Dangerous Elephant Safari: কাজিৰঙাত ব্যক্তিগত হাতীৰ মাউতৰ অতপালি

author img

By

Published : Nov 21, 2022, 2:25 PM IST

Misbehaviour of mahout at Kaziranga

আপুনি কাজিৰঙাৰ হালধিবাৰী এনিমেল কৰিডৰেৰে পাৰ হওতে সাবধান হওক । যিকোনো মূহুৰ্তত ঘটিব পাৰে অঘটন । কিয়নো একাংশ ব্যক্তিগত হাতীৰ মাউতে নিজ খেয়াল-খুছিমতে বিপদজনকভাৱে কৰি আছে হাতী ছাফাৰী । আৰক্ষী, বনকৰ্মীকো কেৰেপ নকৰে উদণ্ড হাতীৰ মাউতে(Misbehaviour of mahout at Kaziranga) ।

কাজিৰঙা,২১ নৱেম্বৰ: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান(Kaziranga National Park)ত এতিয়া যেন চলিছে মাউতৰ আধিপত্য । আৰক্ষী, বনকৰ্মী তথা সাংবাদিককো দুৰ্ব্যৱহাৰ উদণ্ড মাউতৰ । ব্যক্তিগত হাতীৰ মাউতৰ অতপালিত অতিষ্ঠ সাধাৰণ জনতাৰ ৷ অতি বিপদজনকভাৱে ৰাষ্ট্ৰীয় পথৰ ওপৰতে হাতী ছাফাৰী কৰালে পথচাৰীক ৷ অতপালিৰ সীমা চেৰাই কৰ্তব্যৰত সাংবাদিককো ভাবুকি মাউতৰ ৷ কাজিৰঙাৰ হালধিবাৰী এনিমেল কৰিডৰত সংঘটিত হৈছে এই ঘটনা(Misbehaviour of mahout at Kaziranga) ৷

উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ হাতী ছাফাৰীলৈ অনা একাংশ হাতীৰ মাউতৰ এনে অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি অভিযোগ উত্থাপন হৈ আহিছে ৷ উত্থাপন হোৱা অভিযোগ অনুসৰি ছাফাৰীৰ পাছত হাতীক জিৰণি দিয়াৰ পৰিৱৰ্তে ৰাষ্ট্ৰীয় পথত পথচাৰীৰ পৰা ধন সংগ্ৰহত নামি পৰে একাংশ ব্যক্তিগত হাতীৰ মাউতে ৷ ইয়াৰো এখোপ ওপৰলৈ গৈ ৰাষ্ট্ৰীয় পথতে হাতী ছাফাৰী আৰম্ভ কৰাৰ দৃশ্য বন্দী হ’ল সাংবাদিকৰ কেমেৰাত(Dangerous Elephant Safari) ৷

কাজিৰঙাত ব্যক্তিগত হাতীৰ মাউতৰ অতপালি

কৰ্তব্যৰত সাংবাদিকে কেমেৰাত সেই ভয়ানক দৃশ্য বন্দী কৰাৰ বাবে সাংবাদিকক অশ্লীল গালি-গালাজ পৰাৰ লগতে ভাবুকিও প্ৰদান কৰে মাউতে ৷ ইয়াতে ক্ষান্ত নাথাকি হাতীৰ মাউতে নিজৰ মোবাইল কেমেৰাৰে ভিডিঅ' কৰি ব্লেকমেইল কৰাৰ প্ৰয়াস কৰাও পৰিলক্ষিত হয় । যিকোনো মূহুৰ্তত কোনো দুৰ্ঘটনা হোৱাৰ আশংকা ব্যক্ত কৰাৰ পাছতো হাতীৰ মাউতে ওলোটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

কোনো অঘটনৰ আশংকাত সাংবাদিকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক বিষয়টো অৱগত কৰাত বনকৰ্মীয়ে আটক কৰে মাউতৰ লগতে চাৰিটা হাতীক ৷ লগতে এই অভিযোগসমূহ পূৰ্বৰে পৰা পাই থকাৰ কথাও উল্লেখ কৰে বনকৰ্মীগৰাকীয়ে । কিন্তু সঠিক প্ৰমাণ তথা উপযুক্ত সময়ত আহি নোপোৱাৰ বাবেই বাৰে বাৰে সাৰি যাবলৈ সক্ষম হৈছিল উদণ্ড মাউটকেইটা । আটক কৰা হাতী আৰু মাউতৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহন কৰি উপযুক্ত ব্যৱস্থা গ্ৰহন কৰিব বুলি সাংবাদিকক জানিবলৈ দিয়ে ৷

Drugs seized in Nagaon: নগাঁৱত আৰক্ষী চি আৰ পি এফৰ যুটীয়া অভিযানত আটক দুই ড্ৰাগছ সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.