ETV Bharat / state

গোলাঘাটত পানী যোগান আঁচনি পৰিদৰ্শন বিধায়ক ড0 নোমল মমিনৰ

author img

By

Published : May 19, 2020, 4:40 PM IST

মঙলবাৰে গোলাঘাটৰ এৰেঙ্গাপাৰাস্থিত নগৰ পানী যোগান আঁচনি পৰিদৰ্শন বিধায়ক ড0 নোমল মমিনৰ ৷ এটা মটৰ বেয়া হোৱাৰ ফলত গোলাঘাটবাসী ৰাইজে লাভৰ পৰা বঞ্চিত হৈ আছে ৷ খোৱাপানীৰ সমস্যাটো সমাধান কৰিবলৈ ইতিমধ্যে 9 কোটি টকা আবণ্টন কৰিছে চৰকাৰে ৷

গোলাঘাটত পানী যোগান আঁচনি পৰিদৰ্শন বিধায়ক ড0 নোমল মমিনৰ
গোলাঘাটত পানী যোগান আঁচনি পৰিদৰ্শন বিধায়ক ড0 নোমল মমিনৰ

গোলাঘাট, 19 মে’: গোলাঘাটত মঙলবাৰে অসম নগৰ পানী যোগান আঁচনিৰ অধ‍্য‍‌‌‌ক্ষ ড0 নোমল মমিন উপস্থিত হৈ পৰিদৰ্শন কৰে গোলাঘাটৰ এৰেঙ্গাপাৰাস্থিত নগৰ পানী যোগান আঁচনিটো । উল্লেখ্য যে, এটা মটৰ বেয়া হোৱাৰ ফলত গোলাঘাটবাসী ৰাইজে লাভ কৰা নাই খোৱাপানী। এই সকলো সমস্যা সমাধানৰ নিমিত্তে গোলাঘাটত উপস্থিত হয় বিধায়কগৰাকী । পানী যোগান আঁচনিৰ সকলো দিশ পৰ্যবেক্ষণ কৰাৰ পিছতেই কংগ্ৰেছৰ পূৰ্বৰ কাম-কাজক লৈ সৰৱ হৈ উঠে তেওঁ।

গোলাঘাটত পানী যোগান আঁচনি পৰিদৰ্শন বিধায়ক ড0 নোমল মমিনৰ

গোলাঘাট নগৰৰ 13 টা ৱাৰ্ডৰ ভিতৰত কেৱল 4 টা ৱাৰ্ডেহে আঁচনিৰ জৰিয়তে পানী লাভ কৰিছে আৰু বাকী 9 টা ৱাৰ্ডে আজি পৰ্যন্ত খোৱা পানী লাভ কৰা নাই বুলি সদৰী কৰে । খোৱাপানীৰ এই সমস্যাটো অতি শীঘ্ৰেই সমাধান কৰিবলৈ ইতিমধ্যে 9 কোটি টকা আবণ্টিত হোৱা বুলি বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: চেন্নাইত আৱদ্ধ ডিমা হাছাওৰ 53 গৰাকী যুৱক-যুৱতী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.