ETV Bharat / state

চৰকাৰৰ সৈতে আলফাৰ চুক্তি নিৰ্বাচনী ইস্তাহাৰ মাথোঁ : অখিল গগৈ

author img

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 10:41 PM IST

ULFA Peace Accord
আলফা শান্তি চুক্তি

ULFA Peace Accord: আলফা-চৰকাৰৰ শান্তি চুক্তিখনক দুৰ্বল, আত্মসমৰ্পণকাৰী চুক্তি বুলি অভিহিত কৰিছে অখিল গগৈয়ে গগৈয়ে ৷ অহা পাঁচ বছৰত ভাৰত চৰকাৰে কৰিবলগীয়া কামবোৰকে চুক্তিখনত অন্তৰ্ভুক্ত কৰা বুলি মন্তব্য বিধায়কগৰাকীৰ ৷

চৰকাৰৰ সৈতে আলফাৰ চুক্তি সন্দৰ্ভত অখিল গগৈ

কাজিৰঙা, ৩০ ডিচেম্বৰঃ ‘‘ অসমক স্বাধীন কৰাৰ সপোন লৈ আলফা প্ৰতিষ্ঠা কৰা সংগঠনৰ নেতাই ভাৰত চৰকাৰৰ সৈতে এক দুৰ্বল চুক্তিত স্বাক্ষৰ কৰাটো কেৱল দুৰ্ভাগ্যজনকেই নহয়, ই লজ্জাজনকো ৷’’ আলফাৰ সৈতে কেন্দ্ৰীয় চৰকাৰে কৰা বুজাবুজিৰ চুক্তিৰ পাছত আজি এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিধায়ক অখিল গগৈয়ে ৷

কাজিৰঙাত এখন সংবাদমেল অনুষ্ঠিত কৰি বিধায়ক গগৈয়ে কয় যে আলফাৰ শান্তি চুক্তি ‘‘গালোঁ বালোঁ খোলাকটিৰ তাল’’ ৷ এয়া বি জে পিৰ নিৰ্বাচনী ইস্তাহাৰৰ বাদে আন একো নহয় ৷’’ এয়া এক দুৰ্বল তথা আত্মসমৰ্পণকাৰী চুক্তি বুলি অভিহিত কৰি বিধায়ক গগৈয়ে কয়, ‘‘ অহা পাঁচ বছৰত ভাৰত চৰকাৰে কৰিবলগীয়া কামবোৰকে অন্তৰ্ভুক্ত কৰি চুক্তি হিচাবে প্ৰদৰ্শন কৰিছে ৷’’

বিধায়কগৰাকীয়ে লগতে কয় যে এই চুক্তিত আলফাৰ বিশেষ কোনোধৰণৰ মৰ্যাদাসম্পন্ন, অসম আৰু অসমীয়াৰ স্বাভিমান ৰক্ষাকাৰী, ৰাজনৈতিক, সামাজিক অধিকাৰ ৰক্ষাকাৰী চুক্তি নাই৷ যিটো সংগঠনৰ মূল লক্ষ্য আছিল স্বাধীন অসম, সেই সংগঠনৰ নেতাই ভাৰত চৰকাৰক ওচৰত এক দুৰ্বল চুক্তিত স্বাক্ষৰ কৰাটো কেৱল দুৰ্ভাগ্যজনকেই নহয়, ই লজ্জাজনকো ৷’’

গগৈয়ে কয়, ‘‘এটা সময়ত বহু তেজাল যুৱকৰ মৃত্যু হ’ল৷ আলফাই বহুতক হত্যা কৰিলে ৷ তাৰ পাছত এনে এখন চুক্তি গ্ৰহণযোগ্য নহয় ৷’’ চুক্তিখনত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰতো বিশেষ কিবা অন্তৰ্ভুক্ত নহ’ল বুলি উল্লেখ কৰি চাহ বাগিচা সন্দৰ্ভতো চুক্তিত বিশেষ একো নাই বুলি মন্তব্য কৰে গগৈয়ে ৷

মূল সুঁতিলৈ অহা আলফাই বিচৰা সা-সুবিধাবোৰ মানি ল’ব পাৰি বুলি প্ৰকাশ কৰি গগৈয়ে কয়, ভাৰত চৰকাৰে পৰৱৰ্তী সময়ত অসমত ক’ত কি উন্নয়ন কৰিব সেয়াহে যেন চুক্তিখনত গাঁথি দিয়া হৈছে ৷ চুক্তিখনলৈ চালে এনে লাগে যেন মেৰুদণ্ডহীন এদল লোকহে তাহানি আলফা কৰিবলৈ গৈছিল ৷

গগৈয়ে কয়, ‘‘অসমৰ তেল, চূণশিল, কয়লাৰ ওপৰত অসমৰ অধিকাৰ আলফাই চুক্তিৰ জৰিয়তে কাঢ়ি আনিব নোৱাৰিলে ৷’’ চুক্তিখনৰ যোগেদি কোনো বিষয়ত একো কথাই স্পষ্ট নহ’ল বুলি ক্ষোভ প্ৰকাশ কৰি অসমক কেৱল ভোট বেংক হিচাবে ব্যৱহাৰ কৰিব বিচৰা কেন্দ্ৰীয় চৰকাৰৰ এই চুক্তি এখন নিৰ্বাচনী ইস্তাহাৰৰ বাদে আন একো নহয় বুলিও মন্তব্য কৰে অখিল গগৈয়ে ৷

লগতে পঢ়ক: ড৹ হীৰেন গোহাঁইৰ বাওঁপন্থাক অসমৰ ৰাইজে কেতিয়াও গ্ৰহণ কৰা নাই: পবিত্ৰ মাৰ্ঘেৰিটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.