ETV Bharat / state

গোলাঘাটত CAA বাতিলৰ দাবীৰে কৃষক মুক্তিৰ প্ৰতিবাদ

author img

By

Published : Dec 12, 2020, 6:35 PM IST

গোলাঘাটৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ভিন্ন চৰকাৰ বিৰোধী শ্ল'গান প্ৰদান কৰি, CAA ৰ বিৰোধিতা আৰু অখিল গগৈৰ মুক্তিৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷

কৃষক মুক্তিৰ প্ৰতিবাদ
কৃষক মুক্তিৰ প্ৰতিবাদ

গোলাঘাট, 12 ডিচেম্বৰ : গোলাঘাটত CAA বাতিলৰ লগতে অখিল গগৈক মুক্তি প্ৰদান কৰাৰ দাবীৰে প্ৰতিবাদত বহিল কৃষক মুক্তি সংগ্ৰাম সমিতি ৷ শনিবাৰে গোলাঘাটৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ভিন্ন চৰকাৰ বিৰোধী শ্ল'গান প্ৰদান কৰি CAA ৰ বিৰোধিতা কৰে প্ৰতিবাদকাৰী সকলে ৷ অতি শীঘ্ৰেই CAA বাতিল কৰাৰ লগতে চৰকাৰে যদি কৃষক নেতা অখিল গগৈক মুক্তি নিদিয়ে তেন্তে আগন্তুক দিনত সংগঠনটোৱে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ৷

গোলাঘাটত CAA বাতিলৰ দাবীৰে কৃষক মুক্তিৰ প্ৰতিবাদ
গোলাঘাটত CAA বাতিলৰ দাবীৰে কৃষক মুক্তিৰ প্ৰতিবাদ

লগতে পঢ়ক: CAA বাতিলৰ দাবীত মৰিগাঁৱত আছুৰ কলা দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.