ETV Bharat / state

হাইলাকান্দিৰ এখন আজৱ বিদ্যালয়

author img

By

Published : Jul 8, 2019, 8:16 PM IST

হাইলাকান্দিৰ এখন আজৱ বিদ্যালয়

ঘৰতে বহিয়েই দৰমহা পাই আহিছে বিদ্যালয়খনৰ 6জনকৈ শিক্ষকে

হাইলাকান্দি,8জুলাইঃহাইলাকান্দিৰ এখন আজৱ বিদ্যালয় ৷ হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিৰ সয়েদবন্দ গাঁৱৰ কাশীনগৰ মধ্য ইংৰাজী বিদ্যালয়ৰ 6জন শিক্ষকে ঘৰত বহিয়েই লাভ কৰি আছে দৰমহা ৷ শিক্ষক অবিহনে বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা তেনেই শূন্য ৷ ৰাইজে বিভিন্ন বাৰ বিভাগত অভিযোগ জনোৱাৰ পিছত যোৱা এবছৰ পূৰ্বে এই কাশীনগৰ মধ্য ইংৰাজী বিদ্যালয়খন সংযুক্ত(Amalgamated) কৰাৰ পিছতো এই পৰ্যন্ত উপস্থিত নহ'ল বিদ্যালয়খনত ৷ ইফালে স্থানীয় ৰাইজে এই কেইজন শিক্ষকক চাকৰিৰ পৰা বহিষ্কৃত কৰাৰ বাবে দাবী তুলিছে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ওচৰত ৷

হাইলাকান্দিৰ এখন আজৱ বিদ্যালয়
Intro:Slug:- হাইলাকান্দিত এখন আজব বিদ্যালয়।

Body:
O/C:-হয় আপুনি ছাত্ৰ ছাত্ৰী অবিহনে শিক্ষকৰ সংখ্যা কম দেখিছে বহু বিদ্যলয়ত কিন্তু আজি আমি দেখুৱাম এখন আজব বিদ্যলয় যি বিদ্যালয়ত শিক্ষক অবিহনে ছাত্ৰ ছাত্ৰীৰ সংখ্যা শূণ্য এনে এখন বিদ্যালয় অবস্থিত আছে হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিৰ সয়েদবন্দ গাঁওত KASHINAGAR ME SCHOOL । দীৰ্ঘ তিনি বছৰ ধৰি এই বিদ্যালয়ত ছাত্ৰ ছাত্ৰী নথকাৰ ভাবে বনাঞ্চলৈ পৰিনত হৈছে বিদ্যালয় চৌয়হদ। স্নানীয় ৰাইজে বিভিন্ন বাৰ বিভাগত অভিযোগ জনোৱাৰ পিছত যোৱা এবছৰ পূৰ্বে এই কাশীলনগৰ এম এই স্কুল সংযুক্ত(Amalgamated) কৰিছিল সয়েদবন্দ এম এই স্কুলৰ লগত কিন্ত সংযুক্ত (Amalgamated)কৰাৰ পিছত ও আজি লৈকে এই ৬ জন শিক্ষক উপস্থিত নহল সয়েদবন্দ এম এই স্কুলত। ঘৰত বহি দৰমহা লাভ কৰিয়াছে এইকেইজন শিক্ষকে। স্থানীয় ৰাইজে এই কেইজন শিক্ষকক চাকৰিৰ পৰা বহিস্কৃত কৰাৰ দাবী জনাইছে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ উচৰত।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.