদক গ্ৰেপ্তাৰ

হাইলাকান্দি, 19 জুলাই : বৰাক উপত্যকা কপোঁৱা বাৰ্ণি ব্ৰীজ গোচৰৰ মুখ্য অভিযুক্ত জুবেইৰ আহমেদক গ্ৰেপ্তাৰ ৷ ঘটনাৰ প্ৰায় 14 দিনৰ পিচত মঙলবাৰে নিশা জুবেইৰ আহমেদক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় হাইলাকান্দি আৰক্ষী ৷ যোৱা 5 জুলাইৰ পৰা পলাতক আছিল জুবেইৰ ৷

হাইলাকান্দি আৰক্ষীয়ে 5 জুলাইত পক্স আইনৰ অধীনত পলাতক জুবেইৰৰ সন্ধান বিচাৰি সামাজিক মাধ্যমযোগে এক পোষ্ট শ্বেয়াৰ কৰিছিল ৷ বিগত 14 দিন ধৰি অভিযুক্ত জুবেইৰ আহমেদে আত্মগোপন কৰি আছিল ৷ আলগাপুৰৰ প্ৰাক্তন জিলা পৰিষদৰ সদস্য আফতাবৰ সহায়ত আৰক্ষীয়ে জুবেইৰক আটক কৰিবলৈ সক্ষম হয়৷ আৰক্ষীৰ হেঁচাত জুবেইৰৰ পৰিয়াল আৰু আত্মীয়সকলে জুবেইৰক আৰক্ষীৰ হাতত গতাই দিয়াত আফতাবৰ সহায় বিচাৰিছিল বুলি জানিবলৈ পৰা গৈছে ৷ অৱশ্যে এই ঘটনা গ্ৰেপ্তাৰ নে আত্মসমৰ্পণ এতিয়ালৈ জানিব পৰা হোৱা নাই ৷

উল্লেখ্য যে হাইলাকান্দিৰ বাৰ্ণি ব্ৰীজ চাহ বাগিচাত এগৰাকী স্কুলীয়া ছাত্ৰীক ধৰ্ষণ আৰু হত্যাৰ জঘন্য ঘটনা সংঘটিত হৈছিল ৷ এই গোচৰত হাইলাকান্দি আৰক্ষীয়ে যোৱা 5 জুলাই তাৰিখে দুই যুৱকক গ্ৰেপ্তাৰ কৰিছিল ৷ হাইলাকান্দি আৰক্ষীয়ে জাবিৰ আহমদ আৰু আনছাৰ উদ্দিন মজুমদাৰক গ্ৰেপ্তাৰ কৰিছিল যদিও মূল অভিযুক্ত জুবেইৰ আহমেদ পলাতক হৈ আছিল ৷

ঘটনাৰ বিৱৰণী অনুসৰি 5 জুলাইৰ নিশা এগৰাকী লোকে নিজ কন্যাক লগত লৈ মহিমপুৰ আৰক্ষী থানালৈ আহিছিল ৷ নাবালিকাগৰাকীৰ স্বাস্থ্য একেবাৰে বেয়া হোৱাৰ বাবে তেওঁক হাইলাকান্দি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ কিন্তু তেওঁৰ শাৰীৰিক অৱস্থাৰ অৱনতিৰ বাবে উন্নত চিকিৎসাৰ বাবে তেওঁক ততালিকে শিলচৰলৈ প্ৰেৰণ কৰা হৈছিল ৷

কিন্তু দুৰ্ভাগ্যজনকভাৱে কিশোৰীগৰাকী মৃত্যুৰ মুখত পৰিল ৷ তাৰ পিচতেই আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিল যে ভুক্তভোগী কিশোৰীগৰাকীসহ এগৰাকী বান্ধৱীক দুই যুৱকে নুনিবালি বাগানলৈ লৈ গৈছিল ৷ তাৰ পিচতেই সংঘটিত হৈছিল জঘন্য ঘটনা ৷ স্থানীয় লোকে কিশোৰীগৰাকীক উদ্ধাৰ কৰি বিদ্যালয় কৰ্তৃপক্ষক গতাই দিছিল ৷

লগতে পঢ়ক: 2 rape accused arrested : কিশোৰীক ধৰ্ষণ-হত্যাৰ গোচৰত 2 অভিযুক্ত গ্ৰেপ্তাৰ, পলাতক মাষ্টাৰমাইণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.