ETV Bharat / state

অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে গোলাঘাট জিলা বন বিভাগৰ অভিযান

author img

By

Published : Jul 13, 2019, 1:28 PM IST

অবৈধ কাঠ ফলা মিলৰ বিৰুদ্ধে গোলাঘাট জিলা বন বিভাগৰ গোপন অভিযান ৷ অভিযান চলায় বন বিভাগে ৬টা কাঠ ফলা মিল উচ্ছেদ কৰাৰ লগতে জব্দ কৰে কাঠ ফলা বহু সা-সৰঞ্জাম ৷

গোলাঘাট জিলা বন বিভাগৰ অভিযান

গোলাঘাট, 13 জুলাই : অবৈধ কাঠ ফলা মিলৰ বিৰুদ্ধে গোলাঘাট জিলা বন বিভাগৰ গোপন অভিযান ৷ অভিযান চলায় বন বিভাগে ৬টা কাঠ ফলা মিল উচ্ছেদ কৰাৰ লগতে জব্দ কৰে কাঠ ফলা বহু সা-সৰঞ্জাম ৷ বৰপথাৰ খণ্ড বন বিষয়া কাৰ্যালয়ৰ অধীনৰ গেলাবিল,নাহৰবাৰী,চকলি মিৰি গাঁও,পাভজান আদি গাঁওত অভিযান চলাই এই সামগ্ৰীসমূহ লৈ যায় গোলাঘাট জিলা সংমণ্ডলৰ কাৰ্যালয়লৈ |

গোলাঘাট জিলা বন বিভাগৰ অভিযান

উল্লেখ্য যে, বিগত বহু সময়ত বৰপথাৰৰ ভিন্ন ঠাইত অবৈধ ভাৱে কাঠ ফলা কাৰ্য সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন হৈ অহাত গোলাঘাট বন বিভাগে চলায় এই অভিযান ৷ বন বিভাগে অভিযান চলোৱা কাঠ মিলৰ বাহিৰেই অন্য কেইবাটি মিল ৰহস্যজনক ভাৱে উচ্ছেদৰ পৰা বন বিভাগৰ লোক সকল বিৰত থকাৰ অভিযোগ উত্থাপন হৈছে |

Intro:গোলাঘাট জিলা বন বিভাগে ধনশিৰি মহকুমাৰ বিভিন্ন ঠাইত হঠাত্ অবৈধ কাঠ ফলা মিলৰ বিৰুদ্ধে এক অভিযান চলাই ৬টা কাঠ ফলা মিল উচ্ছেদ কৰে আৰু সা সৰঞ্জাম সমূহ জব্দ কৰে | Body:বৰপথাৰ খণ্ড বন বিষয়া কাৰ্যালয়ৰ অধীনৰ গেলাবিল,নাহৰবাৰী,চকলি মিৰি গাঁও,পাভজান আদি গাঁওত অভিযান চলাই ৬টা অবৈধ কাঠ ফলা মিলসমূহ উচ্ছেদ চলাই আৰু জব্দ কৰা কাঠ ফলা যন্ত্ৰপাতি,সা সামগ্ৰীসমূহ গোলাঘাট জিলা সংমণ্ডলৰ কাৰ্যালয়লৈ লৈ যায় | বিগত সময়চোৱাত বৰপথাৰৰ বিভিন্ন ঠাইত অবৈধ ভাৱে কাঠ ফালি থকাৰ অভযোগ পোৱাত বন বিভাগে গোলাঘাট সংমণ্ডলৰ সহকাৰী বন সংৰক্ষক ৰাজীৱ হাজৰিকা,বনাঞ্চলিক বিষয়া পুষ্প বৰগোঁহাই আৰু বনাঞ্চলিক বিষয়া(প্ৰটেকচন) ৰাজীৱ ফুকনৰ নেতৃত্বত অহা দলটোৱে বৰপথাৰ অঞ্চলৰ ক্ৰমে তোষেশ্বৰ শইকীয়া,ৰূপম গোঁহাই,থানেশ্বৰ শইকীয়া,পুনা বৰা,হলি চহ আৰু মহৰি দাপাকৰ বাৰীত থকা অবৈধ কাঠফলা মিল সমূহ উচ্ছেদ চলাই ।


বন বিভাগে অভিযান চলোৱা কাঠ মিলৰ বাহিৰেই অন্য কেইবাটিল মিল ৰহস্যজনক ভাৱে উচ্ছেদৰ পৰা বন বিভাগৰ লোক সকল বিৰত থকাৰ অভিযোগ উঠিছে | তদুপৰি খণ্ড বন বিষয়া ৰাজীৱ কাকতিয়ে মাহেকীয়া হিচাপত ধন সংগ্ৰহ কৰি আহিছিল অবৈধ কাঠ ফলা মিল সমূহৰ পৰা সেই অভিযোগ আনিলে মিলৰ মালিক সকলে..Conclusion:Byte ---Ranger
Byte ---Beat Officer (Rajib Kakati)

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.