ETV Bharat / state

৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত গাড়ীৰ খুন্দাত আহত গঁড়

author img

By

Published : Aug 12, 2021, 9:12 PM IST

Injured a rhino
৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত গাড়ীৰ খুন্দাত আহত গঁড়

৩৭নং ৰাষ্ট্ৰীয় ঘাই পথত অঘটন ৷ তীব্ৰবেগী বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত এটা গঁড় ৷ আহত গঁড়টো উদ্ধাৰ কৰি বন বিভাগ আৰু আৰক্ষীয়ে চিকিৎসা আৰম্ভ কৰিছে ৷

বোকাখাত, 12 আগষ্ট : কাজিৰঙাৰ মাজেৰে যোৱা ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথত অঘটন ৷ বৃহস্পতিবাৰে এখন তীব্ৰবেগী বাহনৰ খুন্দাত আহত হৈছে এটা গঁড় ৷ আৰক্ষী প্ৰশাসন আৰু বন বিভাগে সদৰি কৰা অনুসৰি, খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহিছিল আহত গঁড়টো ৷

আৰক্ষীয়ে অৱগত কৰা অনুসৰি, উদ্যানখনৰ বনাঞ্চলৰ পৰা ওলাই অহা এটা গঁড় ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি কাৰ্বি পাহাৰৰ ফালে গৈছিল ৷ কাৰ্বি পাহাৰৰ পৰা পুনৰ ৰাষ্ট্ৰীয় উদ্যানখনখনলৈ ওভতাৰ পথতে হালধিবাৰী থানৰ সমীপত AS 12 BC 8964 নম্বৰৰ TATA DI মেস্ক পিকাপ গাড়ীখনে খুন্দা মাৰে গঁড়টোক । গাড়ীৰ খুন্দাত গুৰুতৰভাৱে আহত হয় গঁড়টো ৷

Injured a rhino
৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত গাড়ীৰ খুন্দাত আহত গঁড়

মনকৰিবলগীয়া যে, আহত গঁড়টো বহু সময় ধৰি ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত পৰি থাকে ।

পৰৱৰ্তী সময়ত আৰক্ষী তথা বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে গঁড়োটক ৷ ইতিমধ্যে আহত গঁড়টোক বোকাখাত আৰক্ষী প্ৰশাসন আৰু বন বিভাগে চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিছে ৷ আনহাতে, আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন ৷

৩৭নং ৰাষ্ট্ৰীয় ঘাই পথত অঘটন

উল্লেখ্য যে, খাদ্যৰ সন্ধানত কাজৰিঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বহু সময়ত জীৱ-জন্তুৰ সমূহ দক্ষিণে থকা কাৰ্বি পাহাৰলৈ যোৱা পৰিলক্ষিত হয় । প্ৰতি বছৰে বানৰ সময়তো বহু কাজিৰঙাৰ জীৱ গাড়ীৰ খুন্দাত নিহত হয় । চলিত বৰ্ষত বোকাখাত আৰু কলিয়াবৰ মহকুমা প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰিছে উদ্যানখনৰ সমগ্ৰ অঞ্চলটোত ৷

অঞ্চলটোত গাড়ীৰ গতিবেগ প্ৰতি ঘন্টাত 40 কি.মি. বান্ধি দিয়া হৈছিল ৷ কিন্তু ইয়াৰ পাচতো কিছু বাহনে প্ৰশাসনৰ নিৰ্দেশ অমান্য কৰা পৰিলক্ষিত হৈছে । এই ঘটনাই প্ৰকৃতিপ্ৰেমীৰ মাজতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক: লাভলীনালৈ অসম আৰক্ষীৰ ডি এছ পি পদ উপহাৰ চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.