Hath Se Hath Jodo Yatra: বিজেপি চৰকাৰক তীব্ৰ সমালোচনা গৌৰৱ গগৈ আৰু মীৰা বৰঠাকুৰৰ

author img

By

Published : Jan 23, 2023, 10:44 PM IST

Hath Se Hath Jodo Yatra

গোলাঘাটত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা গৌৰৱ গগৈ আৰু মীৰা বৰঠাকুৰৰ ৷ এইবাৰ কংগ্ৰেছে আৰম্ভ কৰিব ‘হাতছে হাত জোড়ো’ যাত্ৰা ৷ এই যাত্ৰাৰ পূৰ্বে গোলাঘাটত কংগ্ৰেছ কৰ্মীসকলৰ সৈতে আলোচনাত মিলিত হয় দুয়োগৰাকী কংগ্ৰেছ নেতা ৷

বিজেপি চৰকাৰক তীব্ৰ সমালোচনা গৌৰৱ গগৈ আৰু মীৰা বৰঠাকুৰৰ

গোলাঘাট, 23 জানুৱাৰী: গোলাঘাটত কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ আৰু কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ ৷ কংগ্ৰেছ দলৰ ভাৰত জোড় যাত্ৰাৰ পাছত এইবাৰ আৰম্ভ হ’ব কংগ্ৰেছৰ দ্বিতীয় পর্যায়ত ‘হাতছে হাত জোড়ো যাত্ৰা’(Hath Se Hath Jodo Yatra) ৷ এই যাত্ৰাৰ সবিশেষ ৰাইজ তথা কংগ্ৰেছৰ কর্মীসকলক অৱগত কৰাৰ বাবে গোলাঘাট উপস্থিত হয় সাংসদ গৌৰৱ গগৈ আৰু মীৰা বৰঠাকুৰ ৷ উল্লেখ্য যে, কংগ্ৰেছৰ এই যাত্ৰাত বিশেষ ভাৱে গুৰুত্ব দিয়া হ’ব মহিলাসকলক ৷

গোলাঘাটত সাংসদ গৌৰৱ গগৈয়ে (MP Gaurav Gogoi) বর্তমানৰ বিজেপি চৰকাৰ তথা অসমৰ মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰি কয়, ‘‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ উত্থানত শংকিত হৈছে ৷ বাঘ হাজৰিকাক চিনি নাপায়, শ্বাহৰুখ খানক চিনি নাপায় । শ্বাহৰুখ খানে যদি তেওঁক ফোন কৰিছে, সেইয়া মাত্ৰ এখন চিনেমা হল ৰক্ষা কৰিবলৈহে । অন্য কাৰণত নহয় । ইয়াৰ উপৰিও গোলাঘাট বিজেপিত নহয়, সমগ্ৰ অসমৰ বিজেপিত সংঘাত আৰম্ভ হৈছে আৰু সেইয়া গৈ দিল্লী পাইছেগৈ । গতিকে বিজেপিৰ অন্তঃকন্দল এতিয়া চৰম পৰ্যায় পাইছেগৈ’’ (Gaurav Gogoi slams Himanta Biswa Sarma) ।

অজন্তা নেওগৰ বিৰুদ্ধে গোলাঘাটত আৰম্ভ হোৱা বিদ্ৰোহক লৈও মন্তব্য আগবঢ়ায় সাংসদ গৌৰৱ গগৈয়ে ৷ আলফা সন্দৰ্ভত সাংসদগৰাকীয়ে কয় যে, আলফাৰ সৈতে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতো বহু আলোচনা হৈছিল । মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে‍ 15 বছৰে সকলোৰে সৈতে শান্তিৰে অসম চলাইছিল । সাংসদগৰাকীয়ে‍ ব্যক্তিগতভাৱেও আলফা আলোচনাৰ মজিয়ালৈ অহাটো বিচাৰে বুলি উল্লেখ কৰে ‍।

আনহাতে কংগ্ৰেছনেত্ৰী মীৰা বৰঠাকুৰে (Mira Borthakur) মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাক সমালোচনা কৰি কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কিছু জিৰণীৰ প্ৰয়োজন আছে । ইতিহাস নজনা, আবোল-তাবোল বকিবলৈ আৰম্ভ কৰা ইত্যাদিবোৰ জিৰণি নোলোৱাৰ কাৰণে হৈছে । গতিকে, তেওঁক অলপ জিৰণিৰ প্ৰয়োজন । বিজেপিত এতিয়া এসময়ত কংগ্ৰেছত অশান্তি কৰা মানুহবোৰ আছেগৈ আৰু বর্তমান বি‍জেপি দলত অশান্তিৰ সৃষ্টি কৰিছে‍ । গতিকে, এনে অশান্তি আৰু অন্তঃকন্দলে লাহে লাহে‍ বিজেপিক ধ্বংস কৰিছে‍ ।

লগেত কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয়, ‘‘মুখ্যমন্ত্ৰীয়ে‍ KLO ক ঠগিলে, জীৱন সিংহক ঠগিলে । গতিকে, তেওঁৰ ওপৰত ভৰষা কৰি একো লাভ নাই । তেওঁ সৰ্বেসৰ্বা নহয় । পৰেশ বৰুৱাই অসমৰ ৰাইজৰ উন্নতিৰ হকে কাম কৰক । সশস্ত্ৰ সংগ্ৰামৰ কথা নক‌ওঁ, কিন্তু হিন্দু-মুছলমানৰ মাজত কাজিয়া লগোৱা মানুহৰ বিৰুদ্ধে পৰেশ বৰুৱা থিয় হ‌ওক, অসম ধ্বংস কৰিবলৈ বিচৰা মানুহৰ বিৰুদ্ধে থিয় হ‌ওক’’ ৷

লগতে পঢ়ক: APLA Ready to Surrender: শান্তিৰ সংজ্ঞা বিচাৰি অস্ত্ৰ ত্যাগৰ প্ৰস্তুতি নিষিদ্ধ ঘোষিত সংগঠন আপলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.