ETV Bharat / state

বনভোজকাৰীৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত, আহত 20 গৰাকী

author img

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 9:01 PM IST

Picnic Bus Accident
হাইলাকান্দিত বনভোজকাৰীৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত

Road Accident in Hailakandi: ৰাজ্যত পুনৰ বনভোজকাৰীৰ বাহনৰ দুৰ্ঘটনা ৷ এইবাৰৰ স্থান হাইলাকান্দি ৷ দুৰ্ঘটনাটোৰ ফলত আহত হয় শিশুসহ 20 গৰাকী লোক ৷

হাইলাকান্দিত বনভোজকাৰীৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত

কৰিমগঞ্জ, 16 জানুৱাৰী: ৰাজ্যত পুনৰ সংঘটিত হ’ল বনভোজকাৰীৰ বাহনৰ দুৰ্ঘটনা ৷ এইবাৰ হাইলাকান্দিত দুৰ্ঘটনাত পতিত হয় বনভোজকাৰীক লৈ লোৱা এখন ট্ৰেভেলাৰ গাড়ী ৷ দুৰ্ঘটনাটোৰ ফলত আহত হয় শিশুসহ 20 গৰাকী লোক ৷

মঙলবাৰে হাইলাকান্দিত সংঘটিত দুৰ্ঘটনাটোত আহত অধিকাংশই ছাত্ৰ-ছাত্ৰী ৷ জানিব পৰা মতে হাইলাকান্দিৰ 7 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে তীব্ৰবেগত গৈ আছিল বনভোজকাৰীৰ গাড়ীখন ৷ সেই সময়তে বিপৰীত দিশৰ পৰা অহা এখন এল্ট’ গাড়ীত নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে তীব্ৰবেগী ট্ৰেভেলাৰ গাড়ীখনে ৷ ফলত পথৰ দাঁতিত থকা দ খাৱৈত বাগৰি পৰে বনভোজকাৰীৰ গাড়ীখন ৷

উল্লেখ্য যে হাইলাকান্দি জিলাৰ কটাখাল কালিগড় অঞ্চলৰ পৰা শিক্ষাৰ্থীসকলক বনভোজৰ বাবে লৈ গৈছিল ট্ৰেভেলাৰ গাড়ীখন ৷ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে যুদ্ধকালিনভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে আৰু আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে । পৰৱৰ্তী সময়ত হাইলাকান্দি আৰক্ষীৰ এটা বৃহৎ দল উক্ত স্থানত উপস্থিত হয় ।

ইফালে গুৰুতৰভাৱে আহত ৪ গৰাকী লোকক উন্নত চিকিৎসাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় । দুৰ্ঘটনাগ্ৰস্ত ট্ৰেভেলাৰ গাড়ীখনৰ পঞ্জীয়ন নম্বৰ AS১১ BC২১০২ ৷

উল্লেখ্য যে চলিত বৰ্ষৰ তিনি জানুৱাৰীত গোলাঘাট জিলাত সংঘটিত শোকাবহ পথ দুৰ্ঘটনাই পেলোৱা শোকৰ ছাঁ আজিও অব্যাহত আছে, যি দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল একেখন গাঁৱৰে 11 গৰাকীকৈ লোকে ৷ বনভোজ খাবলৈ যোৱা বাছখনৰ উক্ত ঘটনাৰ পিচতে প্ৰশাসনৰ লগতে সকলোৱে আহ্বান জনাইছিল সুৰক্ষিতভাৱে বনভোজলৈ যোৱাৰ বাবে ৷

গোলাঘাটৰ উক্ত শোকাৱহ দুৰ্ঘটনাৰ পিচতো অব্যাহত আছে বনভোজকাৰী দলৰ গাড়ীৰ দুৰ্ঘটনা ৷ তীব্ৰবেগৰ লগতে, সুৰাপায়ী চালকৰ বাবেই এনেধৰণৰ দুৰ্ঘটনা অধিক সংঘটিত হয় বুলি বিভিন্ন মহলে মন্তব্য কৰিছে ৷

লগতে পঢ়ক: ভোগালীৰ আনন্দৰ মাজতেই দেৰগাঁৱত আকৌ পথ দুৰ্ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.