ETV Bharat / state

Operation against corruption: ঘোচখোৰ লোহিতক মাৰাথন জেৰা দুৰ্নীতি নিবাৰক শাখাৰ

author img

By

Published : Aug 11, 2022, 7:42 PM IST

Lohit questioned by the Anti Corruption Branch
লোহিতক মাৰাথন জেৰা দুৰ্নীতি নিবাৰক শাখাৰ

এইবাৰ বোকাখাত মহকুমাৰ আৱকাৰী বিভাগৰ কৰ্মচাৰী পৰিল দুৰ্নীতি নিবাৰক শাখাৰ জালত (Excise Department Assistant caught red handed)৷ বোকাখাত মহকুমাধিপতি কাৰ্যালয়ত বৃহস্পতিবাৰে দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই লোহিত ফুকন নামৰ এগৰাকী বিষয়াক গ্ৰেপ্তাৰ কৰে(Operation against corruption)৷ ইয়াৰ পিছতে দুৰ্নীতি নিবাৰক শাখাৰ কাৰ্যালয়ত মাৰাথন জেৰা চলে ঘোচখোৰ বিষয়াজনৰ ওপৰত ৷

বোকাখাত, 11 আগষ্ট: ৰাজ্যজুৰি দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লৈছে দুৰ্নীতি নিবাৰক শাখাই (Assam police against corruption)৷ এইবাৰ বোকাখাত মহকুমাৰ আৱকাৰী বিভাগৰ কৰ্মচাৰী পৰিল দুৰ্নীতি নিবাৰক শাখাৰ জালত (Excise Department Assistant caught red handed)৷ বোকাখাত মহকুমাধিপতি কাৰ্যালয়ত বৃহস্পতিবাৰে দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই লোহিত ফুকন নামৰ এগৰাকী বিষয়াক গ্ৰেপ্তাৰ কৰে(Operation against corruption)৷

লোহিতক মাৰাথন জেৰা দুৰ্নীতি নিবাৰক শাখাৰ

বোকাখাতৰ বিলাতী সুৰাৰ ব্যৱসায়ী নিলোৎপল ৰাজখোৱাৰ পৰা বিভাগীয় নথি-পত্ৰৰ কাম কৰাৰ বিনিময়ত 10 হাজাৰ টকা বিছাৰিছিল ফুকনে ৷ যদিও অৱশেষত দৰ-দাম কৰি ব্যৱসায়ীজনে 4 হাজাৰ টকা দিম বুলি কোৱাত মঞ্জুৰ হৈছিল বিষয়াজন ৷ বৃহস্পতিবাৰে ব্যৱসায়ীজনৰ পৰা 4 হাজাৰ টকা লোৱাৰ সময়তে হাতেলোটে ধৰা পৰে আৱকাৰী বিষয়া লোহিত ফুকন ৷

ৰাজ্য চৰকাৰে দুৰ্নীতিমুক্ত অসম গঢ়াৰ সময়তে কিছু অসাধু চৰকাৰী বিষয়া কৰ্মচাৰীয়ে কামৰ বিনিময়ত এনেদৰে সাধাৰণ জনতাৰ পৰা উৎকোচ লোৱাৰ দৰে নীচ কাৰ্যত লিপ্ত হৈ থকাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ ইয়াৰ পিছতে দুৰ্নীতি নিবাৰক শাখাৰ কাৰ্যালয়ত মাৰাথন জেৰা চলে ঘোচখোৰ বিষয়াজনৰ বিৰুদ্ধে ৷

শেহতীয়াকৈ অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে (Special DGP GP Singh) সামাজিক মাধ্যমত প্ৰকাশ কৰে যে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা বিগত 10 দিনত 7 জন বিষয়া-কৰ্মচাৰী উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে (7 officers caught in anti corruption branch in 10 days) । ইয়াৰে ভিতৰত 3 জন চৰকাৰী বিষয়া উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছে ৷

আনহাতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে জনায় যে কোনোবা চৰকাৰী বিষয়াই উৎকোচ লওঁ বুলি ক’লে আপোনালোকে সময়টো ঠিক কৰি আহিব ৷ পৰৱৰ্তী পৰ্যায়ৰ ব্যৱস্থা আমি ল’ম ৷

লগতে পঢ়ক: Operation against corruption: ঘোচ লৈ হাতে-লোটে ধৰা পৰিল আবকাৰী বিভাগৰ সহায়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.