Library use falling sharply: ক্ৰমাৎ হ্ৰাস পাইছে নেকি পঢ়ুৱৈৰ সংখ্যা ?

author img

By

Published : Jan 20, 2023, 1:48 PM IST

Updated : Jan 20, 2023, 2:29 PM IST

Readers decreasing in District library jorhat

পুথিভঁৰালৰ জনপ্ৰিয়তা তথা গুৰুত্বতা দিনক দিনে হ্ৰাস পোৱা পৰিলক্ষিত হৈছে ৷ ইয়াৰ প্ৰধানতঃ কাৰণ দিনক দিনে পঢ়ুৱৈৰ সংখ্যা কমি আহিছে ৷ যোৰহাট জিলা পুথিভঁৰালতো দেখিবলৈ পোৱা গৈছে একেই পৰিৱেশ (Readers in Jorhat library is decreasing)৷

যোৰহাট পুথিভঁৰালত নাই পঢ়ুৱৈ

যোৰহাট, 20 জানুৱাৰী : পুথিভঁৰাল হৈছে জ্ঞান আহৰণৰ এক অন্যতম ভাণ্ডাৰ । কিন্তু সম্প্ৰতি পুথিভঁৰালৰ জনপ্ৰিয়তা তথা গুৰুত্বতা দিনক দিনে হ্ৰাস পোৱা দেখিবলৈ পোৱা গৈছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানসমূহৰ দৰে শিক্ষা নগৰী যোৰহাটটো দেখিবলৈ পোৱা গৈছে একেখন ছবি ৷

যোৰহাট জিলা পুথিভঁৰালত হ্ৰাস পোৱা পৰিলক্ষিত হৈছে পঢ়ুৱৈৰ সংখ্যা (District library Jorhat) ৷ অৱশ্যে স্থানীয় ৰাইজে জিলাখনৰ পুথিভঁৰাল সমূহত পঢ়ুৱৈৰ সংখ্যা হ্ৰাস পোৱা বিষয়টোৰ সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগে লগে পঢ়ুৱৈৰ সংখ্যা হ্ৰায় পোৱা সন্দৰ্ভতো মতামত আগবঢ়াইছে ৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি এই হ্ৰাসৰ বাবে মুখ্যতঃ দায়ী পুথিভঁৰালৰ একাংশ কৰ্মচাৰী (Library use falling sharply in Jorhat) ৷

Readers decreasing in District library jorhat
যোৰহাট পুথিভঁৰালত নাই পঢ়ুৱৈ

পুথিভঁৰালৰ একাংশ কৰ্মচাৰীৰ দায়িত্বজ্ঞানহীনতাৰ বাবে পুথিভঁৰালত পঢ়ুৱৈৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে বুলি উল্লেখ কৰে স্থানীয় সচেতন ৰাইজে । পুথিভঁৰালটোত যি কেইখন প্ৰয়োজনীয় দৈনিক বাতৰি কাকত থাকিব লাগে ,সেই কেইখন দৈনিক বাতৰি কাকতো আজিৰ তাৰিখত পুথিভঁৰালত উপলব্ধ নাই বুলি আক্ষেপ সহকাৰে উল্লেখ কৰে সচেতন নাগৰিকসকলে । কাৰণ সময় মতে বাতৰি কাকত যোগান ধৰা এজেন্টক টকা পৰিশোধ নকৰাৰ বাবে কাকত যোগান ধৰাসকলে যোৰহাট জিলা পুথিভঁৰাললৈ অনিদিষ্ট কালৰ বাবে বাতৰি কাকত যোগান বন্ধ কৰি দিয়ে । ইফালে যোৰহাট জিলা পুথিভঁৰালত দ্ৰুত গতিত পঢ়ুৱৈৰ সংখ্যা হ্ৰাস পোৱাটো এক চিন্তনীয় বিষয় হৈ পৰিছে সচেতন মহলৰ মাজত ।

পুথিভঁৰাল কৰ্তৃপক্ষই পুথিভঁৰাল সন্দৰ্ভত সজাগতা কাৰ্যসূচী গ্ৰহণ নকৰাৰ বাবেও যোৰহাট জিলা পুথিভঁৰালত পঢ়ুৱৈৰ সংখ্যা কমিছে বুলি প্ৰকাশ কৰে । পুথিভঁৰাল কৰ্তৃপক্ষই কিতাপ পঢ়া আন্দোলন তথা পুথিভঁৰালত গৈ কিদৰে যুৱক-যুৱতীসকলে গ্ৰন্থ অধ্যয়ন কৰিব পাৰে তাৰ বাবে সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰাৰ পোষকতা কৰে ৷ কিন্তু আজিকোপতি তেনে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই পুথিভঁৰাল কৰ্তৃপক্ষই । কাৰণ আজিৰ সময়চোৱাত যুৱ প্ৰজন্মই পুথিভঁৰালত গৈ কিদৰে পুথিভঁৰালৰ কাৰ্ড সংগ্ৰহ বা প্ৰ -পত্ৰ পূৰণ কৰিব লাগে সেই সমূহ বিষয়ত যুৱ প্ৰজন্ম জ্ঞাত নহয় ।

এনেধৰণৰ সজাগতা কাৰ্যসূচী আৰু বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ বাবে যোৰহাট জিলা পুথিভঁৰালত পঢ়ুৱৈৰ সংখ্যা ক্ৰমান্বয়ে নিম্নগামী হৈ পৰিছে । আনহাতে, পুথিভঁৰাল কৰ্তৃপক্ষৰ আচৰণো অন্য এটা কাৰক বুলি কয় সচেতন মহলে । পুথিভঁৰাল কৰ্তৃপক্ষই গ্ৰন্থ পঢ়ুৱৈসকলৰ প্ৰতি প্ৰদৰ্শন কৰা ব্যৱহাৰৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে সচেতন মহলে ।

উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন পুথিভঁৰালৰ সমান্তৰালভাৱে যোৰহাট পুথিভঁৰালত অস্বাভাৱিক হাৰত গ্ৰন্থ পঢ়ুৱৈৰ সংখ্যা হ্ৰাস পোৱাত উদ্ধেগ প্ৰকাশ কৰিছে সচেতন মহলে । শৈক্ষিক ৰাজধানী হিচাপে পৰিচিত যোৰহাটত এনেদৰে পুথিভঁৰাল কৰ্তৃপক্ষৰ দায়িত্বজ্ঞানহীনতাৰ বাবে গ্ৰন্থ পঢ়ুৱৈৰ সংখ্যা হ্ৰাস পোৱাৰ আঁৰৰ ৰহস্য উদঘাটন কৰি জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব ।

লগতে পঢ়ক : Wife seeks divorce in Aligharh : স্বামীৰ শিক্ষাগত অৰ্হতা কম হোৱাৰ বাবেই পত্নীয়ে বিচাৰিলে বিচ্ছেদ

Last Updated :Jan 20, 2023, 2:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.