ETV Bharat / state

বন্যহস্তীৰ ত্ৰাসৰ পৰা পৰিত্ৰাণ বিচাৰি খুমটাইত নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা

author img

By

Published : Nov 4, 2021, 6:53 PM IST

খুমটাইত অব্যাহত আছে বন্যহস্তীৰ আতংক । বন বিভাগৰ ওচৰত আস্থা হেৰুৱাই এতিয়া নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা খুমটাইবাসীৰ ।

Wild elephant causes terror in Golaghat
বন্যহস্তীৰ সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ বিচাৰি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা

গোলাঘাট, 4 নৱেম্বৰ : বন্যহস্তীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ বিচাৰি বৃহস্পতিবাৰে গোলাঘাটৰ জিলাৰ খুমটাইৰ স্থানীয় লোকে নেদেখাজনৰ ওচৰত পূজা অৰ্চনা কৰে । খুমটাইৰ চুঙিহোলাৰ ধনশিৰি নৈৰ পাৰত স্থানীয় লোকে ভোগ দি কৰে পূজা অৰ্চনা । এখন বিশেষ কলৰ ভূৰ সাজি বন্তি জ্বলাই বিভিন্ন নৈবেদ্য, প্ৰসাদ আদি আগবঢ়াই উটুৱাই দিয়ে ধনশিৰিৰ বুকুত ।

বন্যহস্তীৰ সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ বিচাৰি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা

অঞ্চলটোৰ ডেকা-বুঢ়াৰ পৰা আই-মাতৃ সকলোৱে অংশ লৈ বন্যহস্তী নাহিবৰ বাবে কৰে প্ৰাৰ্থনা । উল্লেখযোগ্য যে, পৰম্পৰাগতভাৱে বিগত প্ৰায় ৩০-৩৫ বছৰৰ পৰা দি অহা হৈছে এই ভোগ । মাজতে ২ টা বছৰ এই ভোগ দিয়া বন্ধ হোৱাত বন্যহস্তীয়ে অঞ্চলটোত সন্ত্ৰাস চলোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে । যাৰবাবে বৃহস্পতিবাৰে পুৱা সম্পূৰ্ণ আধ্যাত্মিকতাৰে স্থানীয় লোকে ভোগ দি অঞ্চলটোলৈ বন্যহস্তী অহা বন্ধ হোৱাৰ আস্থা ব্যক্ত কৰে ৷

উল্লেখ্য যে, গোলাঘাট ঢেকিয়ালৰ মলষুগুৰি গাঁৱৰ মাজেৰে পাৰ হৈ যোৱা এটা হাতীৰ জাকৰ আক্ৰমণত মঙলবাৰে কৰুণ মৃত্যুক আকোৱালি লয় এজন বয়োজ্যেষ্ঠ লোকে ৷ পৰিতাপৰ বিষয় যে, বন বিভাগৰ লোকৰ সন্মুখতে লোকজনক অতি কৰুণভাৱে হাতীয়ে আক্ৰমণ কৰাৰ পাছতো এটা গুলিয়ো নুফুটালে বনবিভাগৰ লোকে । যাক লৈ বন বিভাগৰ ভূমিকাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷

লগতে পঢ়ক : গোলাঘাটত হাতী-মানুহৰ সংঘাত; নিহত 1

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.