ETV Bharat / state

সৰুপথাৰত শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি সৌধ নিৰ্মাণৰ আধাৰশিলা

author img

By

Published : Jun 15, 2021, 11:04 PM IST

swahid kushal konwar statue foundation in sarupather
সৰুপথাৰত শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি সৌধ নিৰ্মাণৰ আধাৰশিলা

জাতীয় বীৰ শ্বহীদ কুশল কোঁৱৰৰ স্মৃতিত সৰুপথাৰত সৌধ নিৰ্মাণৰ আধাৰশিলা স্থাপন ৷ ঐতিহাসিক ৰে’ল বগৰোৱা স্থানত শ্বহীদ গৰাকীৰ স্মৃতি সৌধ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে ৷

সৰুপথাৰ, 15 জুন : ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ অন্যতম নেতা, জাতীয় বীৰ শ্বহীদ কুশল কোঁৱৰৰ স্মৃতিত সৰুপথাৰত সৌধ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয় ৷ শ্বহীদ গৰাকীৰ স্মৃতি সৌধ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন ৷

উল্লেখ্য যে , ভাৰতৰ স্বাধীনতা আন্দোলনৰ সেনানী সৰুপথাৰৰ কুশল কোঁৱৰক 1943 চনত 15 জুন দিনটোতে ৰে’ল বগৰোৱাৰ অপৰাধত বৃটিছে ফাঁচি দিছিল । মহাত্মা গান্ধীৰ নেতৃত্বত চলা ভাৰত ত্যাগ আন্দোলনত জপিয়াই পৰিছিল কুশল কোঁৱৰ ।

সৰুপথাৰত শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি সৌধ নিৰ্মাণৰ আধাৰশিলা

ভাৰত ত্যাগ আন্দোলনত সৰুপথাৰৰ শুকান নালা নামৰ ঠাইত বৃটিছ সৈন্য বাহিনী কঢ়িওৱা এখন ট্ৰেইন বগৰাইছিল । এই ট্ৰেইন বগৰোৱাৰ অপৰাধত দোষী সাব্যস্ত কৰি ১৯৪৩ চনৰ ১৫ জুনত বৃটিছ চৰকাৰে যোৰহাট কাৰাগাৰত কুশল কোঁৱৰক ফাঁচি দিছিল ।

সোমবাৰে ঐতিহাসিক ৰে’ল বগৰোৱা স্থানতে শ্বহীদ গৰাকীৰ স্মৃতি সৌধ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে । বিধায়ক গৰাকীৰ এনে পদক্ষেপক লৈ সন্তোষ প্ৰকাশ কৰিছে শ্বহীদ গৰাকীৰ পৰিয়ালৰ লোকে ।

আধাৰশিশা অনুষ্ঠানত উপস্থিত থাকে ধনশিৰি মহকুমাৰ মহকুমাধিপতি, মহকুমা আৰক্ষী বিষয়াৰ লগতে শ্বহীদৰ পৰিয়াল আৰু শুভাকাংক্ষী সকল । আধাৰশিলা অনুষ্ঠানৰ পৰা পোনে পোনে বিধায়ক গৰাকীয়ে শ্বহীদ গৰাকীৰ গৃহলৈ আহি পৰিয়ালৰ বুজ লয় ৷

লগতে পঢ়ক : গুৱাহাটীত বৃহৎ পৰিমাণৰ সোণৰ বিস্কুট জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.