Eviction drive in Golaghat: প্ৰশাসনৰ বুলড’জাৰত আশ্ৰয়হীনা হ’ল ৰাজ্যৰ ১২ টাকৈ পৰিয়াল

author img

By

Published : Jan 20, 2023, 2:17 PM IST

Eviction operation in Golaghat

এইবাৰ গোলাঘাটত চলিল প্রশাসনৰ বুলড’জাৰ (Eviction drive in Golaghat)। প্ৰশাসনৰ বুলড’জাৰত নিথৰুৱা হ’ল ১২ টাকৈ পৰিয়াল ৷

গোলাঘাটত চলিল প্রশাসনৰ বুলড’জাৰ

গোলাঘাট, 20 জানুৱাৰী : ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ এইবাৰ গোলাঘাটত চলিল প্রশাসনৰ উচ্ছেদ ((Eviction drive in Golaghat) । গোলাঘাট নগৰত প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান ।

ধনশিৰি নৈৰ পাৰত ভূমি দখল কৰা ১২ টাকৈ পৰিয়ালক শুকুৰবাৰৰ দিনটোত প্ৰশাসনে চলাই উচ্ছেদ । গোলাঘাট নগৰৰ ২ নং কুমাৰপট্টিত প্ৰশাসনে উচ্ছেদৰ বাবে চলায় বুলড’জাৰ । আৰক্ষী-চি আৰ পি এফ বাহিনীৰ উপস্থিতিত গোলাঘাট ৰাজহ চক্ৰ বিষয়া পাপৰি দাসৰ নেতৃত্বত চলে এই উচ্ছেদ অভিযান ।

উচ্ছেদ অভিযান সম্পৰ্কত ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে যে, গোলাঘাট নগৰৰ ২ নং কুমাৰপট্টিত লোকসকলে অবৈধভাৱে বসবাস কৰি আহিছিল । এই সন্দৰ্ভত এসপ্তাহ পূৰ্বে জাননী প্ৰেৰণ কৰাৰ পাছতো প্ৰশাসনৰ প্ৰতি কোনোধৰণৰ সঁহাৰি নিদিয়াত আজি প্ৰশাসনে উচ্ছেদ চলাবলৈ বাধ্য হয় বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে । উচ্ছেদিত লোকসকল স্থানীয় তথা গোলাঘাটৰ নহয় বুলি জানিবলৈ দিয়াৰ লগতে ভাড়াতীয়া হিচাপে থাকি এইদৰে চৰকাৰী ভূমি দখল কৰি বসবাস কৰাৰ কথা উল্লেখ কৰে ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে । আজি উচ্ছেদ কৰা লোকসকলৰ মাজত বিহাৰৰ দুটা পৰিয়াল থকা বুলি উল্লেখ কৰাৰ লগতে বিভিন্ন স্থানৰ পৰা আহি অবৈধভাৱে ধনশিৰি নৈৰ পাৰত বসবাস কৰি আহিছে বুলি বিষয়াগৰাকীয়ে উল্লেখ কৰে ।

আনফালে মূৰৰ ঘাম মাটিত পেলাই সাজি উলিওৱা সপোনৰ, মৰমৰ ঘৰখন নিমিষতে ভাঙি পেলোৱা কাণ্ডক সহজভাৱে ল’ব পৰা নাই ধনশিৰি নৈৰ পাৰৰ ১২ টাকৈ পৰিয়ালে ৷ চকুৰ আগতে সপোনৰ ঘৰখন তচনচ হৈ পৰা দেখি শোকত ভাগি পৰিছে এইসকল পৰিয়াল ৷ আনকি তেওঁলোকে কোনো কোনো লোকৰ পৰা এই ভূমি ক্ৰয় কৰি ঘৰ সাজি বসবাস কৰাৰ কথা সংবাদ মাধ্যমৰ আগত সদৰি কৰে ৷

আনকি উচ্ছেদিত লোকসকলে নিজৰ মাটিখিনিৰ বিপৰীতে যাৱতীয় নথি-পত্ৰও আছে বুলি জানিবলৈ দিয়ে সংবাদ মাধ্যমৰ আগত ৷ তদুপৰি বিত্ত মন্ত্ৰী অজন্তা নেওগে ধনশিৰি নৈৰ পাৰৰ লোকসকলক নিৰ্ভয়ে বসবাস কৰিবলৈ আশ্বাস প্ৰদান কৰাৰ কথাও সংবাদ মাধ্যমৰ আগত সদৰি কৰে ৷ প্ৰশাসন আৰু সৰ্বসাধাৰণৰ সম্পূৰ্ণ বিপৰীত ভাষ্যই সমগ্ৰ উচ্ছেদৰ বিষয়টোকে সম্প্ৰতি অধিক ৰহস্যাবৃত কৰি পেলাইছে ৷

লগতে পঢ়ক : Library use falling sharply: ক্ৰমাৎ হ্ৰাস পাইছে নেকি পঢ়ুৱৈৰ সংখ্যা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.