ETV Bharat / state

গোলাঘাটত বন্যহস্তীৰ সন্ত্ৰাসঃ গাড়ীসহ স্কুটী ধংস

author img

By

Published : Feb 10, 2020, 1:11 PM IST

নিশা হ'লেই বন্যহস্তীৰ আতংকত দিন নিয়াইছে গোলাঘাটৰ মুৰফুলনী অঞ্চলৰ বাসিন্দাই ৷ বন্যহস্তীৰ উপদ্ৰৱত দিশাহাৰা হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷ ঘটনা সন্দৰ্ভত বন বিভাগক খবৰ দিয়াৰ পিচতো বন বিভাগ উপস্থিত নোহোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

গোলাঘাটত বন্যহস্তীৰ সন্ত্ৰাসঃ গাড়ীসহ স্কুটী ধংস
গোলাঘাটত বন্যহস্তীৰ সন্ত্ৰাসঃ গাড়ীসহ স্কুটী ধংস

গোলাঘাট,10 ফোব্ৰুৱাৰীঃ গোলাঘাটত অব্যাহত আছে হাতী মানুহৰ সংঘাত। গোলাঘাটৰ মুৰফুলনী অঞ্চলত বন্য হস্তীৰ উপদ্ৰৱত দিশহাৰা ৰাইজ ৷ বন্যহস্তীয়ে কেইবাটাও বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে সন্ত্ৰাসৰ সৃষ্টি কৰিছে অঞ্চলটোত । হাতীৰ জাকৰ পৰা ফাটি অহা এটা বন্য হস্তীয়ে ভাঙি লণ্ডভণ্ড কৰে ডিম্বেশ্বৰ বৰা নামৰ লোকজনৰ ঘৰৰ এখন গাড়ী,এখন স্কুটি আৰু ভঁৰাল ঘৰ।

গোলাঘাটত বন্যহস্তীৰ সন্ত্ৰাসত দিশহাৰা গঞা

উল্লেখ্য যে, গোলাঘাটত বন্যহস্তীৰ সন্ত্ৰাস নতুন কথা নহয়, দীর্ঘদিন ধৰি অঞ্চলটোত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ। দেওবাৰে নিশা হাতীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়ালটোৰ। ইফালে বহুদিন ধৰি অঞ্চলটোত হাতীয়ে উপদ্ৰৱ চলাই অহাৰ কথা বন বিভাগক খবৰ দিয়া পাচতো উপস্থিত নাই হোৱা বন বিভাগৰ লোক। বন বিভাগৰ ওপৰত ক্ষোভ উজাৰে ৰাইজে ৷ ধাৰাবাহিকভাৱে সন্ত্ৰাস চলাই আহিছে গোলাঘাটৰ বিভিন্ন অঞ্চলত ৷

লগতে চাওকঃগুৱাহাটীত সপ্তমবাৰৰ বাবে সমকামী সকলৰ শোভাযাত্ৰা

Intro:গোলাঘাটত অব্যাহত আছে হাতী মানুহৰ সংঘাত । গোলাঘাটৰ মুৰফুলনী অঞ্চলত বন্য হস্তীৰ উপদ্ৰৱ । কেইবাটাও বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে বন্যহস্তীয়ে ।হাতীৰ জাকৰ পৰা ফাটি অহা এটা বন্য হস্তীয়ে ভাঙি লণ্ডভণ্ডকৰে ডিম্বেশ্বৰ বৰা নামৰ এজন লোকৰ ঘৰৰ এখন এখন গাড়ী,এখন স্কুতি আৰু ভঁৰাল ঘৰ । দীর্ঘদিনে অঞ্চলটোত অব্যাহত আছে হাতীৰ উপদ্ৰৱ । হাতীৰ আক্ৰমণৰ পৰা কথমপী প্ৰাণ ৰক্ষা পৰিয়ালটোৰ । ইফালে বহুদিন ধৰি অঞ্চলটোত হাতীয়ে উপদ্ৰৱ চলাই আহিছে ।বন্যযহস্তীৰ বিষয়ে বন বিভাগক খবৰ দিয়া পাচতো উপস্থিত ন'হল বন বিভাগ । বন বিভাগৰ ওপৰত ক্ষোভ উজাৰে ৰাইজে Body:Byte 1 : গৃহস্থConclusion:গোলাঘাট পৰা চামিম আলি, etvbharat , অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.