ETV Bharat / state

উৰিয়ামঘাটত "Dust pollution" : ব্যতিব্যস্ত জনজীৱন

author img

By

Published : Nov 15, 2021, 10:12 AM IST

উৰিয়ামঘাটত ভয়ংকৰভাৱে ধূলি প্ৰদূষণ বৃদ্ধি হোৱাৰ ফলত উৰিয়ামঘাট চেম্বাৰ্চ অৱ কমাৰ্চ (Chambers Of Commerce) আৰু উৰিয়ামঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাই পথ অৱৰোধ আৰু ব্যৱসায় প্ৰতিষ্ঠান বন্ধ আদি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ।

dust-polution-at-uriumghat
উৰিয়ামঘাটত "Dust pollution" : ব্যতিব্যস্ত জনজীৱন

সৰুপথাৰ, 15 নৱেম্বৰ : গোলাঘাট জিলাৰ উৰিয়ামঘাটত ভয়ংকৰভাৱে বৃদ্ধি পাইছে ধূলি প্ৰদূষণ (Dust Pollution)। পথৰ ধূলিয়ে বিপৰ্যস্ত কৰিছে উৰিয়ামঘাটৰ লোকসকলৰ স্বাভাৱিক জন-জীৱন । ইফালে ধূলিৰ প্ৰকোপত অতিষ্ঠ হৈ উৰিয়ামঘাট চেম্বাৰ্চ অৱ কমাৰ্চে (Chambers Of Commerce) বিগত তিনিদিন ধৰি দোকান-পোহাৰ বন্ধ ৰাখি সাব্যস্ত কৰিছে প্ৰতিবাদ। লগতে এই প্ৰচণ্ড ধূলি প্ৰদূষণ নিয়ন্ত্ৰণৰ দাবীত সীমান্তবাসী ৰাইজে পথ অৱৰোধৰ কাৰ্যসূচী গ্ৰহণ কৰিছে ৷

dust-polution-at-uriumghat
উৰিয়ামঘাটত "Dust pollution" : ব্যতিব্যস্ত জনজীৱন

উল্লেখ্য যে, উৰিয়ামঘাটৰ পৰা অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল সংযোগী পথৰ দূৰাৱস্থাৰ লগতে দৈনিক শিল কঢ়িওৱা শ শ ডাম্পাৰ চলাচল কৰাৰ ফলত ধূলিময় হৈ পৰিছে সমগ্ৰ উৰিয়ামঘাট অঞ্চল । ফলত উৰিয়ামঘাট বজাৰৰ মাজমজিয়াত অৱস্থিত ব্যৱসায়িক প্ৰতিস্থানসমূহ ধূলিৰে প্ৰায় পুতি পেলোৱাৰ উপক্ৰম হৈছে ৷ ইয়াৰোপৰি ধূলিৰ বাবে ব্যৱসায়ীসকল ব্যাপক লোকচানৰ সন্মুখীনো হ'ব লগা হৈছে ।

এই ধূলি প্ৰদূষণে পথচাৰীসকলৰ তথা সৰ্বসাধাৰণ ৰাইজৰ স্বাস্থ্য আৰু জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে । ইতিমধ্যে ধনশিৰি মহকুমা প্ৰশাসনক এই সন্দৰ্ভত বহুবাৰ অৱগত কৰা হৈছে যদিও বৰ্তমানলৈকে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ।

সেয়ে উৰিয়ামঘাট চেম্বাৰ্চ অৱ কমাৰ্চ আৰু উৰিয়ামঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাই পথ অৱৰোধ আৰু ব্যৱসায় প্ৰতিষ্ঠান বন্ধ আদি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে । ইতিমধ্যে স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন (Biswajit Phukan)ৰ নিৰ্দেশত ৰাইজক সাময়িকভাৱে সকাহ দিবৰ বাবে শনিবাৰে বিয়লি পথটোত টেংকাৰেৰে পানী চটিওৱাৰ ব্যৱস্থা কৰা হৈছে ।

লগতে পঢ়ক: দিছপুৰ বিপদত : বছৰি দুহেজাৰ কোটিকৈ হ্ৰাস পাইছে ৰাজহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.