Merapani boy missing : এটা চিগাৰেটেই কাল হ'ল নেকি মেৰাপানীৰ ৰঞ্জনৰ ?

author img

By

Published : Dec 23, 2022, 5:00 PM IST

Updated : Dec 23, 2022, 6:19 PM IST

Missing case

কামৰ সন্ধানত বেংগালুৰুলৈ যোৱা মেৰাপানীৰ ৰঞ্জন গগৈ বিগত এমাহ ধৰি নিৰুদ্দেশ হৈ আছে (Merapani boy missing from Bengaluru)। ৰাজহুৱা স্থানত চিগাৰেট সেৱন কৰাৰ অপৰাধত বেংগালুৰুৰ ৰে'ল আৰক্ষীয়ে আটক কৰিছিল ৰঞ্জনক । ৰে'ল আৰক্ষী থানাৰ পৰা পলায়ন কৰিছিল যুৱকজনে । তেতিয়াৰে পৰা কোনো সন্ধান নাই যুৱকজনৰ ।

এটা চিগাৰেটে কাল হ'ল নেকি মেৰাপানীৰ ৰঞ্জনৰ ?

গোলাঘাট,২৩ ডিচেম্বৰ : পুনৰ বহিঃৰাজ্যত সন্ধানহীন হৈছে অসমৰ যুৱক । বেংগালুৰুলৈ যোৱা যুৱকজন প্ৰায় এমাহ ধৰি নিৰুদ্দেশ হৈ আছে (Merapani boy missing from Bengaluru)। যুৱকজন গোলাঘাট জিলাৰ মেৰাপানীৰ ৰঞ্জন গগৈ । যুৱকজনৰ সন্ধান নোলোৱাত উদ্বিগ্ন হৈ পৰিছে পৰিয়ালৰ লোক । আৰক্ষীৰ পৰাও কোনো সঁহাৰি পোৱা নাই দুৰ্ভগীয়া পৰিয়ালটোৱে ।

জানিব পৰা মতে কৰ্ম সংস্থাপনৰ সন্ধানত প্ৰায় এমাহ পূৰ্বে বেংগালুৰুলৈ গৈছিল মেৰাপানীৰ ২ নং চৰাইমাৰীৰ ২০ বছৰীয়া যুৱক ৰঞ্জন গগৈ । পৰিয়ালৰ লোকে জনোৱা মতে ৰঞ্জনে ২৫ নৱেম্বৰত ঘৰৰ পৰা বেংগালুৰুলৈ গৈছিল । তাত চাকৰিত যোগদানো কৰিছিল ৰঞ্জনে । কিন্তু হঠাৎ ৩০ নৱেম্বৰত ৰঞ্জনে মাকলৈ ফোন কৰি ঘৰলৈ অহাৰ কথা জনাইছিল ।

নিজ ঘৰলৈ বুলি ৰে'লযোগে আহিবলৈ কৰ্ণাটকৰ কৃষ্ণাৰাজাপুৰম ৰে'ল ষ্টেচনত উপস্থিত হৈছিল ৰঞ্জন । পৰিয়ালৰ লোকে জনোৱা মতে তেতিয়াৰে পৰা কোনো সন্ধান নাই ৰঞ্জনৰ (Merapani boy is missing for last 1 month)। আনহাতে পুত্ৰৰ নিৰুদ্দেশৰ খবৰ ফোনযোগে তেওঁৰ বন্ধুৱে পৰিয়ালটোক জনাইছিল । ৰে'ল আৰক্ষীয়েও পৰিয়ালটোক যোগাযোগ কৰিছে আৰু জনাইছে যে ৰঞ্জনে ৰে'ল ষ্টেচনত চিগাৰেট সেৱন কৰি আছিল ।

ৰাজহুৱা স্থানত চিগাৰেট সেৱন কৰাৰ অপৰাধত ৰে'লৱে আৰক্ষীয়ে ৰঞ্জনক আটক কৰি জৰিমনা বিচৰাৰ লগতে তেওঁৰ ম'বাইল ফোনটো জব্দ কৰিছিল । আৰক্ষীয়ে জনোৱা মতে তাৰ পাছতে ৰঞ্জনে ৰে'লৱে আৰক্ষী থানাৰ পৰা ম'বাইল ফোন এৰি পলায়ন কৰে । এই ঘটনাৰ পাছৰে পৰা ৰঞ্জনৰ কোনো তথ্য লাভ কৰা নাই পৰিয়ালে (Assam boy missing from Krishnarajapuram station)।

উক্ত ঘটনা সন্দৰ্ভত কৰ্ণাটকৰ ৰে'ল আৰক্ষীয়ে যুৱকজনৰ ম'বাইলযোগে পৰিয়ালৰ লোকক যোগাযোগ কৰি ঘটনাৰ সৱিশেষ জনোৱাৰ লগতে জৰিমনা আদায় দি ম'বাইল ফোনটো লৈ যাবলৈও কৈছে । কিন্তু যুৱকজনৰ সম্পৰ্কত আৰক্ষীয়ে একো নাজানে বুলি অৱগত কৰিছে । তেন্তে ৰঞ্জন ক'ত গ'ল ?

বিগত প্ৰায় এমাহ ধৰি পুত্ৰৰ কোনো খবৰ নোপোৱাত এতিয়া শোকত ভাগি পৰিছে পৰিয়ালটো । ইতিমধ্যে ৰঞ্জনৰ পিতৃয়ে ৰে'লৱে আৰক্ষীৰ লগতে মেৰাপানী আৰক্ষীৰ কাষ চাপিছে যদিও আৰক্ষীৰ পৰা কোনো সঁহাৰি লাভ কৰা নাই (Missing case of Merapani Golaghat)। এই ক্ষেত্ৰত অসম চৰকাৰৰক ৰঞ্জনৰ সন্ধান উলিওৱাত সহায় কৰাৰ বাবে দুৰ্ভগীয়া পৰিয়ালটোৱে সংবাদমাধ্যমৰ জৰিয়তে আহ্বান জনাইছে ।

ৰঞ্জনৰ তথ্য লাভ কৰিলে সমীপৰ আৰক্ষী থানা অথবা ৮৪৫৩৪১৪৫১৪ আৰু ৬০০২৪৮৫৮৬২ ফোন নম্বৰত যোগাযোগ কৰিবলৈও আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে । সমগ্ৰ ঘটনাক লৈ এতিয়া মেৰাপানী অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :Pranam Commission Penalty: নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেক জৰিমনা প্ৰণাম আয়োগৰ

Last Updated :Dec 23, 2022, 6:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.