ETV Bharat / state

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 40শতাংশ পানীৰ তলত

author img

By

Published : Aug 1, 2019, 7:27 PM IST

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত 60 % কমিছে পানী;মৃত্যু 204 টা বন্যপ্ৰাণী

ইফালে বানৰ কাৰণে 127 টা পহু, গড় 19 টা, হাতী 1 টা, বনৰীয়া মহ 4 টা, বন গাহৰি 20 টাকে ধৰি মুঠ 178 টা জীৱ জন্তুয়ে প্ৰাণ ত্যাগ কৰিছে ৷ চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে 5 টা পহু ,এটা হাতীকে ধৰি মুঠ 57 টা বন্যপ্ৰাণীৰ । তদুপৰি বৰ্তমানেও 4 টা গড় চিকিৎসাধীন অৱস্থাত আছে ।

গোলাঘাট,1আগষ্টঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও বৰ্তমানেও 40 শতাংশ অঞ্চল পানীৰ তলত ৷ বানপানীৰ ফলত ওখ স্থান আৰু কাৰ্বি পাহাৰ লৈ ঢাপলি মেলা বিভিন্ন বন্যপ্ৰাণী পুনৰ ৰাষ্ট্ৰীয় উদ্যান খনলৈ ঘূৰি আহিছে বুলি কাজিৰঙা বন বিভাগে জানিবলৈ দিছে । উল্লেখ্য যে কাজিৰঙা বন বিভাগে 31 জুলাই লৈকে দিয়া তথ্য অনুসৰি ব্ৰহ্মপুত্ৰৰ প্ৰলয়ংকাৰী বানৰ ফলত ওখ স্থানলৈ ঢপলিওৱাৰ ফলত মুঠ 17 টা বন্যপ্ৰাণীৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত গাড়ীৰ খুন্দাত মৃত্যু হৈছে । ইয়াৰ উপৰিও পানীত ডুবি 127 টা পহু, গড় 19 টা, হাতী 1 টা, বনৰীয়া মহ 4 টা, বন গাহৰি 20 টাকে ধৰি মুঠ 178 টা বন্যপ্ৰাণীৰ মৃত্যু হৈছে ।

etv bharat
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত 60 % কমিছে পানী;মৃত্যু 204 টা বন্যপ্ৰাণী

আনহাতে বানত উটি অহা নতুবা ওখ স্থান বিচাৰি ঢপলিওৱা 70 টা বন্যপ্ৰাণীক উদ্ধাৰ কৰিছিল বন বিভাগৰ লগতে স্থানীয় লোকে । চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছিল 5 টা পহু আৰু চিকিৎসাধীন অৱস্থাত এটা হাতীকে ধৰি 57 টা বন্যপ্ৰাণীৰ । বৰ্তমান 4 টা গড় চিকিৎসাধীন অৱস্থাত আছে ।

Intro:Body:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান 40শতাংশ বান পানী এতিয়া আছে। বানপানীৰ ফলত ওখ স্থান আৰু কাৰ্বি পাহাৰ লৈ ঢাপলি মেলা বিভিন্ন বন্যপ্ৰাণী পুনৰ ৰাষ্ট্ৰীয় উদ্যান খনলৈ ঘূৰি আহিল বুলি কাজিৰঙা বন বিভাগে জানিবলৈ দিছে। কাজিৰঙা বন বিভাগে 31জুলাই লৈকে দিয়া তথ্য অনুসৰি ব্ৰহ্মপুত্ৰৰ প্ৰলংকাৰী বানৰ ফলত ওখ স্থানলৈ ঢপলিওৱাৰ ফলত মুঠ 17টা বন্যপ্ৰাণীৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত গাড়ীৰ খুন্দাত মৃত্যু হৈছে। ইয়াৰ উপৰিও পানীত ডুবি 127 টা পহু, গড় 19 টা, হাতী 1 টা, বনৰীয়া মহ 4টা, বন গাহৰি 20টাকে ধৰি মুঠ 178 টা বন্যপ্ৰাণীৰ মৃত্যু হৈছে। বানত উটি অহা নতুবা ওখ স্থান বিচাৰি ঢপলিওৱা 70 টা বন্যপ্ৰাণীক উদ্ধাৰ কৰিছিল বন বিভাগৰ লগতে স্থানীয় লোকে। চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছিল 5টা পহু আৰু চিকিৎসাধীন অৱস্থাত এটা হাতীকে ধৰি 57 টা বন্যপ্ৰাণীৰ মৃত্যু হৈছিল। বৰ্তমান 4টা গড় চিকিৎসাধীন অৱস্থাত আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 6টা ৰেঞ্জৰ 199টা বন শিবিৰৰ ভিতৰত বৰ্তমান বানপানীৰ কবলত 7 টা বন শিৱিৰ বৰ্তমানেও আছে। বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত 60 শতাংশয়ে বানপানী শুকাইছে।Conclusion:বি: দ্ৰ: -- সবিশেষ তথ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বন বিভাগ কতৃপক্ষয়ে ৩১ জুলাই বিয়লি প্ৰকাশ কৰা তথ্যত সম্পূৰ্ণ আছে। PDF ফাইলটো পঠিয়াই ছো।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.