ETV Bharat / state

হাইলাকান্দিত পথ নিৰ্মাণৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Nov 19, 2020, 8:45 PM IST

চৰকাৰৰ উন্নয়নৰ শ্ল‘গানৰ ফোঁপোলা স্বৰূপ দেখিবলৈ পোৱা গ‘ল হাইলাকান্দি জিলাৰ কাটলিছেড়া বিধানসভা সমষ্টিৰ কিল্লাৰবাগ গাঁও পঞ্চায়তৰ অৰ্ন্তগত ঝালনাছেড়া গাঁৱত ৷ বৃহস্পতিবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু স্থানীয় ৰাইজে যুটীয়া ভাৱে বিধ্বস্ত হৈ থকা পথ নিৰ্মাণৰ দাবীত বিধায়ক সুজাম উদ্দিন লস্কৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

hailakandi-kmss-protest
হাইলাকান্দিত পথ নিৰ্মাণৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ

হাইলাকান্দি, 19 নৱেম্বৰ : ৰাজ্যত উন্নয়নৰ শ্ল'গানৰ দি দিছপুৰৰ গাদী দখল কৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ প্ৰথমটো কাৰ্যকাল প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত ৷ চৰকাৰৰ উন্নয়নৰ শ্ল‘গানৰ ফোঁপোলা স্বৰূপ দেখিবলৈ পোৱা গ‘ল হাইলাকান্দি জিলাৰ কাটলিছেড়া বিধান সভা সমষ্টিৰ কিল্লাৰবাগ গাঁও পঞ্চায়তৰ অৰ্ন্তগত ঝালনাছেড়া গাঁৱত ৷

hailakandi-kmss-protest
হাইলাকান্দিত পথ নিৰ্মাণৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ

বৃহস্পতিবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু স্থানীয় ৰাইজে যুটীয়া ভাৱে বিধ্বস্ত হৈ থকা পথ নিৰ্মাণৰ দাবীত বিধায়ক সুজাম উদ্দিন লস্কৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। স্থানীয় ৰাইজে কৰা অভিযোগ অনুসৰি প্ৰায় এবছৰ পূৰ্বে ঝালনাছেড়া গাঁৱৰ প্ৰধানমন্ত্ৰী গ্ৰামীণ চড়ক যোজনাৰ অধীনত পথ নিৰ্মাণৰ বাবে পুঁজি আৱন্টন হৈছিল যদিও আজিকোপতি অঞ্চলটোৰ মূল পথচোৱাৰ নিৰ্মাণৰ কাম আৰম্ভ নহ‘ল ৷ স্থানীয় ৰাইজে আগন্তুক এমাহৰ ভিতৰত পথ নিৰ্মাণৰ কাম আৰম্ভ নকৰিলে আগন্তুক বিধানসভা নিৰ্বাচনত ভোট দানৰ পৰা বিৰত থকাৰ হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়ক: বৰঙাবাৰীত হিমন্ত বিশ্ব শৰ্মাই স্থাপন কৰিব নাৰ্চিং বিদ্যালয়ৰ আধাৰশিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.