ETV Bharat / state

হাইলাকান্দিত ATM ডকাইতিৰ মুখ্য অভিযুক্ত গ্ৰেপ্তাৰ

author img

By

Published : Mar 20, 2020, 5:29 PM IST

হাইলাকান্দি আৰক্ষীৰ সাফলতা। আৰক্ষীৰ জালত গ্ৰেপ্তাৰ হাইলাকান্দি ATM ডকাইতি কাণ্ডৰ মাষ্টৰ মাইণ্ড ।

ATM robber Arrested from Hailakandi
হাইলাকান্দিত ATM ডকাইতিৰ মুখ্য অভিযুক্ত গ্ৰেপ্তাৰ

হাইলাকান্দি, 20 মাৰ্চ: হাইলাকান্দি আৰক্ষীৰ বিৰাট সাফল্য ৷ অৱশেষত আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হ’ল হাইলাকান্দি ATM ডকাইতি কাণ্ডৰ মাষ্টৰ মাইণ্ড। কাছাৰ জিলাৰ ধলাইৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অভিযুক্ত আলতাফ হুচেইন লস্কৰক।

হাইলাকান্দি আৰক্ষীৰ সাফলতা

আটকাধীন লস্কৰৰ পৰা লুটি নিয়া 6 লক্ষাধিক টকাৰ লগতে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বৃহৎ পৰিমাণ সোণৰ অলংকাৰ,দুটা এটিএম কাৰ্ড,4 টা ম’বাইল,তিনিটা চোকা অস্ত্ৰ,এখন পাল্ছাৰ বাইক,এখন মাৰুতী বাহন,এখন ৰাইফলৰ সজীৱ গুলী। যোৱা নিশা হাইলাকান্দি আৰক্ষীয়ে কাছাড় জিলাৰ ধলাই সমষ্টিৰ লোকনাথপুৰত চলোৱা অভিযানত গ্ৰেপ্তাৰ কৰা হয় আলতাফ হুচেইনক ।

আলতাফৰ স্বীকাৰোক্তিৰ ভিত্তিতেই এই ঘটনাত জড়িত আন দুই অভিযুক্ত ক্ৰমে কাজল হুচেইন আৰু ৰিয়াজ উদ্দিনক স্থানীয় কাটলিছেড়া বাছ আৱাস স্থানৰ এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। হাইলাকান্দি আৰক্ষী অধীক্ষক প্ৰবিন্দ্ৰ কুমাৰ নাথে জানিব দিয়া মতে এতিয়ালৈকে মুঠ 10 জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে । উল্লেখ্য যে, যোৱা কেইদিনমান আগতে একে নিশা হাইলাকান্দিৰ মুঠ তিনিটা ATMত লুণ্ঠন চলাই দুৰ্বৃত্তই লুটি নিছিল মুঠ 84 লাখৰো অধীক ধন ।

  • লগতে চাওক- ভূমি বিবাদক কেন্দ্ৰ কৰি গোৱালপাৰাত মাৰপিট
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.