ETV Bharat / state

চিনাতলি গাঁৱত স্বচ্ছ অভিযান কাৰ্যসূচী ৰূপায়ণ

author img

By

Published : Jul 14, 2019, 8:28 PM IST

চিনাতলি গাঁৱত স্বচ্ছ অভিযান কাৰ্যসূচী ৰূপায়ণ

সেউজ আৰু স্বচ্ছ গাওঁ হিচাপে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দ্বাৰা ঘোষিত চিনাতলি গাঁওৰ বৰ্ষপুতি হিচাপে স্বচ্ছ অভিযান কাৰ্যসূচী ৰূপায়ণ

খুমতাই, 14 জুলাই : অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৱাবৰ্ষৰ ১৪ জুলাই তাৰিখে চিনাতলিত উপস্থিত হৈ এখন ৰাজহুৱা সভাত অসম চৰকাৰৰ সেউজ আৰু স্বচ্ছ গাঁও আঁচনিৰ অধীনত চিনাতলি গাঁৱক সেউজ আৰু স্বচ্ছ গাওঁ হিচাপে ঘোষণা কৰাৰ লগতে চিনাতলিৰ মাজ মজিয়াত এজোপা বৰ গছ ৰোপন কৰিছিল । দেওবাৰে এই কাৰ্যসূচীৰ এটা বছৰ সম্পূৰ্ণ হোৱাৰ বাবে দিনযোৰা কাৰ্য্যসূচীৰে এক স্বচ্ছ অভিযান কাৰ্য্যসূচী অনুষ্ঠিত কৰে চিনাতলি গাঁওবাসীয়ে ৷ গাওঁখনৰ এক মাত্ৰ ধৰ্মীয় অনুষ্ঠান চিনাতলি বৰনামঘৰ সমাজ পৰিষদৰ উদ্যোগত ৰাইজৰ সহযোগত প্ৰায় ৪ কি:মিটাৰ দৈৰ্ঘ্য ৰাস্তাত এই কাৰ্য্যসূচী ৰূপায়ণ কৰা হয় ৷ লগতে এই গাওঁখনৰ মূল ৰাস্তাৰ দুয়োকাষে বহু ফল-মূলৰ আৰু বহু মূল্যবান গছপুলি ৰোপন কৰি গাওঁখনৰ সৌন্দৰ্য্য বৰ্ধন কৰি ৰখাৰ উপৰিও প্ৰতি মাহে অঞ্চল সমূহ চাফ-চিকুন কৰি ৰখাৰ ক্ষেত্ৰতটো স্বচ্ছ অভিযান কাৰ্য্যসূচী হাতত লৈ আহিছে ।

চিনাতলি গাঁৱত স্বচ্ছ অভিযান কাৰ্যসূচী ৰূপায়ণ
Intro:আজি দিনযোৰা কাৰ্য্যসুচিৰে ৰে চিনাতলিৰ সমূহ ৰাইজ ,যোৱক,যোৱতী সকলো একত্ৰিত হৈ প্ৰায় ৪কি:মিটাৰ দৈঘ্যৰ পথ চাফ-চিকুণ কৰি এক স্বচ্ছ অভিযানৰ দৰে প্ৰসংশনীয় পদক্ষেপ হাতত লয়।Body:অসমৰ মাননীয় মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনুৱালে যোৱাবৰ্ষত১৪ জুলাই তাৰিখে চিনাতলিত উপষ্ঠিত হৈ এখন ৰাজহুৱা সভাত অসম চৰকাৰৰ সেউজ আৰু স্বচ্ছ গাওঁ আচনীৰ অধিনত চিনাতলি গাৱক সেউজ আৰু স্বচ্ছ গাওঁ হিচাপে ঘোষণা কৰাৰ লগতে চিনাতলিৰ মাজ মজিয়াত এজোপা বৰ গছ ৰুপন কৰিছিল।আজি এটা বছৰ সম্পূৰ্ণ হিচাপে দিনযোৰা কাৰ্য্যসূচীৰে এক স্বচ্ছ অভিযান কাৰ্য্যসূচী অনুষ্ঠিত কৰে গাওঁখনৰ এক মাএ ধৰ্মীয় অনুষ্ঠান চিনাতলি বৰনামঘৰ সমাজ পৰিষদৰ উদ্যোগত ৰাইজৰ সহযোগত প্ৰায় ৪কি:মিটাৰ দৈঘ্যৰ ৰাস্তাত এই কাৰ্য্যসূচী ৰুপায়ন কৰে।এই কায্যক দাতিকাশৰীয়া সমূহ অঞ্চলে একেমূখে শলাগ লয়।ইয়াৰ উপৰিও এই গাওঁখনৰ মূল ৰাস্তাৰ দোয়োকাষে বহু ফল মূলৰ,আৰু বহু মূল্যবান গছপুলী ৰোপন কৰি গাওঁ খন সৌন্দৰ্য্য বৰ্ধন কৰি তুলিছে। গাওঁ খনৰ সমূহ ৰাইজে প্ৰতি মাহে অঞ্চল সমূহ চাফ-চিকোণতাৰ ক্ষেত্ৰত স্বচ্ছ অভিযান কাৰ্য্যসূচী হাতত লৈ আহিছে।চিনাতলিৰ পৰা এক বিশেষ প্ৰতিবেদন।Conclusion:Byte- 1/স্থানীয় উদ্যোক্তা।

খুমটাইৰ পৰা দিপক হাজৰিকা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.